প্ৰয়োজন মাথোঁ সাহসৰ

©Admin
0
.
সূৰ্য্যৰ হেঙুলীয়া কিৰণৰ তিৰবিৰ্ ৰশ্মি প্ৰৱেশ কৰা বাঁহৰ কণমানি খিৰিকীৰ কাষতে সুসজ্জিত হৈ আছে নানাবিধ ৰঙেৰে তৈয়াৰী সৰু-সৰু পুতলা আৰু ৰহস্যময়ী চিত্ৰবোৰ । ৰঙা, নীলা, সেউজীয়া
ৰঙৰ টেমাবোৰ কাঠৰ টেবুলখনত আটোম -   টোকাৰিকৈ সজাই থাকোঁতেই আইতাকে মাতিলে-"মাজনী‌, এইফালে আহ্ চোন " । আইতাকৰ 
চিঞৰ শুনি দৌৰি গ'ল  ‌ৰীমা । বাৰ বছৰীয়া ৰীমাই সৰুতেই নিজৰ পিতৃ মাতৃক হেৰুৱাই বৰ্তমান খুৰা- খুৰী আৰু আইতাকৰ লগত থাকে । গড়গাঁৱৰ এখন সৰু গাঁৱত ‌এওঁলোকৰ বসতি । মা দেউতাকৰ চেহেৰা‌ মনতে নাই ৰীমাৰ , জন্মৰ পৰা আইতাকৰ লগতেই ডাঙৰ-দীঘল হোৱা ৰীমাক‌ ঈশ্বৰে ইমান‌ আদৰ কৰা আইতাক‌ এজনী দিলে , কিন্তু অতি দুখ লগা কথা এইটো যে এক পথ দুৰ্ঘটনাত তাই নিজৰ সোঁহাতখন হেৰুৱালে । হ'লেও তাই নিজকে কোনো দিনেই দুৰ্বল অথবা শাৰীৰিকভাৱে অক্ষম বুলি ভবা নাছিল কাৰণ আইতাকে তাইক নিতৌ আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে। নিজৰ কাম-কাজ বোৰ সুচাৰুৰূপে কৰাৰ উপৰিও  তাই বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীত প্ৰথম স্হানত উত্তীৰ্ণ হয় ।

      "ঐ মাজনী চাহিচোন, কোন আহিছে ?" --আইতাকে ক'লে । ঘৰলৈ কোনোবা আহিছে বুলি শুনি যেন তাইৰ গাত ততেই‌ নাই । লগে লগে নঙলামুখত গৈ দেখে গৰমৰ ছুটিত শ্বিলঙ ফুৰিবলৈ যোৱা তাইৰ খুৰা-খুৰী‌ আৰু মীনা আহিছে । মীনা‌ তাইৰ খুৰীয়েকৰ‌ ছোৱালী , ৰীমা‌ আৰু মীনা একেলগে ডাঙৰ হৈছে । বহুত দিনৰ পিছত আজি আকৌ মীনাক দেখি তাই নথৈ আনন্দিত । হাত বাউলি‌ মীনাক তাই সাবটি ল'ব যাওঁতেই খুৰীয়েকৰ সেই তিতা কেহা মাত --"ৰহ্ ৰহ্ তই এখন হাতেৰে কেনেকৈ সাবটিবি ?" যা পানী এগিলাচ আনগৈ ! আহিয়েই খুৰীয়েকৰ অভ্যাসগত  বাণীবোৰ শুনি ৰীমাৰ মনটো মৰহি গ'ল । ফিজৰ পৰা ঠাণ্ডা পানী এগিলাচ সৰু ট্ৰে খনতে নি‌ ৰীমাই খুৰীয়েকক দিলে ।
 খুৰীয়েকে কেতিয়াওঁ তাইক মৰমৰ মাত এষাৰি নিদিয়ে, সদায় তাইক অপমান কৰে কাৰণ তেওঁৰ জীয়েক মীনাতকৈ ৰীমা‌ বেছ্ ধুনীয়া আৰু পাৰ্গত ।
কেতিয়াবা ৰীমাই চিঞৰি চিঞৰি ঈশ্বৰক সুধিব বিচাৰে যে কি ভূলৰ‌ পৰিণতিত আজি তাইৰ‌‌ এই অবস্হা ? কিয় কাঢ়ি নিলে সেই মমতাময় মাকৰ কোলাটো?কিয় নাপালে তাই খেল ধেমালি‌ কৰি হহুৱাই থকা দেউতাকৰ মৰমবোৰ ? কিন্তু তাই নিমাত । আইতাকে দুখ পাব বুলি ভাবি তাই  মনখুলি কান্দিবও নোৱাৰে ।

            পোন্ধৰ আগষ্ট উপলক্ষে আয়োজিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়ে আইতাকে ৰীমাক 
 কবলৈ যাওঁতে তাইৰ দুঃখিত হৈ থকা মনটো দেখি আইতাকে‌ সকলো কথা বুজি পালে আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহ দিলে ।
 আইতাকৰ কথা অবজ্ঞা কৰিব নোৱাৰি তাই প্ৰতিযোগিতাত ভাগ ল'বলৈ সাজু হ'ল ।এফালে আকৌ মীনাকো মাকে প্ৰতিযোগিতাত জোৰ জবস্ত কৰি পঠিয়ালে যদিও মীনাই ছবি আঁকিবই নাজানে ।
 দুয়ো ৰাজহুৱা পথাৰৰ অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে হাতত শূন্য পাত্ৰ লৈ থকা এটি কণমানি শিশুলৈ তাইৰ চকু গ'ল , শিশুটিক দেখি তাই আৰু ভাঙি পৰিল । আইতাকে কিবা খাবলৈ বুলি দিয়া দহটকীয়া নোটখন তাই সেই পাত্ৰটোত দি মৌন ভাবে গুচি গ'ল , শিশুটিক চাই থকাৰ সাহস যেন তাইৰ নাছিল ।

                প্ৰতিযোগিতা আৰম্ভ হ'ল । কত যে আয়োজন মীনাৰ ,কেবল প্ৰতিযোগিতাত জয় লাভ কৰাৰ বাবে । কিন্তু কিবা এটা বিষয়ৰ অলপো জ্ঞান নথকাকৈ জানো সফলতা পাব পাৰি ? কলা যে ঈশ্বৰৰ এটা অৱদান  সেই কথা মীনা আৰু তাইৰ মাকে বুজি নাপালে । প্ৰতিযোগিতাত সকলোৱে নিজ নিজ চিন্তা-ধাৰাবোৰ ছবিৰ যোগে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে । তেনেতে তাৰ মাজৰে এজনী  কমবয়সীয়া ছোৱালী হঠাৎ ওচৰতে থকা পুলটোত বাগৰি পৰিল । সকলো চিন্তিত , চৌদিশে হাই- উৰুমি       তথা চিঞৰ বাখৰ । বছা ঐ ,বছা! ছোৱালীজনীক বছা ! কোনোবাই  পুলিচক ফোন কৰিছে কোনোবাই আকৌ সহায়কাৰীলৈ ।কিন্তু সহায়কাৰী ‌বা পুলিচ অহালৈ ৰৈ থকাটো ৰীমাই উচিত নেদেখিলে ,  হাতত থকা ব্ৰাছডাল মাটিতে পেলাই তাইয়ো পুলটোত জাপ মাৰি দিলে ।এতিয়া সকলোৰে প্ৰাণ নাই নাই অবস্হা । কি হ'ব এতিয়া ???
        ক্ষন্তেক সময়ৰ পিছতেই ৰীমা ওলাই আহিল বাওঁহাতৰে যেনেতেনে ধৰি আছে ছোৱালীজনীক ।
সকলোৱে তাইৰ সাহসৰ প্ৰশংসা কৰিছে আৰু অক্ষমতাৰ  মাজতো এনে এটি সফলতা লাভ কৰাৰ বাবে অসম চৰকাৰে তাইক "বীৰ সাহসী" ৰ পুৰস্কাৰ দিয়াৰ সিদ্ধান্ত ল'লে। তাইৰ সেই আধা অকা ছবিটোতে ফুটি উঠিছিল এটি মমতাময় দৃশ্য। আধা অঁকা ছবিটিয়ে যেন পূৰ্ণাংগ দৃশ্যতকৈ অধিক প্ৰাণ পাই উঠিছিল । সকলো বিষয় ববীয়াই তাইৰ ছবিটিক প্ৰথম পুৰস্কাৰ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বিদ্যালয়ৰ প্ৰতিখন কিতাপৰ প্ৰথম পৃষ্ঠাত তাইৰ ছবিটিক ছপা কৰাৰ কথাও উল্লেখ কৰিলে। মীনাইয়ো এই কামটো কৰিব পাৰিলেহেতেন যিহেতু তাই সাতোৰৰ প্ৰশিক্ষণপ্ৰাপ্ত , কিন্তু তাই শাৰিৰীক ভাবে সক্ষম হৈও মানসিক ভাৱে অক্ষম স্বভাৱৰ হোৱা বাবে কেবল নিজৰ কথাহে ভাবিলে । 
     জীৱনত কিবা এটা লাভ কৰিবলৈ হ'লে কিবা এটা ত্যাগ কৰিবই লাগিব প্ৰয়োজন মাথো এখন সাহসী হৃদয়ৰ ।।



 ✍️স্বাতী জয়ছোৱাল
 নাহৰকটীয়া, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)