জীৱনৰ সাধু-০৯

Rinku Rajowar
0
আগকথা- উক্ত ঘটনাটোৰ মূল কাহিনী হিন্দীৰ এটা চেনেলৰ যোগেদি অপৰাধনামাত প্ৰকাশ হৈছিল৷ মই সকলোৰে বাবে গাৰ নোম সিঁহৰি উঠা এই ঘটনাটো অসমীয়া মাতৃভাষাত নতুনকৈ সকলোৰে বাবে গল্প আকাৰে  প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধাহে কৰিছো মাথোঁন ৷ মূল কাহিনীৰ মাজত নিজৰ আনুষংগিক সৃষ্টিৰো সমাবেশ ঘটোৱা হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ ই এক সত্য ঘটনা, চৰিত্ৰসমূহৰ নামসমূহ  সলনি কৰা হৈছে মাথোঁন ৷
••••••••••••••••••••••••••••••••••••
     অংকুৰ নিৱিৰৰ স্বীকাৰোক্তিৰ আলমত আৰক্ষীয়ে আজমল খান আৰু ডাঃ জয়প্ৰকাশক আটক কৰে ৷ দুয়োয়ে নিজৰ ভুলৰ স্বীকাৰোক্তি প্ৰদান কৰে ৷ ডাঃ জয়প্ৰকাশে অৱৈধভাৱে চন'গ্ৰাফী কৰি লিংগ নিৰ্ধাৰণ আৰু চৰকাৰী গৰ্ভনিৰোধক ঔষধ পাতিল নাৰ্চিংহোমত যোগান ধৰি আহিছিল আৰু আজমল খানে এনেধৰণৰ গৰ্ভৱতী নাৰীৰ পৰিয়ালৰ কোনো লোকক প্ৰলোভন দি পাতিল নাৰ্চিংহোমলৈ লৈ আহিছিল ৷ তাৰোপৰি ডাঃ জয়প্ৰকাশৰ স্বীকাৰোক্তিয়ে সেই সময়ৰ ৰাজনৈতক ক্ষেত্ৰখনো তুলপাৰ লগাই দিছিল ৷ মহাৰাষ্ট্ৰৰ এজন সাংসদৰ তদাৰকতেই আজি দহবছৰ ধৰি এই নাৰ্চিংহোম চলি আছিল ৷ ডাঃ পাতিলৰ বাবে এক বৃহৎ শক্তি আছিল সাংসদজন ৷ সাংসদ জনৰ অবৈধ দেহ ব্যৱসায় জড়িত হৈ আছিল পাতিল নাৰ্চিংহোমৰ লগত ৷ আজমল খানৰ জড়িয়তে কেৰেলা,গুজৰাট,দিল্লী,উৰিষ্যাত পলাতক অৱস্থাত থকা নাৰ্চিংহোমৰ ১২ গৰাকী নাৰ্চ আৰু ৭ জন সহকৰ্মীক আৰক্ষীয়ে আটক কৰে ৷ পুনেত পলাতক অৱস্থাত থকা কাউনটাৰ ল'ৰাজনক আটক কৰা হয় ৷ এই কাউনটাৰ ল'ৰাজনৰ জড়িয়তে অবৈধভাৱে নিষ্কাসন কৰা গৰ্ভ পেলোৱা এটা ডাঙৰ পুৰণি কোঁৱা আৰক্ষীয়ে বিচাৰি উলিয়াই য'ত কমেও ছয়বছৰৰ পৰা সঞ্চিত পাঁচহাজাৰৰো অধিক গৰ্ভ আৰক্ষীয়ে লাভ কৰে ৷ মহাৰাষ্ট্ৰৰ সাংসদজনক আৰক্ষীয়ে আটক কৰে আৰু সাংসদজনৰ স্বীকাৰোক্তিৰ অধীনত ডাঃ পাতিল, প্ৰকৃতাৰ্থত ডাক্টৰ নহয় বুলি আৰু পাতিল নাৰ্চিংহোমৰ চৰকাৰী স্বীকৃতিপত্ৰ নাই বুলি প্ৰমাণিত হয় ৷ এই ভুৱা নাম লৈ ডাক্টৰী কাম কৰিবলৈ তেওঁৱে সহযোগ কৰিছিল যাৰ দ্বাৰা প্ৰাপ্ত ধনৰ এক বৃহৎ অংশ তেওঁ পাইছিল ৷ এই অবৈধ কামবোৰৰ লগত জড়িত প্ৰায় চল্লিশ জনৰো অধিক ব্যক্তিক আৰক্ষীয়ে বিভিন্ন কায়দাৰে বিভিন্ন ঠাইৰ পৰা আটক কৰে ৷
     কিন্তু এতিয়াওঁ পলাতক অৱস্থাত আছিল ডাঃ পাতিল ৷ সমগ্ৰ মহাৰাষ্ট্ৰৰ লগতে ভাৰততো ডাঃ পাতিলক *জীৱনৰ সাধু*
        ধাৰাবাহিক গল্প
 *_নৱম খণ্ড(অন্তিম খণ্ড)_*
        - দিব্যজ্যোতি ৰাজখোৱা
                    দেৰগাওঁ
••••••••••••••••••••••••••••••••••
আগকথা- উক্ত ঘটনাটোৰ মূল কাহিনী হিন্দৰ এটা চেনেলৰ যোগেদি অপৰাধনামাত প্ৰকাশ হৈছিল৷ মই সকলোৰে বাবে গাৰ নোম সিঁহৰি উঠা এই ঘটনাটো অসমীয়া মাতৃভাষাত নতুনকৈ সকলোৰে বাবে গল্প আকাৰে  প্ৰকাশ আৰু প্ৰচাৰৰ সুবিধাহে কৰিছো মাথোঁন ৷ মূল কাহিনীৰ মাজত নিজৰ আনুষংগিক সৃষ্টিৰো সমাবেশ ঘটোৱা হৈছে৷ মহাৰাষ্ট্ৰ ৰাজ্যৰ ই এক সত্য ঘটনা, চৰিত্ৰসমূহৰ নামসমূহ  সলনি কৰা হৈছে মাথোঁন ৷
••••••••••••••••••••••••••••••••••••
     অংকুৰ নিৱিৰৰ স্বীকাৰোক্তিৰ আলমত আৰক্ষীয়ে আজমল খান আৰু ডাঃ জয়প্ৰকাশক আটক কৰে ৷ দুয়োয়ে নিজৰ ভুলৰ স্বীকাৰোক্তি প্ৰদান কৰে ৷ ডাঃ জয়প্ৰকাশে অৱৈধভাৱে চন'গ্ৰাফী কৰি লিংগ নিৰ্ধাৰণ আৰু চৰকাৰী গৰ্ভনিৰোধক ঔষধ পাতিল নাৰ্চিংহোমত যোগান ধৰি আহিছিল আৰু আজমল খানে এনেধৰণৰ গৰ্ভৱতী নাৰীৰ পৰিয়ালৰ কোনো লোকক প্ৰলোভন দি পাতিল নাৰ্চিংহোমলৈ লৈ আহিছিল ৷ তাৰোপৰি ডাঃ জয়প্ৰকাশৰ স্বীকাৰোক্তিয়ে সেই সময়ৰ ৰাজনৈতক ক্ষেত্ৰখনো তুলপাৰ লগাই দিছিল ৷ মহাৰাষ্ট্ৰৰ এজন সাংসদৰ তদাৰকতেই আজি দহবছৰ ধৰি এই নাৰ্চিংহোম চলি আছিল ৷ ডাঃ পাতিলৰ বাবে এক বৃহৎ শক্তি আছিল সাংসদজন ৷ সাংসদ জনৰ অবৈধ দেহ ব্যৱসায় জড়িত হৈ আছিল পাতিল নাৰ্চিংহোমৰ লগত ৷ আজমল খানৰ জড়িয়তে কেৰেলা,গুজৰাট,দিল্লী,উৰিষ্যাত পলাতক অৱস্থাত থকা নাৰ্চিংহোমৰ ১২ গৰাকী নাৰ্চ আৰু ৭ জন সহকৰ্মীক আৰক্ষীয়ে আটক কৰে ৷ পুনেত পলাতক অৱস্থাত থকা কাউনটাৰৰ ল'ৰাজনক আটক কৰা হয় ৷ এই কাউনটাৰ ল'ৰাজনৰ জড়িয়তে অবৈধভাৱে নিষ্কাসন কৰা গৰ্ভ পেলোৱা এটা ডাঙৰ পুৰণি কোঁৱা আৰক্ষীয়ে বিচাৰি উলিয়াই য'ত কমেও ছয়বছৰৰ পৰা সঞ্চিত পাঁচহাজাৰৰো অধিক গৰ্ভ আৰক্ষীয়ে লাভ কৰে ৷ মহাৰাষ্ট্ৰৰ সাংসদজনক আৰক্ষীয়ে আটক কৰে আৰু সাংসদজনৰ স্বীকাৰোক্তিৰ অধীনত ডাঃ পাতিল, প্ৰকৃতাৰ্থত ডাক্টৰ নহয় বুলি আৰু পাতিল নাৰ্চিংহোমৰ চৰকাৰী স্বীকৃতিপত্ৰ নাই বুলি এই কথা প্ৰমাণিত হয় ৷ এই ভুৱা নাম লৈ ডাক্টৰী কাম কৰিবলৈ তেওঁৱে সহযোগ কৰিছিল যাৰ দ্বাৰা প্ৰাপ্ত ধনৰ এক বৃহৎ অংশ তেওঁ পাইছিল ৷ এই অবৈধ কামবোৰৰ লগত জড়িত প্ৰায় চল্লিশ জনৰো অধিক ব্যক্তিক আৰক্ষীয়ে বিভিন্ন কায়দাৰে বিভিন্ন ঠাইৰ পৰা আটক কৰে ৷
     কিন্তু এতিয়াওঁ পলাতক অৱস্থাত আছিল ডাঃ পাতিল ৷ সমগ্ৰ মহাৰাষ্ট্ৰৰ লগতে ভাৰততো ডাঃ পাতিলক অতিশীঘ্ৰে আটক কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ,সমদল আৰু সামুহিক বন্ধ ঘোষণা কৰিছিল ৷ ইফালে তেজস্বিনীৰ মৃতদেহৰ পৰা দুৰ্গোন্ধ ওলাবলৈ লৈছিল ৷ ছটা দিন পাৰ হৈ গৈছিল ৷ মহাৰাষ্ট্ৰৰ নাগৰিকে সেই SI আৰু হবিলদাৰৰ বিৰুদ্ধেও বিভিন্ন শ্ল'গান গাইছিল ৷ যদি আৰক্ষীয়ে ডাঃ পাতিলক আটক কৰিব নোৱাৰে তেন্তে  চিবিআইৰ তদন্তলৈ নিব লাগে বুলিও প্ৰতিবাদ হৈছিল ৷  সমগ্ৰ মহাৰাষ্ট্ৰৰ সামৰিক অৱস্থা সংকটাপন্ন হৈ পৰিছিল ৷ সকলো নিউজ চেনেল,বাতৰি কাকতত বৰ্তমানলৈকে আটক কৰা সকলো ব্যক্তিৰ ছবি ছপা হৈ গৈছিল ৷ অৱশেষত সেই ক্ষণ আহিল ...

▪▪▪▪▪▪▪▪▪▪▪▪▪

   নাৱত তুলি এটা শ সিপাৰলৈ নিলে ৷
   দিনবোৰ গ'ল...
   নাৱত তুলি এটা শ সিপাৰলৈ নিলে ৷
   ৰাতিবোৰ গ'ল...
   নাৱত তুলি আন এটা শ সিপাৰলৈ নিলে ৷
   দিন আৰু ৰাতিবোৰ সমানে গ'ল...
   নাৱত তুলি এটা শ পুনৰ সিপাৰলৈ নিলে ৷
   বুঢ়া শিমলুজোপাৰ কাষতেই ডাঙৰ ঘাটতো ৷ চাৰিটা শ পাৰ হৈ যায়, শ বোৰে খেকাৰগিলা মানুহজনীক মা মা বুলি চিঞৰি যায় ৷ শবোৰ একালত যখিনী হবলৈ ধৰে ...  চাৰিজনীকৈ "শ" পেলাই দিয়াৰ পিছত এজন নাকজোঙা সন্তান হয়,তাক শ কৰি সিপাৰলৈ নিনিয়ে খেকাৰগিলা মানুহজনীয়ে, তাক শ হবলৈ নিদিয়ে ৷ মৰমতে বুকুত উমলাই থয় ৷ সেইজনীয়ে আছিল তেজস্বিনীৰ শাহু আৰু নাকজোঙাজনেই অংকুৰ হয় ৷ 
▪▪▪▪▪▪▪▪▪▪
    - " আমি স্বীকাৰোক্তি প্ৰদান কৰিলোঁ ৷ সমগ্ৰ ঘটনাৰ অন্তৰালত আজি দহবছৰে অবৈধভাৱে কোনো ডাক্টৰি প্ৰমাণপত্ৰৰ অবিহনে নাৰীৰ গৰ্ভনিষ্কাসন কৰি ব্যৱসায় কৰিছিলোঁ আৰু তেজস্বিনী চৌধুৰীৰ মৃত্যু আমাৰ ভুলৰ বাবেই হৈছিল ৷ বৰ্তমানলৈকে প্ৰায় ছয় হাজাৰৰো অধিক গৰ্ভ নিষ্কাসন কৰা হৈছিল আৰু প্ৰায় তিনিহাজাৰৰো অধিক নাৰীৰ এই কাৰণতে মৃত্যু হৈছিল ৷"

       জনতাৰ তীব্ৰ প্ৰতিবাদ,  আৰক্ষীৰ পূৰ্ণ অভিযান, স্খলিত  ৰাজনৈতিক অৱস্থাৰ পৰা হাত সাৰিব নোৱাৰিব বুলি থিৰাং কৰি হয়তো ৰিতেশ পাতিল আৰু সুনিতা পাতিলে নিজৰ আত্মগোপন অভিযান ত্যাগ কৰি আৰক্ষীৰ ওচৰত ধৰা দিয়েহি ৷
     আজি তেজস্বিনীৰ মৃত্যু হোৱা নটা দিন পাৰ হ'ল ৷ আজি তেজস্বিনীৰ মৃতদেহত মই জুঁই দিবলৈ লৈছোঁ ৷ হয়তো এইকুৰা জুঁইয়ে সমাজৰ পৰা এনেবোৰ অমানবীয় হিংসুক কাৰ্যক জ্বলাই ধূলিচ্ছাদ কৰিব ৷ তেজস্বিনীক আজি সকলোৱে বিদায় দিছোঁ ৷ যা অ বা, তই যাগৈ, তই যতেই থাকিবি কুশলে থাকিবি ৷ তেজস্বিনীৰ দুয়োজনী পৰী আজিৰে পৰা মোৰ লগত থাকিব ৷ মই সিহঁতৰ নতুন মা ...
     
       আজি তেজস্বিনীৰ মৃত্যুৰ চিতা জ্বলি উঠিছে আৰু লগে লগে ৰিতেশ পাতিল আৰু সুনিতা পাতিল ফাঁচী কাঠত ওলমিছে ৷ বাকী সকলো অপৰাধীকে আদালতে যাবৎজীৱন কাৰাদণ্ডৰ শুনানী দিছে  ৷ এয়াই তেজস্বিনীৰ প্ৰকৃত ন্যায় ৷

     ইনচপেকটৰ যাদৱদেৱৰ টীমে নিজৰ কৰ্তব্য শেষ কৰি নিজ থানাৰ অভিমুখে উভতিছে ৷ মইও যিমান পাৰো বেগেৰো স্কুটিখন চলাই পিছো পিছে লৌৰিছো ৷ যিমান পাৰিছো হাত বাউল দি চিঞৰিছো ...

    ছাৰ...

    ছাৰ...

    ছাৰ...

    - ছাৰ ... ছাৰ ... মই ডাক্টৰ ৰাগিনী চৌধুৰী  ৷ ছাৰ মই বৰ লজ্জিত, মই আপোনালোকক লৈ বেয়াকৈ ভাবিছিলো ৷ অবিশ্বাস কৰিছিলো আপোনালোকৰ নিষ্ঠাক ৷ মই হয়তো পাহৰি গৈছিলো য'ত S.I কমৰ ৰাণাৰ দৰে নিৰ্কৃষ্ট আৰক্ষী আছে তাতেই আপোনালোকৰ দৰে বিবেচক,সৎ,প্ৰকৃত আৰক্ষী আছে ৷ য'ত ৰিতেশ পাতিলৰ দৰে ভুৱা,অমানৱীয়তাৰ প্ৰতীকী ডাক্টৰ আছে তাতেই ডাঃ ৰিতুপৰ্ণৰ দৰেও সশ্ৰেষ্ট,প্ৰকৃত,দায়িত্বপৰায়ণ ডাক্টৰ আছে ৷ মই অধিৰ বিশ্বাসী এতিয়া ,আপোনালোকৰ দৰে পুলিচ আৰু ডাক্টৰ যদি সমাজত থাকে তেন্তে সৰ্বসাধাৰণৰ জীৱনে কাহানীও পুতলা নাচ নেখেলে ৷ আজি তেজস্বিনীৰ ন্যায় সম্ভৱ হ'ল একমাত্ৰ আপোনালোকৰ বাবে, ধন্যবাদ ছাৰ ৷

চালাম ছাৰ ৷

জয় হিন্দ ৷

▪▪▪▪▪▪▪▪▪▪▪▪▪

    খেকাৰগিলা মানুহজনীৰো বোলে অলপতে মৃত্যু হৈছে, পুত্ৰৰ অবৰ্তমানত ... যোৱাৰ পৰত কোনেও নুশুনাকৈ কৈ গৈছে "পুনৰবাৰ নাৰী হৈ জন্ম লম,পাপবোৰ মচিবৰ বাবে" ৷

       পৰী দুজনীয়ে মোক হাতত আহি ধৰিছেহি,আৰু  কৈছে- পৰীৰ সাধু নুশুনো আৰু জীৱনৰ সাধু কবা সদায় আমাক ৷ হয়তো সিঁহতে কিবা এটা বুজি পাইছিল, "জীৱনৰ সাধু"ৱে সমাজত থকা পুত্ৰ-কন্যা সন্তানৰ ব্যৱধান দূৰ কৰিব বা সিঁহতেও ভৱিষ্যৎতৰ কথা ভাবিয়ে কৈ পেলালে নেকি মোক তেনেকৈ?  মই দুয়োজনী পৰীকে মোৰ বুকুত সাৱটি ধৰিলো ৷ মনে মনে কৈ পেলাইছিলো, মই আজিৰে পৰা তহঁতৰ নতুন মা ,মা বুলি মাতিবি দেই আজিৰ পৰা ৷ দৈৱকী আই গুচি গ'ল মই তহঁতৰ যশো আই ৷

( আজি মই কোনো অভিযোগ নোহোৱাকৈ উভতিছো, কেতিয়াবা লগ পাবলৈ হ'লে আহিবা মোৰ ঘাটলৈ , ৰাগিনীয়ে নজনাকৈ মই মোৰ ঘাটটোৰ নাম থ'লো "জীৱন" আৰু সেই যে অকলশৰীয়া নাওঁখন সেইখনৰ নাম থ'লো "সাধু" ৷ বিদায় ৷ কুশলে থাকিবা৷  - তেজস্বিনী ৷) 

( "জীৱনৰ সাধু" পঢ়ি কেনে পালে মোক জনাবলৈ নাপাহৰিব ৷ যদি কোনো ব্যক্তিয়ে গল্পটোৰ সম্পূৰ্ণ খণ্ড লাভ কৰিব বিচাৰিছে তেন্তে  9101025092 এই নম্বৰত ৱাটচএপ আৰু ফোন যোগেৰে পাব পাৰিব ৷ শেষত গল্পটো উপস্থাপন কৰোতেঁ হোৱা অনেক খিনি ভুল-ক্ৰটিৰ  ক্ষমা বিচাৰি মই দিব্যজ্যোতি ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো ৷ ধন্যবাদ ৷ ) আৰু সামুহিক বন্ধ ঘোষণা কৰিছিল ৷ ইফালে তেজস্বিনীৰ মৃতদেহৰ পৰা দুৰ্গোন্ধ ওলাবলৈ লৈছিল ৷ ছটা দিন পাৰ হৈ গৈছিল ৷ মহাৰাষ্ট্ৰৰ নাগৰিকে সেই SI আৰু হবিলদাৰৰ বিৰুদ্ধেও বিভিন্ন শ্ল'গান গাইছিল ৷ যদি আৰক্ষীয়ে ডাঃ পাতিলক আটক কৰিব নোৱাৰে তেন্তে  চিবিআইৰ তদন্তলৈ নিব লাগে বুলিও প্ৰতিবাদ হৈছিল ৷  সমগ্ৰ মহাৰাষ্ট্ৰৰ সামৰিক অৱস্থা সংকটাপন্ন হৈ পৰিছিল ৷ সকলো নিউজ চেনেল,বাতৰি কাকতত বৰ্তমানলৈকে আটক কৰা সকলো ব্যক্তিৰ ছবি ছপা হৈ গৈছিল ৷ অৱশেষত সেই ক্ষণ আহিল ...

▪▪▪▪▪▪▪▪▪▪▪▪▪

   নাৱত তুলি এটা শ সিপাৰলৈ নিলে ৷
   দিনবোৰ গ'ল...
   নাৱত তুলি এটা শ সিপাৰলৈ নিলে ৷
   ৰাতিবোৰ গ'ল...
   নাৱত তুলি আন এটা শ সিপাৰলৈ নিলে ৷
   দিন আৰু ৰাতিবোৰ সমানে গ'ল...
   নাৱত তুলি এটা শ পুনৰ সিপাৰলৈ নিলে ৷
   বুঢ়া শিমলুজোপাৰ কাষতেই ডাঙৰ ঘাটতো ৷ চাৰিটা শ পাৰ হৈ যায়, শ বোৰে খেকাৰগিলা মানুহজনীক মা মা বুলি চিঞৰি যায় ৷ শবোৰ একালত যখিনী হবলৈ ধৰে ...  চাৰিজনী শ পেলাই দিয়াৰ পিছত এজন নাকজোঙা সন্তান হয়,তাক শ কৰি সিপাৰলৈ নিনিয়ে খেকাৰগিলা মানুহজনীয়ে ৷ সেইজনীয়ে আছিল তেজস্বিনীৰ শাহু আৰু নাকজোঙাজনেই আছিল অংকুৰ  ৷ 
▪▪▪▪▪▪▪▪▪▪
    - " আমি স্বীকাৰোক্তি প্ৰদান কৰিলোঁ ৷ সমগ্ৰ ঘটনাৰ অন্তৰালত আজি দহবছৰে অবৈধভাৱে কোনো ডাক্টৰি প্ৰমাণপত্ৰৰ অবিহনে নাৰীৰ গৰ্ভনিষ্কাসন কৰি ব্যৱসায় কৰিছিলোঁ আৰু তেজস্বিনী চৌধুৰীৰ মৃত্যু আমাৰ ভুলৰ বাবেই হৈছিল ৷ বৰ্তমানলৈকে প্ৰায় ছয় হাজাৰৰো অধিক গৰ্ভ নিষ্কাসন কৰা হৈছিল আমাৰ দ্বাৰা আৰু প্ৰায় তিনিহাজাৰৰো অধিক নাৰীৰ এই কাৰণতে মৃত্যু হৈছিল ৷"

       জনতাৰ তীব্ৰ প্ৰতিবাদ,  আৰক্ষীৰ পূৰ্ণ অভিযান, স্খলিত  ৰাজনৈতিক অৱস্থাৰ পৰা হাত সাৰিব নোৱাৰিব বুলি মানস কৰিয়ে হয়তো ৰিতেশ পাতিল আৰু সুনিতা পাতিলে নিজৰ আত্মগোপন অভিযান ত্যাগ কৰি আৰক্ষীৰ ওচৰত ধৰা দিয়েহি ৷

°°°°••••°°°°°••••••°°°°°••••°°°°°••••
শেষাংশলৈ....

     আজি তেজস্বিনীৰ মৃত্যু হোৱা নটা দিন পাৰ হ'ল ৷ আজি তেজস্বিনীৰ মৃতদেহত মই জুঁই দিবলৈ লৈছোঁ ৷ হয়তো এইকুৰা জুঁইয়ে সমাজৰ পৰা এনেবোৰ অমানবীয় হিংসুক কাৰ্যক জ্বলাই ধূলিচ্ছাদ কৰিব ৷ তেজস্বিনীক আজি সকলোৱে বিদায় দিছোঁ ৷ যা অ বা, তই যাগৈ, তই যতেই থাকিবি কুশলে থাকিবি ৷ তেজস্বিনীৰ দুয়োজনী পৰী আজিৰে পৰা মোৰ লগত থাকিব ৷ মই সিহঁতৰ নতুন মা ...
     
       আজি তেজস্বিনীৰ মৃত্যুৰ চিতা জ্বলি উঠিছে আৰু লগে লগে ৰিতেশ পাতিল আৰু সুনিতা পাতিল ফাঁচী কাঠত ওলমিছে ৷ বাকী সকলো অপৰাধীকে আদালতে যাবৎজীৱন কাৰাদণ্ডৰ শুনানী দিছে  ৷ এয়াই তেজস্বিনীৰ প্ৰকৃত ন্যায় ৷

     ইনচপেকটৰ যাদৱদেৱৰ টীমে নিজৰ কৰ্তব্য শেষ কৰি নিজ থানাৰ অভিমুখে উভতিছে ৷ মইও যিমান পাৰো বেগেৰো স্কুটিখন চলাই পিছো পিছে লৌৰিছো ৷ যিমান পাৰিছো হাত বাউল দি চিঞৰিছো ...

    ছাৰ...

    ছাৰ...

    ছাৰ...

    - ছাৰ ... ছাৰ ... মই ডাক্টৰ ৰাগিনী চৌধুৰী  ৷ ছাৰ মই বৰ লজ্জিত, মই আপোনালোকক লৈ বেয়াকৈ ভাবিছিলো ৷ অবিশ্বাস কৰিছিলো আপোনালোকৰ নিষ্ঠাক ৷ মই হয়তো পাহৰি গৈছিলো য'ত S.I কমৰ ৰাণাৰ দৰে নিৰ্কৃষ্ট আৰক্ষী আছে তাতেই আপোনালোকৰ দৰে বিবেচক,সৎ,প্ৰকৃত আৰক্ষী আছে ৷ য'ত ৰিতেশ পাতিলৰ দৰে ভুৱা,অমানৱীয়তাৰ প্ৰতীকী ডাক্টৰ আছে তাতেই ডাঃ ৰিতুপৰ্ণৰ দৰেও সশ্ৰেষ্ট,প্ৰকৃত,দায়িত্বপৰায়ণ ডাক্টৰ আছে ৷ মই অধিৰ বিশ্বাসী এতিয়া ,আপোনালোকৰ দৰে পুলিচ আৰু ডাক্টৰ যদি সমাজত থাকে তেন্তে সৰ্বসাধাৰণৰ জীৱনে কাহানীও পুতলা নাচ নেখেলে ৷ আজি তেজস্বিনীৰ ন্যায় সম্ভৱ হ'ল একমাত্ৰ আপোনালোকৰ বাবে, ধন্যবাদ ছাৰ ৷

চালাম ছাৰ ৷

জয় হিন্দ ৷

▪▪▪▪▪▪▪▪▪▪▪▪▪

    খেকাৰগিলা মানুহজনীৰো বোলে অলপতে মৃত্যু হৈছে, পুত্ৰৰ অবৰ্তমানত ... যোৱাৰ পৰত কোনেও নুশুনাকৈ কৈ গৈছে "পুনৰবাৰ নাৰী হৈ জন্ম লম,পাপবোৰ মচিবৰ বাবে" ৷

       পৰী দুজনীয়ে মোক হাতত আহি ধৰিছেহি,আৰু  কৈছে- পৰীৰ সাধু নুশুনো আৰু জীৱনৰ সাধু কবা সদায় আমাক ৷ হয়তো সিঁহতে কিবা এটা বুজি পাইছিল, "জীৱনৰ সাধু"ৱে সমাজত থকা পুত্ৰ-কন্যা সন্তানৰ ব্যৱধান দূৰ কৰিব বা সিঁহতেও ভৱিষ্যৎতৰ কথা ভাবিয়ে কৈ পেলালে নেকি মোক তেনেকৈ?  মই দুয়োজনী পৰীকে মোৰ বুকুত সাৱটি ধৰিলো ৷ মনে মনে কৈ পেলাইছিলো, মই আজিৰে পৰা তহঁতৰ নতুন মা ,মা বুলি মাতিবি দেই আজিৰ পৰা ৷ দৈৱকী আই গুচি গ'ল মই তহঁতৰ যশো আই ৷

( আজি মই কোনো অভিযোগ নোহোৱাকৈ উভতিছো, কেতিয়াবা লগ পাবলৈ হ'লে আহিবা মোৰ ঘাটলৈ , ৰাগিনীয়ে নজনাকৈ মই মোৰ ঘাটটোৰ নাম থ'লো "জীৱন" আৰু সেই যে অকলশৰীয়া নাওঁখন সেইখনৰ নাম থ'লো "সাধু" ৷ বিদায় ৷ কুশলে থাকিবা৷  - তেজস্বিনী ৷) 

( "জীৱনৰ সাধু" পঢ়ি কেনে পালে মোক জনাবলৈ নাপাহৰিব ৷ যদি কোনো ব্যক্তিয়ে গল্পটোৰ সম্পূৰ্ণ খণ্ড লাভ কৰিব বিচাৰিছে তেন্তে  9101025092 এই নম্বৰত ৱাটচএপ আৰু ফোন যোগেৰে পাব পাৰিব ৷ শেষত গল্পটো উপস্থাপন কৰোতেঁ হোৱা অনেক খিনি অনিশ্চাকৃত  ভুল-ক্ৰটিৰ  ক্ষমা বিচাৰি মই দিব্যজ্যোতি ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো ৷ ধন্যবাদ ৷ )

🖋️দিব্যজ্যোতি ৰাজখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)