কিনো ভুল কৰিলোঁ মই
এক অকলশৰীয়া হৈ
কেনেকৈ কতাম জীৱন মই
মা দেউতা বিহিন জীৱন লৈ ।
মা বুকুত শুৱ নাপালোঁ
টোপনি নাহে অকলে মোৰ
মা ছবি আঁকি সাৱতি থাকোঁ
দিন ৰাতি চকুলো লৈ ।
দেউতাৰ আঙুলিত ধৰি
খোজ কাঢ়িব নাপালোঁ
প্ৰতিটো খোজতে আজি
উজুতি খাই পৰো ।
দুবেলা দুহাজ খাবলৈ বুলি
দেহৰ ঘাম মাটিত পৰে
মা হাতেৰে খাবলৈ আহাৰ
এতিয়াও আশা জাগে ।
পঢ়িব শুনিব যদিও আশা
এৰিব লাগিল সকলো
দেউতা নাই কাষত আজি
দিবলৈ খৰচ পাতি বোৰ ।
📝শ্ৰীমতী ৰিমকি চুতীয়া (ধেমাজি,চিচিবৰগাও)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ