ভাৰতবৰ্ষ বনাম চীন - চীন আৰু ভাৰতৰ সংঘৰ্ষ

©Admin
0

বিশ্বৰ প্ৰতিটো দেশৰে নিজৰ নিয়ম নীতি , শাস পদ্ধতি আৰু কলাসংস্কৃতি আছে ৷ সকলো দেশে নিজৰ উন্নতি আৰু প্ৰগতিৰ কথা চিন্তা কৰে আৰু পৰাপক্ষত ওচৰ চুবুৰীয়া দেশকো সময়ানুপযোগী সহায়ৰ হাত আগবঢ়াই ৷ বিশ্বত আন কিছুমান দেশ আছে যি সদায় নিজৰ ভালৰ কথা চিন্তা কৰাৰ লগতে ওচৰ চুবুৰীয়া দেশৰ হকে দুচিন্তা পোষণ কৰে ৷ তেনে এখন দেশৰ নাম হ'ল চীন দেশ ৷ চীন নিজৰ বিস্তাৰবাদী নীতি, চতুৰালী, বিশ্বাসঘাট,পিঠিত প্ৰহাৰ কৰা, মিছা, প্ৰবঞ্চনা, কুটিলতা, দুষ্কৰ্ম আৰু ভয়াতুৰ এইকেইটা গুণৰ কাৰণে বিশ্বত বিখ্যাত ৷ বৰ্তমান চীন দেশ বিশ্বৰ অন্য দেশৰ কাৰণে বিষস্বৰূপ ৷ চীনৰ বুহানত সৃষ্টি হোৱা কৰ'না ভাইৰাছ গোটেই বিশ্বতে আতংকৰ সৃষ্টি কৰিছে ৷ কোটি কোটি মানুহৰ মৃত্যু হৈছে কৰ'না ভাইৰাছত আক্ৰান্ত হৈ ৷ এই ভয়ানক পৰিস্থিতিৰ সময়তো চীন ভূমাফিয়া , বিস্তাৰবাদী কুকৰ্ম কৰাত লাগি আছে ৷ যি সময়ত বিশ্বৰ সকলো দেশ একগোট হৈ কৰ'না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ উপায় উলিয়াব লাগে সেই সময়তো চীন ভাৰতৰ সীমান্তত  সীমা বিবাদৰ কাজিয়া সৃষ্টি কৰাত লাগিছে  ৷ 

আপোনাক অবগত কৰাই দিওঁ যে চীনৰ সীমা বিশ্বৰ ১৪ খন দেশৰ সৈতে সংযুক্ত হৈ আছে ৷তাৰে ১৩ টা দেশৰ সৈতে চীনৰ ভূমাফিয়া চনি আছে ৷ বাকী থকা দেশখন হ'ল পাকিস্তান যি চীনৰ আগত সমৰ্পিত ৷

যোৱা মাহৰ ১৫ আৰু ১৬ জুন তাৰিখে নিজৰ বিস্তাৰবাদী মনোভাৱেৰে মাজনিশা লডাকৰ গলৱান ঘাটীৰ  এল এ চি অঞ্চলত পেট্ৰলিঙত কৰ্তব্য পালন কৰি থকা ভাৰতীয় সৈনিকৰ ওপৰত হঠাৎ আক্ৰমণ কৰি দিয়ে ৷ এই ঘটনাৰ পাছত ভাৰত আৰু চীনৰ মাজত তুমুল সংঘৰ্ষ চলি আছে ৷ চীনৰ কাপুৰুষালী আক্ৰমণৰ ফলত ২০ জন ভাৰতীয় সৈনিক চহিদ হয় কিন্তু এই গম্ভীৰ পৰিস্থিতিতো ভাৰতীয় সৈনিকে নিজৰ বীৰত্ব দেখােৱাই চীন কামাণ্ডৰসহ ৪৩ জন চীনা সৈনিকক মাৰি  প্ৰতিশোধ লয় আৰু ভাৰতবৰ্ষৰত চকু দিয়াৰ অপৰাধৰ উচিত শাস্তি প্ৰদান কৰে ৷ সেইয়াই নহয় ভাৰতীয় লোকে চীনৰ প্ৰতিটো সামগ্ৰী আৰু মবাইল এপছ বৰ্জন কৰি দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে ৷

ইয়াৰ ফলত চীনৰ ভৰপূৰ অৰ্থনৈতিক লোকচান হয় ৷ 

বৰ্তমান বিশ্বৰ অন্য দেশবোৰে চীনৰ এই দুষ্কৰ্মৰ প্ৰতি প্ৰতিবাদ সাব্যস্ত কৰি কয়

 " চীন মানৱ জাতিৰ শত্ৰু এনে দেশক বিশ্বৰ মানচিত্ৰৰ পৰা মচি পেলোৱাই উচিত " 

চীনৰ বিৰুদ্ধে এতিয়া বিশ্বৰ শক্তিশালী দেশসমূহে থিয় দিছে তাৰে ভিতৰত আমেৰিকাৰ নাম সৰ্বপ্ৰথমে লোৱা উচিত কাৰণ ভাৰতৰ প্ৰতিটো বিপদৰ সময়ত আমেৰিকা যুক্ত ৰাষ্ট্ৰীই মিত্ৰতা দেখােৱাই আহিছে ৷ গতিকে চীন পুৰ্বৰে পৰা ভাৰতৰ সৈতে শত্ৰুতা কৰি আহিছে এই কথা কোনেও নজনা নহয় ৷ ১৯৬২ চনত চীন আৰু ভাৰতৰ মাজত সংঘটিত হোৱা যুদ্ধ অতি ভয়ংকৰ আছিল ৷ সেই যুদ্ধৰো সৃষ্টিকৰ্তা চীনেই আছিল ৷ গতিকে ইয়াৰ পৰ জানিব পাৰি যে চীন কেতিয়াও ভাৰতৰ সৈতে মিলিব নোৱাৰে মিলিলও কেতিয়া পিঠিত বিশ্বাসঘাটকতাৰ ঘাপ মাৰিব হয়তো সেইয়া কোনেও কল্পনা কৰিব নোৱাৰে ৷ আমাৰ দেশৰ প্ৰতি কিছু আমাৰো কৰ্তব্য আছে পৰাপক্ষত চীনা সামগ্ৰীসমূহ ব্যৱহাৰ নকৰি স্বদেশ সামগ্ৰী ব্যৱহাৰ কৰা উচিত লগতে চছিয়েল মিডিয়াৰ যিকোনো চাইনিজ এপছ আদি বৰ্জন কৰক ৷ ভৱিষ্যতে যদি ভাৰতে বন্ধ কৰা ৫৯ টা চাইনিজ এপছ আকৌ মেলি দিয়ে তথাপিও ব্যৱহাৰ নকৰিব আৰু এইয়াই হব দেশৰ প্ৰতি সঁচা শ্ৰদ্ধা ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)