শ্ৰী শ্ৰী মাধৱদেৱে স্থাপিত ঢ়েঁকীয়াখোৱা বৰনামঘৰ ......

©Admin
0
মহাপুৰুষ শংকৰদেৱৰ পৰিৱৰ্তনমুখী চিন্তা-চেতনাৰে গঢ় লৈ উঠা বৈষ্ণৱ ধৰ্মক বিগত ৪৭০ বছৰে বিশেষভাৱে প্ৰতিনিধিত্ব কৰা ঢ়েঁকিয়াখোৱা বৰনামঘৰ যোৰহাট চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবে টীয়কৰ দিশে ঢ়েঁকিয়াখোৱা গাঁৱত অবস্থিত। মহাপুৰুষ মাধৱদেৱে এই নামঘৰটো স্থাপন কৰিছিল। 
      ঢ়েঁকিয়াখোৱা বৰনামঘৰৰ চাৰিসীমা প্রায় ১৩ বিঘা মাটি জুৰি আছে। নামঘৰটোৰ মূল স্তম্ভটো শালগছৰ অংশৰে নিৰ্মিত। মর্ণিকূটত থকা সিংহাসনত এখন ধৰ্মীয় গ্ৰন্ঠ স্থাপন কৰা আছে। জনশ্রুতি মতে,আহোমৰ শাসনকালত মহাপুৰুষ মাধৱদেৱ ৰাজৰোষত পৰি বন্দী হবলগীয়া হৈছিল যদিও ৰজাই মাধৱদেৱক নিৰ্দোষী গণ্য কৰি মুক্তি দিছিল। মহাপুৰুষ মাধৱদেৱে মুক্তি লাভ কৰি বেলগুৰিলৈ ঘুৰি অহাৰ পথত এই অঞ্চলৰে এহাল দুখীয়া বুঢ়া-বুঢ়ীৰ ঘৰত এনিশা কটাই পৰম তৃপ্তিৰে ঢ়েঁকীয়াশাকৰ আঞ্জাৰে ভাত খাইছিল। তাতে তেওঁ ঔ-টেঙা বাকলি এচটাত প্রদীপ জ্বলাই গধুলি প্ৰসংগ কৰিছিল। এই কাহিনী অনুসৰি ঠাইডোখৰ নাম ঢ়েঁকীয়াখোৱা হয়। সেই ঠাইতে পাছৰ কালত এটি ৰাজহুৱা বৰনামঘৰ হয়। মহাপুৰুষ মাধৱদেৱে এই স্থানতে প্ৰজ্বলন কৰা  বন্তি গছি এতিয়াও ধর্মপ্রাণ ৰাইজে ধৰ্মীয় দায়িত্ববোধেৰে জ্বলাই আছে। 
      মহাপুৰুষ মাধৱদেৱে প্ৰতিস্থা কৰা ঢ়েঁকীয়াখোৱা বৰনাঘৰত প্রতিবছৰে ভাদ মাহত চাৰি প্ৰসংগৰ নাম-কীর্তন আৰু ভাগৱত পাঠৰ ব্যবস্থা আছে। বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ গুৰুত্বপুৰ্ণ তীৰ্থস্থান ঢ়েঁকীয়াখোৱা বৰনামঘৰলৈ নিতৌ শতাধিক ভক্তিৰ সমাগম ঘটে। 
      মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰু জনাৰ ওচৰত ভক্তি পূর্ণ সেৱা জনাইছোঁ।

   📝 লোকেন্দ্র কুমাৰ দাস 
অসমীয়া বিভাগ তথা শিৱসাগৰ জিলাৰ সাহিত্য সমাজৰ সাধাৰণ সম্পাদক, শিৱসাগৰ অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)