স্বাস্থ্যঃ গোৰোহাৰ বিষ

©Admin
0

গোৰোহাৰ বিষ সম্বন্ধে আমি সকলোৱে জ্ঞাত ৷ খোজ দিওঁতে বহুতে গোৰোহাটো বিষাই বুলি কয়  ৷ বিষ মানুহভেদে ভিন্ন ৷ প্ৰায়ভাগেই পুৱা শুই উঠাৰ লগে লগে মজিয়াত ভৰি দিব নোৱাৰে আৰু কিছুসময় পিছত বিষৰ পৰিমাণ কমি আহে বুলি কয় ৷ অত্যধিক পৰিশ্ৰম কৰিলে গোৰোহাৰ বিষ বাঢ়ে বুলি ৰোগীয়ে অভিযোগ দিয়ে ৷ আমাৰ ভৰি পতাখন বহুকেইডাল হাড়ৰ টুকুৰা (২৬), বহুকেইটা গাঁঠি (৩৩), প্ৰায় এশমান মাংসপেশী, লিগামেন্ট আৰু টেণ্ডনেৰে গঠিত ৷   গোৰোহাৰ মূল হাড়ডাল কেলকেনিয়াম ৷ ভৰিৰ পতাৰ ছালখনৰ ভিতৰভাগত plantar fascia নামৰ এখন কঠিন তৰপ থাকে যিয়ে কোনো আঘাটৰ পৰা ভৰি পতাৰ হাড়বোৰৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে ৷ ভৰিৰ কলাফুলৰ মাংসপেশীটো Tendo Achilis নামৰ টেণ্ডনৰ সহায়ত Calcaneum ৰ লগত লগ লাগি থাকে ৷
বিষৰ কাৰণ-
১) হঠাতে বেছিকৈ খোজ কাঢ়িলে মাংসপেশীবোৰ ভাগৰুৱা হৈ ভৰি পতাত বিষৰ সৃষ্টি কৰে ৷ ভৰি সৰু গাঁঠিত বা হাড়ত আঘাত পালেও বিষ হব পাৰে ৷ আমাৰ সৈনিকসকলে দীঘলীয়া “মাৰ্চ” কৰোতে কেতিয়াবা ভৰি পতাৰ সৰু হাড় ভাঙি(March Fracture) বিষ হয় ৷ 
২) গোৰোহাৰ calcaneum হাড়ডালৰ পৰা কাঁইট সদৃশ হাড়ৰ বৃদ্ধি বা হাড়ৰ অমসৃণ গুৰি জমা হোৱাই গোৰোহাৰ বিষৰ প্ৰধান কাৰণ ৷
হাড় বৃদ্ধিৰ কাৰণবোৰ-
ক) শকত হোৱা
খ) বেছি খোজ কঢ়া বা দৌৰা
গ) পিন্ধা জোতাযোৰৰ তল অংশ টান হ’লে
ঘ) কেলচিয়ামৰ অভাৱ হ’লে
ঙ) খোজৰ বিসংগতি বা খালী ভৰিৰে টান ঠাইত খোজ দিলে

৩) Tendo Achilis কণ্ডৰা ফুলিলে বা আঘাতপ্ৰাপ্ত হ’লে (Tendo Achilitis)
৪) ভৰিৰ পতাৰ তলৰ plantar fascia কিবা কাৰণত ফুলি উঠিলে ৷
৫) ৰিউমেটয়ড আৰ্থ্ৰাইটিছ, গউটি  আৰ্থ্ৰাইটিছ আদিৰ কাৰণেও কেতিয়াবা গোৰোহাৰ বিষ হয় ৷ 

চিকিৎসা-  বিষ যি কাৰণতেই নহওঁক, জিৰণি অতি আৱশ্যক ৷ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ মতে বিষনাশক দৰৱ বা কৰ্তিচ্‌ন বেজী ব্যৱহাৰ কৰিব পাৰে ৷ কিন্তু এই চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া থাকিব পাৰে ৷ ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শ মতে হিটথেৰাপী/ আইচথেৰাপী , আল্ট্ৰাচাউণ্ডথেৰাপী আৰু ব্যায়াম কৰি ৰোগৰ পৰা উপশম পাব পাৰি ৷ 

ঘৰুৱা দিহা-
১) সদায় কোমল জোতা ব্যৱহাৰ কৰিব৷
২) চেণ্ডেল পিন্ধি দীঘলীয়া দূৰত্ব খোজ নাকাঢ়িব ৷
৩) কেলচিয়ামযুক্ত আহাৰ গ্ৰহণত গুৰুত্ব দিব ৷
৪) প্ৰাৰম্ভিক পৰ্যায়তে চিকিৎসকৰ পৰামৰ্শ লব আৰু ঘৰত বৰফৰ সেক লব পাৰে ৷

প্ৰেৰক- ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
          ( ফিজিঅ’থেৰাপিষ্ট)
ফিটনেছ পাৰ্ক, নলবাৰী(অসম)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)