আহিছিলা নি: শব্দ ফুল হৈ
সুবাশিত পৰশৰ বাবে হৃদয়ত দিলোঁ স্থান।
বুজাইছিলা বহু কথা,পাইছিলো নতুনত্বৰ বাৰ্তা।
তুমিয়ে নাছিলোঁ জানো প্ৰেমৰ যাত্ৰী।
নাছিলা জানো প্ৰণয় পজা ঘৰৰ নতুন আলহী?
এতিয়া কেৱল কবিতাৰ শাৰী,
ভাল লগা গীতৰ সুৰ;
বাধ্য কৰালা লিখিবলৈ দিনলিপি।
শব্দই আঘাত পায় ঘুৰি অহাৰ দৰে প্ৰতিধ্বনি হৈ ৰ'লা অচিনাকী ফুকন হৈ।
তোমাৰ মনত পৰেনে কেতিয়াবা....ঐ ছোৱালী ক'ৰ পৰা আহিলা?
বিহুত তোমালোকৰ ঘৰ মই যামনে নাযাম কোৱা? নে মই মাতো বুলি বেয়া পোৱা?
কি কৰোঁ কোৱা ;নামাতি থাকিব নোৱাৰোঁ মই ল'ৰাই এনেকুৱা!
মনত পৰে অ তোমাৰ নষ্টালিজিক কথা।
মনত পৰে তোমাৰ খঙাল ভাষা।
আজি তুমি হীন দৃষ্টিৰে;
অথচ ভাবিয়ে ভাল লাগে তোমাৰ কথা।
জানা.....তোমাৰ অনুষ্ঠিতিত মই আবেগিক নহয়।
কিয় জানা।
দিছিলা তুমি জীৱন বহু বাৰ্তা।
আজি তুমি নহ'লেও দুখ কৰা নাই।
আদৰ আছিলা,সদায়ে থাকিব।
কাৰণ আমি দুয়ো কৃষ্ণ-ৰাধা।
📝জয়া বড়ি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ