এটা প্ৰেমৰ পদ্য

©Admin
0


        

যিদিনা হেৰাই যাম

সেইদিনা বুজিবানে কোৱা নীলামনি,
মোৰ প্ৰত্যেকটো বাক্যৰ
মিঁচিকীয়া হাঁহিৰ মৰম ৷

তোমালৈ অপেক্ষাৰত,
কেঁচা টোপনিৰ ভিৰৰ মাজত
উপবাসে পাৰ কৰা প্ৰতিটো ক্ষণতে দেখিছোঁ অতীতবোৰৰ ভৱিষ্যৎ ৷

চিত্ৰবন শুৱনি,
গালদুখন শুৱনি,
শুৱনি তোমাৰ স্তোক-শ্যাম দেহৰ বৰণ ৷

কল্পনাৰো এটা সীমা থাকে,
অপেক্ষাৰো সময়ত ওজন বাঢ়ে ,
তুমি দি যোৱা সময়ৰ সীমাত,
উৎকণ্ঠাৰ সুৰ বাজে মোৰ শুকান প্ৰাণত ৷
তোমাৰ আদালতত তুমি দিয়া সময়সীমাত মোকেই দোষী বুলি দোষাৰোপ কৰে...

ৰৈ আছোঁ,ৰৈ থাকিম,
তোমাৰ ভালপোৱা হৈ,
চিৰযুগ,চিৰকালে
তোমাৰে আপোন হৈ ৷

নীলামনি, মদন পিছলি পৰি  কামাগ্নিৰ ধূম্ৰ আৱেগত জী থকা উপবাসী তপস্বী মই ৷
পুনৰ তোমাৰ প্ৰেমৰ পৰশত সৌন্দৰ্য্যৰ সঁফুৰা বাগৰি ত্ৰিভুৱন নকৰো চঞ্চল ৷

নাপাবা কদাচিত আৰু মোৰ ঠিকনা ,
তোমাৰ প্ৰতি এয়াই মোৰ শেষ প্ৰকাশিত বেদনা,
কুশলে থাকিবা মাথোঁ,
নিবিচাৰিবা মোৰ ঠিকনা ৷


📝দিব্যজ্যোতি ৰাজখোৱা                               দেৰগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)