নি:শব্দিত চিঠি

©Admin
0
আজি প্ৰথমবাৰৰ বাবে কলমটো হাতত তুলি ললো 
তোমালৈ চিঠি লিখো বুলি ৷
কিন্তু, কলমৰ আগৰ পৰা শব্দবোৰ হেৰাই গৈছে ৷
মোৰ হৃদয়ত এক অদ্ভুদ বিষ এটাৰ অনুভৱ হৈছে ৷
ভাষাবোৰ হেৰাব ধৰিছে ৷
কিদৰে বুজাম তোমাক মই 
মোৰ হৃদয়ৰ মিঠা অনুভূতিৰ কথা ৷
চিঠিবোৰ দিবলৈ পোৱা নাই বিচাৰি মই 
তোমাৰ সঠিক ঠিকনা ৷
না..... চিঠিবোৰ দিবলৈ মোক কোনো ঠিকনা নালাগে 
নালাগে মোক কোনো ভাষা ৷
কথাবোৰ শিপাব হৃদয়ৰ পৰা হৃদয়লৈ |
              
  📝অবিনাশ বড়া 
     সহ : সম্পাদক 
অসম সাহিত্য সভাৰ আমগুৰি শাখাসমিতি 
আমগুৰি মহাবিদ্যালয় আমগুৰিৰ সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদক ২০১৯ - ২০ বৰ্ষ অসমীয়া বিভাগৰ ছাত্র

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)