শিলৰ আখ্যান

©Admin
0
'শিলৰ দৰে কঠিন হিয়া, 
আবেগ -অনুভূতিৰ 
স্হান নাই ।' 
এনেদৰে কৈ  বহুজনক  দোষাৰোপ কৰিছোঁ অজানিতে! 
শিলাবৃষ্টিত ধৰাশায়ী হোৱা ফুলনিৰ ফুলৰ উচুপনিৰ মৰ্মবেদনাও  কেতিয়াবা  অনুভৱ কৰিছোঁ !
'মহাপুৰুষৰ বাণী হেনো  শিলৰ ৰেখা !'
কথাবোৰ বাৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত নে?  
মনত বহু  প্ৰশ্নৰ  উদয় হয়;
আন্দোলনৰ গইনা লৈ দুষ্কৃতিকাৰীয়ে শিল দলিয়াই চৰকাৰী সম্পত্তি ধ্বংস কৰাটোও জানো শিলৰ  দোষ? 
আততায়ীয়ে
শিলেৰে মৰিয়াই  নিৰপৰাধীজনক হত্যা কৰা  নিৰ্মম   প্ৰক্ৰিয়াও জানো  এক  পৃথক অধ্যায় নহয় ? ?
জানানে,
শিলবোৰ আমি ভবাৰ দৰে কঠিন নহয়! 
শিলৰ বক্ষ বিদাৰি সৃষ্টিৰ হয় ৰচনা, 
শিল্পীয়ে ভাস্কৰ্যৰ ইতিহাস ৰচে;
শিল ভাঙি গুড়ি কৰি বাট  গঢ়ে বনুৱাই ।
অট্টালিকাবোৰো জানো শিলেৰেই নিৰ্মাণ হোৱা নাই? 
কঠিন শিল ঘঁহি নিমজ কৰি চলি আছে  আৰু ক'ত কাৰুকাৰ্য চমৎকাৰ! 
শিলৰ বুকুতে লুকাই আছে দেশৰ বুৰঞ্জী,  সভ্যতা আৰু সংস্কৃতিৰ;
যি সেঁতুৰে আজি জীৱন আগুৱায়।
অথচ ,
 শিলে সহিব লাগে কঠিনতম পৰীক্ষা !
আমিও জানো যে   শিলালিপিতে লেখা  থাকে জাতিৰ পৰিচয়।
শিল,  তোমাৰ  আখ্যান সচাঁকৈয়ে সুন্দৰ ।
তোমাক কৰযোৰে কৰোঁ নমস্কাৰ! !

📝ৰীতামণি বৰদলৈ
  (গুৱাহাটী )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)