দুখৰ কবিতা প্ৰয়াত দিগন্ত শৰ্মাৰ সোঁৱৰণত

Rinku Rajowar
0
এটি মিঠা হাঁহি নোহোৱা হৈ গ'ল

এটি মিঠা হাঁহি নোহোৱা হৈ গ'ল
পৰিৱেশ প্ৰাণৱন্ত কৰিব পৰা
এটি সুন্দৰ ব্যক্তিত্ব নাইকিয়া হৈ গ'ল
সকলোকে আপোন কৰিব পৰা
বহল অন্তৰৰ মৰমৰ ভাইকন আৰু নাই
কিবা যেন ভুল শুনিছোঁ
পাৰেনে বাৰু যাবগৈ এনেকৈ
হে প্ৰভু, আজি আমি বাকৰূদ্ধ 
হাতৰ কলম অচলহৈ গ'ল
বিষানুৰ কৰাল গ্ৰাসত
আৰু কিমান শুনিম দুখৰ খবৰ
তাক শান্তিত শুবলৈ দিয়া
তোমাৰেই অনন্ত কোলাত

🖋️ডঃ মৃদুল চন্দ্ৰ শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)