বাপেকক যাবলৈ দি মনুৱে খঙৰ ভমকত ভোৰভোৰাই ক'লে
" মদ খাবি ৰ' হিটলাৰ , মদ খাই ঘৰত কন্দল সৃষ্টি কৰিবলৈ মই নিদিওঁ আজি এনে কিবা এটা কৰিম যাতে পিতাই মদ খোৱাই এৰি দিব "
লৰালৰিকৈ ৰুতি কেইটা খাই শেষ কৰি মদৰ বটল কেইটা মোনাত ভৰাই ভাটিলৈ বুলি খোজ ল'লে ৷ ভাটিৰ পৰা মদ লৈ উভতি আহোতে বাটৰ দাঁতিত থকা তেতেলী জোপাৰ তলত ৰৈ কেইটামান তেতেলী লৈ ইফালে সিফালে চাই মদৰ বটলকেইটাত ভৰাই দিলে আৰু মনে মনে ৰং পাই ক'লে
" পিতাই তোৰ আজি অন্তিম মদ খোৱা হব তাৰপাছত তই মদৰ নামত ঘৃণা কৰিবি "
আনি ঘৰত থৈ দিলে সন্ধিয়া বাপেকে আহি ক'লে " মনু মদৰ মোনাটো লৈ আহ মই মিত্ৰৰ ঘৰলৈ যাম "
মুনৱে মদৰ মোনাটো আনি দিলে মনে মনে অলপ ভয়ো খালে ৷ বাপেকে মোনাটো জিপ্ছী খনত মোনাটো থৈ গাড়ী ঘূৰালে ৷ বাপেকৰ যোৱাৰ পাছত মনুৱে দীঘলীয়া উশাহ এৰি পঢ়াত বহিল ৷ কিতাপখন উলিয়াই পৃষ্ঠা লুটিয়াই লুটিয়াই আকৌ জপাই দি ভাৱিলে
" পিতাই নাই ছবি এটাকে আঁকো "
এইবুলি কৈ সি ছবি আঁকিবলৈ বগা গামোছা এখন যোগাৰ কৰি ফুল পাতেৰে তৈয়াৰ কৰি ৰখা ৰং আনি বৰ মনোযোগেৰে ছবি অঁকাত লাগিল ৷
ৰাতিপুৱা মনু স্কুল যাবলৈ ওলাই এনেতে বাপেকে মাত লগালে
" মনু এইফালে আহ "
মনুৱে সম্ভেদ পাই গ'ল সি ভাৱিলে
আজি কিন্তু ৰক্ষা নাই মোক শাস্তি দিয়াতো খাটাং "
সি ভয়ে ভয়ে বাপেকৰ সন্মুখত আহি শিৰ নট কৰি থিয় হ'ল ৷ বাপেকে বেল্ট উলিয়াই ধাৰাসাৰে মনুক কোবাই দি খঙৰ ভমকত ক'লে " চুৱৰৰ বাচ্ছা তোৰ ইমান সাহস মোৰ মদত তেতেলী মিহলাই দিবলৈ অলপো ভয় নালাগিল ৷ মোৰ পুত্ৰ হৈ মোৰে লগত গাড্ডাৰি গতিকে তোৰ নিচিনা কু পুত্ৰ মোক নালাগে যা এতিয়াই ঘৰ এৰি গুচি যা আজিৰ পৰা এই ঘৰত তোৰ স্থান নাই "
মনুৱে কান্দি কান্দি ক'লে
" অ গুচি যাদ মোকো নালাগে তোৰ নিচিনা হিটলাৰ পিতা যাওঁ সুখত থাকিবি "
এইবুলি মনু দুখমনেৰে ঘৰ এৰি গুচি গ'ল মাকে ঘৰ এৰি নাযাবলৈ বহুত প্ৰয়াস কৰিলে কিন্তু বিফল হ'ল ৷ মনু খোজকাঢ়ি গৈ গৈ কমাৰগাওঁ পালেহি ৷ এনেতে তাৰ চকুত পৰিল যে বস্তুৰে ভৰা ঠেলা এখন বোকাত সোমাই আছে আৰু অৰ্ধ বয়স্ক ব্যক্তি এজনে সম্পূৰ্ণ গাৰ শক্তি লগাই ঠেলাটো বোকাৰপৰা উলিয়াবলৈ চেষ্টা কৰি আছে ৷ শেষত মানুহজন ভাগৰি পৰিল কিন্তু ঠেলাখন বোকাৰপৰা উদ্ধাৰ কৰিব নোৱাৰি বহি পৰিল ৷
আগলৈ
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ