এখন আদৰ্শ সমাজ গঢ়াত নাৰীৰ গুৰুত্ব

©Admin
0
একোখন দেশৰ উন্নতি বা মঙ্গল তেতিয়াহে  সম্ভৱ হয় যেতিয়া দেশৰ প্ৰত্যেক গৰাকী নাৰী সজাগ হয় ।দেশখন সম্পূৰ্ণ নাৰীৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বস্ৰষ্টাৰ সৰ্বশ্ৰেষ্ঠ জীৱৰ সৃষ্টিৰ মূলতে হ'ল নাৰী জাতি। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই নাৰী নীতি গ্ৰন্থত কৈছে -

      নাৰীৰ পৰাই জন্মে আৰু বৃদ্ধি পায় 
সেয়ে নাৰী জননী আৰু এনেকৈয়ে নাৰী
জাতিৰো জননী
নাৰীৰ শুদ্ধতাৰ ওপৰতেই 
জাতিৰ শুদ্ধতাৰ নিৰ্ভৰ কৰিছে 
স্খলিত নাৰী চৰিত্ৰৰ পৰা 
ব্যৰ্থ জাতিয়েই জন্ম লাভ কৰে
ভাবি চোৱা নাৰীৰ শুদ্ধতাৰ প্ৰয়োজন কি?
বৰ্তমান সমাজত উচ্চ শিক্ষাৰে শিক্ষিত হৈ আধুনিকতাৰ সাজ-পোছাক পিন্ধি নাৰী জাতি যি পথত আগুৱাই গৈছে সি‌ সৃষ্টিৰ বিপৰীতে ধ্বংসহে কঢ়িয়াই আনিছে। নিজৰ প্ৰবৃত্তি অনুযায়ী পৰিচালিত হৈ আদৰ্শ আৰু সতীত্বক হেৰুৱাই পেলাইছে।
মানুহ আজি আদৰ্শ হীন হৈ পৰিছে , উশৃংঙ্খল হৈ পৰিছে। সমাজ বুলি একো নাই। সংসাৰত ঘোৰ অশান্তি। আজিকালি স্বামী স্ত্ৰীৰ মাজত প্ৰায়ে অমিল দেখা যায়। কিছুমান সাধাৰণ কথাকে লৈ তেওঁলোকৰ মাজত হোৱা মনোমালিন্যৰ ফলত নিজ গৃহৰ প্ৰতিটো বিষয়বস্তু গৈ বাহিৰত প্ৰকাশ পায়। পুত্ৰই পিতাক নামানে ছাত্ৰই নামানে শিক্ষকক। প্ৰগতিৰ নামত দুৰ্গতি মাতি আনিছে। উদ্দেশ্য বিহীন চলনত মুখৰ হৈ উঠিছে । সেয়েহে সৰ্বস্তৰতে এক অশান্তিৰ অনল জ্বলিছে। যেতিয়ালৈকে মানুহ সেই জ্যোতিৰ্ময় আদৰ্শ ৱান পুৰুষৰ সংস্পৰ্শলৈ গৈ তেওঁ দিয়া শিক্ষা দীক্ষাত অনুপ্ৰাণিত হৈ নুঠিব তেতিয়ালৈকে ব্যক্তি, দম্পতী, গৃহ , সমাজ, ৰাষ্ট্ৰ কতো শান্তিৰ সন্ধান পোৱা নাযায়। আদৰ্শ মানে এনে এজন পুৰুষ যিজনাৰ ভিতৰত ধৰ্ম সম্পূৰ্ণ জীৱন্ত হৈ উঠিব ।এনে আদৰ্শৰ লগত মানুহৰ সম্বন্ধ নাথাকিলে মানুহ ভ্ৰান্তিৰ মাজত থাকে । নিজৰ প্ৰকৃত স্বাৰ্থ কি তাক জানিব নোৱাৰে । বৃত্তি স্বাৰ্থকেই নিজৰ প্ৰকৃত স্বাৰ্থ ভাৱে। সেয়েহে জীৱন প্ৰকৃত সাৰ্থক সফল নহয় , দৃষ্টি সংকীৰ্ণ হৈ থাকে। পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰৰ অমিয় গ্ৰন্থ 'নাৰী নীতি' এক অমূল্য সম্পদ। প্ৰত্যেক গৰাকী নাৰীয়ে যদি 'নাৰী নীতি'গ্ৰন্থ খন অধ্যয়ন কৰি সেই নীতি আদৰ্শ মতে চলিবলৈ চেষ্টা কৰে তেতিয়াহে ঘৰখন আনন্দ হয় আৰু সুখময় হ'ব। এই নাৰী নীতি গ্ৰন্থতে নাৰীৰ আঠটা বৈশিষ্ট্য উল্লেখ কৰিছে। সেইকেইটা হ'ল- নিষ্ঠা, ধৰ্ম, শুশ্ৰূষা, সেৱা, সাহায্য , সংৰক্ষণ, প্ৰেৰণা আৰু প্ৰজনন এই আঠটি বৈশিষ্ট্যক লৈ যদি এগৰাকী নাৰী চলে তেনেহলে সেই গৃহলৈ কেতিয়াও অশান্তি নাহে।
আদৰ্শৰ পিছতেই আহে বিবাহ। এই বিবাহ অৰ্থাৎ স্ত্ৰী-পুৰুষৰ মিলনৰ যোগেদি সন্তানৰ জন্ম হয় । সেই সন্তানেই হয় বংশৰ প্ৰদীপ,আশা ভৰষাৰ স্থল আৰু ভৱিষ্যতৰ বাবে দেশ আৰু জাতিৰ একো একোটি উজ্বল ৰত্ন। পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰে বিবাহ সম্পৰ্কে কৈছে-

উন্নয়ন আৰু সু প্ৰজনন 
এইটো হ'ল বিয়াৰ মূল
যেনেতেনে কৰি বিয়া কৰি 
নকৰিবা ভুল।

আকৌ কৈছে-

সাৱধান বিবাহক খেল নাভাবিবা 
য'ত জীৱন আৰু জনন 
জড়িত থাকে।

সেয়েহে আদৰ্শ প্ৰথা অনুসৰি এই বিবাহ হোৱা প্ৰয়োজন। এনে সু- সংগত বিবাহৰ মাধ্যমেদি সমাজ আৰু জাতি উৰ্ধনৰ পথত অগ্ৰসৰ হয় । কিন্তু বৰ্তমান সমাজত আদৰ্শ পৰিপন্থী বিবাহৰ ফলত নাৰী কু সন্তানৰহে জননী হবলৈ ধৰিছে । ফলত বৰ্তমান সমাজ আৰু ৰাষ্ট্ৰত নানান বিশৃংখলতাই দেখা দিছে । বিবাহৰ ঐতিহ্য আৰু কৃষ্টিৰ ওপৰত আঘাত সানিছে। মানুহে নিজৰ বৰ্ণ বংশৰ প্ৰতি শ্ৰদ্ধাহাৰা হৈ পূৰ্বপুৰুষক অবজ্ঞা কৰি ধ্বংসৰ পথত আগুৱাই গৈছে।এনে সমস্যা সমাধান হোৱাৰ পৰিৱৰ্তে দিনক দিনে আৰু বাঢ়ি গৈছে। এনেকুৱা বিবাহৰ মাজেৰে নিজ কাম প্ৰবৃত্তি চৰিতাৰ্থ হয় সচাঁ কিন্তু সু সন্তানৰ জনক জননী হ'ব নোৱাৰি । বিধিয়ে কাকো ক্ষমা নকৰে। সেই কাৰণে বিয়াৰ ক্ষেত্ৰত সাৱধান হোৱা প্ৰয়োজন। সু প্ৰজনন আৰু উন্নয়ন বি‌য়াৰ মূল উদ্দেশ্য হ'ব লাগিব। সু সংগত  বিবাহে যেনেকৈ এই দুয়োটাকে পৰিপূৰ্ণ কৰে , ঠিক তেনেকৈ অনুপযুক্ত বিবাহে ইয়াক ছিন্ন কৰি তোলে । কাৰণ পৰম দয়ালে কৈছে - স্খলিত নাৰী চৰিত্ৰৰ পৰা ব্যৰ্থ জাতিৰহে জন্ম হয়।' গতিকে বিবাহক যেন খেলাৰ বস্তু বুলি ধৰি লোৱা নহয় ।
নহ'লে ইয়েই একোটা জাতি আৰু সমাজ একোখনক ধ্বংসৰ মুখলৈ ঠেলি লৈ যায়।

মানৱ কল্যাণৰ কোনো সুস্থ পৰিকল্পনা কৰিবলৈ হ'লে সৰ্বাগ্ৰে নাৰীকেই তেওঁলোকৰ মাজত গৌৰৱৰ আসনত অধিষ্ঠিত কৰিব লাগিব। কাৰণ জীৱ জগতত টিকি থাকিব লাগিব। তেনেকৈ মানৱ সমাজেও নিজৰ অস্তিত্বৰ অক্ষমতা আৰু উৰ্ধনৰ বাবে একান্ত নিৰ্ভৰ কৰিব লাগিব মাতৃ জাতিৰ ওপৰত। কাৰণ নাৰীয়ে হ'ল মানৱ ধাত্ৰী,পাত্ৰী, নেত্ৰী জনয়িত্ৰী আৰু প্ৰসৱিত্ৰী । এই নাৰী জাতি যিমানেই আদৰ্শ কেন্দ্ৰীক হৈ উঠিব সিমানেই জগত ধন্য হৈ উঠিব।।

সংগ্ৰহ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ মাহেকীয়া আলোচনী "আগম বাণী"

📝অদিতী তাঁতী ,ডিমৌ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)