প্ৰেম -প্ৰতাৰণা

©Admin
0
তিৰবিৰ তৰাৰ সতে বহা
বহু জোনাক সন্ধিয়াবােৰ
কি মা ন যে গোটাইছিলো দুয়ো ।

নীৰলে নীৰলে
কত বন গছকিছিলো,
বকুলৰ তলত
তপত চুমাৰ পৰশ,
এতিয়াও হিয়াত তপত
হৈয়েই আছে ।

শৈশৱতেই মৰমবােৰ
চোলাত লৈছিলা,
মই তোলা বকুলৰ মালা গাঠিছিলা,
অগ্নিগড়ৰ পৰা উপভােগ কৰিছিলো
ব্ৰহ্মপুত্ৰৰ পানীৰ ঢৌ
আৰু মৃদু বতাহৰ পৰশ ॥

মৰম ভালপোৱা বােৰ
দলিয়াই গুচি গ'লা তুমি
কাৰোবাৰ বুকুৰ
আপোন হৈ ॥

ইমান মৰম কিয়নাে দিছিলা,
দিবই নালাগিছিল,
ৰন্ধ্ৰে ৰন্ধ্ৰে তোমাৰ মৰমবােৰ
গুজি দি ,
গুচি গলা নিথৰুৱা কৰি
মােৰ হিয়া ।

এই শূণ্য হৃদয়ে
কেনেকৈ কান্দে
হিয়া উজাৰি
তুমিতো দেখা নাই ?

মােৰ মৌনতাই
যেতিয়া কথা কয়,
তেতিয়া
হৃদয়ে কান্দে বাগৰি বাগৰি,
তুমিতো নাজানা
মােৰ এই নিসংগতাক ।

নালাগে আৰু
প্ৰেম ভালপোৱা ।
প্ৰেমে যি শিকালে
আৰু নালাগে মোক
প্ৰেম জনমে - মৰণে ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)