জীৱনৰ গতি খণ্ড- ০২

©Admin
0

দ্বিতীয় দিনা কাহিলীপুৱাতে উঠি গা পা ধুই দেউতাই ৰান্ধি দিয়া গাজৰৰ হালোৱা খাই তৈয়াৰ হৈ ৰৈ আছো ছাৰ অহালৈ বাট চাই বাৰে বাৰে ঘড়ীটোলৈ  দৃষ্টি  ঘড়ীৰ কাঁটাত পাঁচ ছয় সাত বাজি পাৰ হ'ল কিন্তু ৰঞ্জিত ছাৰ নাহিল সিদিনাখন মই বহুত দুখ অনুভৱ কৰিছিলো কাৰণ জীৱনৰ প্ৰথমটো অনুষ্ঠান কৰিবলৈ সুযোগ পাইছিলোঁ তাতো ভাগ্যৰ গ্ৰহণ লাগিল দেউতাই মোৰ অৱস্থা বুজিব পাৰি কাষত বহাই লৈ ক'লে

" চোৱা জীৱনত এনেধৰণৰ ঘটনা ঘটাটো স্বাভাৱিক কথা গতিকে তাৰ কাৰণে মন দুখী কৰাৰ প্ৰয়োজন নাই ৷ মনত বেজাৰ নকৰিবা যেতিয়া সুযোগ পাইছা আজি নহয় কালিলৈ তোমাৰ সপোন বাস্তৱায়িত হবই ৷ এতিয়া যোৱা স্কুলৰ সময় হবলৈ হৈছে "

দেউতাই কোৱা কথাবোৰ মই বুকুত বান্ধি লৈ মনটো মজবুত কৰি লৈ নিজকে ক'লো

" মই মোৰ জীৱনৰ গতি  এদিন সলনি কৰিময়েই মোৰ প্ৰতিভাৰ বলেৰে জীৱনৰ আকাশত সফলতাৰ সুনাম লিখিম এইক্ষেত্ৰত কোনো বাধাই মোক বাধিব নোৱাৰে " এনেদৰে নিজকে সান্তনা দি স্কুললৈ বুলি ওলালো ৷ স্কুলত গৈ পোৱাৰ পাছত শিক্ষক শিক্ষকয়িত্ৰী আৰু স্কুলৰ বিদ্যাৰ্থীৰ প্ৰশ্নৰ সন্মুখী হ'বলগীয়া হ'ল কোনোবাই দুখ প্ৰকাশ কৰিলে আন কোনোবাই ঠাট্টা কৰিলে কিন্তু মই মনে মনে থাকি নিজকে আকৌ ক'লো 

" কৰা কৰা আজি তঁহতে মোক ঠাট্টা মস্কৰা কৰিছা কৰি লোৱা কিন্তু মনত থবি তহঁতেই এদিন মোক গুণগান কৰিবি " 

আৰু এনেদৰে এটা বছৰ অতিক্ৰম

 কৰিলোঁ ৷ দ্বিতীয় বছৰৰ  জানুৱাৰী মাহত এই সুযোগ মই দুনাই পালোঁ আৰু ৰাতিপুৱা দহ বজাত গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিলোঁ ৷ মোৰ মনত উল্লাসৰ ঢৌ

 উঠিছিল  ৷ আমাৰ বাছখন যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি অতিক্ৰম কৰি গৈছিল তেতিয়া কিন্তু চাবলগীয়া দৃশ্য আছিল মই লগত নিয়া দুৰৱীণ খনেৰে মনোৰম দৃশ্যবোৰ উপভোগ কৰি গৈ আছিলো ৷ অসম তথা ভাৰতবৰ্ষৰ  গৌৰৱ এশিঙিয়া গড় , বাঘ , নল গাহৰি , শহাপহু আৰু বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পাই বহুত ভাল লাগিছিল ৷ দুপৰীয়া আমি জখলাবন্ধাত ভাত খাই আকৌ যাত্ৰা আৰম্ভ কৰিলো গুৱাহাটী অভিমুখে ৷

                  আগলৈ

📝দুলাল ৰবিদাস


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)