কেনভাছৰ ছবিটি

©Admin
0
বৃটিছৰ  বিচিত্র কেনভাছখনত
আজোককাৰ উৰণীয়া ভৰি দুখন 
বন্দী হৈ পৰিছিল আন্ধাৰ ৰং মেৰিয়াই

আশা-সপোনবোৰ হেৰাইছিল
হুমুনিয়াহবোৰ দ খাৱৈৰ মাজত পৰি ৰৈছিল

আজোককাই নিজৰ  উকা কেনভাছখনত 
ঘৰৰ বেৰত অঁকা ছবিৰ দৰে
সুখ- দুখ , যাতনাৰ ছবি আঁকিব বিচাৰিছিল
ছলনাৰ জালে হাত দুখনকেই ক্ৰুচবিদ্ধ কৰি থৈছিল

ককাও  আঁকিছিল সুখ-দুখৰ নদী
বাৰে বাৰে ৰঙৰবোৰ হেৰাইছিল
বিচাৰি ফুৰিছিল আজোকাই হেৰুৱা গানবোৰ
বাৰে বাৰে সুৰবোৰ হেৰাইছিল

ককাৰ কেনভাছৰ  নদীখনত 
দেউতাই পানী আৰু মাছ আঁকিছিল
নদীৰ ঢৌবোৰ  আৰু মাছৰ ফানবোৰ আঁকোতে
দেউতাৰ ৰঙৰ তুলিকাডাল বাৰে প্ৰতি খহিছিল
আচলতে খহাই দিয়া হৈছিল

ময়ো এখন কেনভাছৰ গৰাকী
হাজাৰ বাধা নেউচি
ৰামধেনুৰ সাতোটি ৰঙেৰে  আঁকিছো জীৱন ছবি
নদীৰ পানীৰ  ঢৌৱে ঢৌৱে উটুৱাই দিছো
ভৰিত বন্ধা  জিঞ্জিৰিডাল

ৰঙৰ খেলাত মন আকাশৰ মৌন সূৰ্য্যটি
ফুলাই  তুলিছো আন্ধাৰে আৱৰা  কপালে কপালে
স্বাধীন চৰাইবোৰ পি খাইছে নৈৰ পানী
হালি পৰা গছৰ আগবোৰ উৰ্দ্ধমুখী হৈ উঠিছে

চাহপাতৰ বাকচৰ ভিতৰত থকা হাড়কেইডালত
এইবাৰ  সাউতকৈ জুই ৰং  অলপ  ঢালি দিলোঁ
কেনভাছখন বিকট চিঞৰ এটি মাৰি 
ৰঙাৰ পৰা সেউজীয়া হৈ  জিলিকি  উঠিল  

📝ৰীতা গোৱালা


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)