" মই তোমাক মাতিম সৰু মহাজন বুলি "
ল'ৰাজনে ক'লে
" নালাগে মোৰ নাম ভোগেশ্বৰ গতিকে তুমি মোৰ নাম ধৰি মাতিবা আৰু আমি দুয়ো মিলি খেলিম আৰু স্কুলো যাম "
মনুৱে মনৰ ওপৰেদি ক'লে
" মই আৰু স্কুল নাই নাই মোক মাষ্টৰৰ মাৰলৈ বৰ ভয় লাগে গতিকে মই তোমালোকৰ ঘৰত কাম কৰিব আহিছো কাম কৰিম আৰু তুমি স্কুলৰপৰা আহিলে দুয়ো মিলি খেলিম "
ভোগেশ্বৰে তাৰ মাক দেউতাকলৈ চাই ক'লে
" মা দেউতা ইয়াক কোৱা না মোৰ লগত স্কুল যাবলৈ এনেই মোৰ কোনো লগৰ নাই ই স্কুল গ'লে মই এটা লগ পাম "
ভোগেশ্বৰৰ দেউতাকে মনুলৈ চাই ক'লে
" চোৱা তুমি আমাৰ ঘৰত থাকিলে স্কুললৈ যাবই লাগিব নহলে নহব "
মুনৱে ক'লে
" ঠিক আছে মই স্কুললৈ যাম "
মনুৰ কথা শুনি ভোগেশ্বৰ আনন্দত জঁপিয়াই উঠিল আৰু ক'লে
" কি ভাল লাগিব মোৰ নতুন বন্ধুৰ লগত স্কুললৈ গৈ "
ভোগেশ্বৰৰৰ মাকে ক'লে
" হব বাৰু স্কুললৈ গৈ থাকিবা এতিয়া ভাতমুঠি খাই লোৱা "
সিহঁতে ভাত খাবলৈ পাকঘৰত সোমাল ৷ দেউতাকে ক'লে
" তোমালোকে ভাত খাই পথাৰলৈ যাবা গৰু চাবলৈ মই তিনিআলিৰপৰা আহিছোঁ "
মনুৱে উত্তৰ দিলে
" হয় খুৰা আপুনি যাওক "
ভাত খাই দুয়ো পথাৰলৈ খোজ দিলে ৷ জুলাই মাহৰ গৰম ভোগেশ্বৰে ক'লে
" গৰুৱে ঘাঁহ খাই আছে বলা আমি নদীত সাঁতোৰ মাৰোগৈ মজা লাগিব "
মনুৱে কিছুপৰ ৰয় ক'লে
" ঠিক আছে বলা "
দুয়ো কাপোৰ খুলি পানীত নামিল দুয়ো সাঁতুৰি আছে এনেতে হঠাৎ ভোগেশ্বৰ দ পিনে গুছি এতিয়া কি কৰিব নিজকে চম্ভালিব পৰা নাই সি ডুবিবলৈ ধৰিলে ভয়তে চিঞৰি উঠিল মনু মোক বচা "
মনুৱে লৰালৰিকৈ তাৰ ওচৰলৈ গৈ তাক পাৰলৈ উঠাই আনিলে ৷ ভোগেশ্বৰে ফোপাই ফোপাই ক'লে
" ধন্যবাদ বন্ধু মোৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে আজিৰ পৰা মোৰ এটা ঋণ থাকিল তুমি উচিত সময়ত পাই যাবা এতিয়া বলা পলম হৈছে "
বেলি ডুবুু ডুবু দুয়ো গৰু লৈ ঘৰ পালেগৈ ৷
ভোগেশ্বৰে মনুৰ কাণত ক'লে
" মোৰ নদীত ডুবাৰ কথা নকবা নহলে মোক বজাব "
মনুৱে মিহিকৈ ক'লে
" নকওঁ দিয়া ভয় নকৰিবা "
ভোগেশ্বৰে মনুক সাবটি ধৰি ক'=ে
" সচাকৈয়ে তুমি মোৰ ভাল বন্ধু "
মাকে ক'লে যোৱা ভৰি হাত ধুই নামঘৰত বহাগৈ মই তুলসী পাত লৈ আহি আছো ৷
সন্ধিয়া পৰত নামঘৰত ডমডম ডবা বাজি উঠিল সুগন্ধি ধূপৰ গোন্ধ আৰু হৰি নামৰ ধ্বনিৰ সংমিশ্ৰণে পৰিৱেটো পৱিত্ৰ কৰি তুলিছে ৷
আগলৈ
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ