অনাকাংক্ষিত অধ্যায় (খণ্ড-০২)

Rinku Rajowar
0
গৌৰী নিজৰ টেবুললৈ ঘূৰি আহিল।আজিৰ বাতৰি তাই পঢ়িব!! আনৰ বাবে সহজ হলেও তাইৰ বাবে এইয়া অবিশ্বাস্য।পাৰিবনে তাই বাৰু 'জীৱনাদিত্য'ক আলোকিত কৰি তুলিব!অনন্ত নাথ,প্ৰানজিত দা,অনুৰাগ দা,পখী বাহঁতৰ প্ৰচেষ্টাত থিয় হ'ব পাৰিবনে তাই?পাৰিব ;কিয় নোৱাৰিব?অসাধ্যক সাধ্য কৰিব পৰা ছোৱালী তাই।
"গৌৰী,অথনিৰ পৰা কি ভাবি আছ'নো?ৰেডি হৈছ'নে?"
"অ' পখী বা,একো ভবা নাই।আজি নো কি কি বাতৰি পঢ়িব লাগিব তাকেই চাই আছিলো।"
"ঠিক আছে,ভালকৈ ৰেডি হৈ ওলাই আহ।ভয় খাব নালাগে দে।মই অনুৰাগক কৈছো তোক অলপ চাই দিবলৈ।"
"হ'ব বাৰু পখী বা।"
  পখী যোৱাৰ পাছত গৌৰী নিজৰ কামত লাগিল।কামলৈ ভয় নকৰা ছোৱালী তাই।যিকোনো কাম অনায়াসে কৰিব পৰা সাহস আছে তাইৰ।
 "অনুৰাগ,সাজু হৈছানে সন্ধিয়াৰ বাতৰিৰ বাবে।"
"অ' পখী,সকলো সাজু হ'ল।গৌৰীক বাৰু অলপ আগতে পোৱা newsটো দিছানে?সেইটো বাতৰিৰে তাই আৰম্ভ কৰিব লাগিব।
"অ' সেইটো তাইক দিয়া হোৱা নাই নহয়।তাই আহিলে তুমিয়ে তাইক জনাই দিবা,হ'ব নে?"
"হ'ব বাৰু,মইয়ে তাইক বুজাই দিম।"
    গৌৰী সাজু হৈ ইতিমধ্যেই ছেট পাইছিলহি।আজি তাই তিনিটা বাতৰি মুখ্য স্থান দি বাতৰি পঢ়া আৰম্ভ কৰিব।এটা নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ উদ্যোগত অনলাইন অসমীয়া নাট সমাৰোহৰ ওপৰত,আনটো কালি অহা ধুমুহা জাকে কৰি যোৱা ক্ষতিৰ ওপৰত আৰু এটা আমগুৰিত সাংসদ পুঁজিৰ গৃহ নিৰ্মাণত হোৱা বৃহৎ অনিয়মৰ ওপৰত।
 "গৌৰী,ব্ৰেকিং নিউজকেইটা পঢ়িবলৈ সাজুনে?"
"হয় দাদা,মই ইতিমধ্যে বাতৰি কেইটা পঢ়ি চাইছো।গতিকে কেমেৰাৰ আগত পঢ়িবলৈও মই সম্পূৰ্ণ সাজু।"
"বঢ়িয়া,that's the spirit.কিন্তু সেই তিনিটা বাতৰিৰ লগত আৰু এটা নতুন বাতৰি সংযোজন কৰিব লাগিব।এইটো লোৱা এবাৰ পঢ়ি চোৱা।বাতৰিটো কিদৰে উপস্থাপন কৰিবা সেই দায়িত্ব সম্পূৰ্ণ তোমাৰ।"
"ঠিক আছে অনুৰাগ দা।"
   গৌৰীয়ে কাগজ খিলা মেলি ললে।কিন্তু এয়া কি?এয়া যেন তাইৰ বাবে ব্ৰেকিং নিউজ নহয়;খণ্ড বিখণ্ড তাইৰ জীৱনৰ ধ্বংসস্তূপহে মাথোঁ।কেনেকৈ পঢ়িব পাৰিব তাই সুৰ লগাই এই বাতৰিটো ব্ৰেকিং নিউজ হিচাপে।কিহৰ ন্যায় বিচাৰি পঢ়িব?কাৰ দুচকুৰ অশ্ৰুৰ বিননিৰ বিলাপ কৰিব?দৰ্শকক কেনেদৰে ক'ব  দহমহীয়া সন্তানটি বুকুত লৈ কান্দি থকা এগৰাকী পত্নীৰ আৰ্তনাদ চাবলৈ!ক্ষন্তেকতে উৎসাহী গৌৰী জনী শিল পৰা কপৌৰ দৰে থৰ লাগি ৰ'ল।পাহৰি থাকিব খোজা দুৰ্বিসহ জীৱনৰ টুুকুৰাটো আজি পুনৰ তাইৰ চকুৰ আগত।তাইৰ অতীতে পুনৰ ভুমুকি মাৰিছে তাইৰ জীৱনত,পাহৰি যাব খোজা স্মৃতিবোৰে হেঁচা মাৰি ধৰিছে,কান্দিব খুজিও কান্দিব পৰা নাই তাই।
  কাগজখিলা হাতত লৈ ছেটৰ পৰা গৌৰী ওলাই আহিল।নাই তাই এই বাতৰি পঢ়িব নোৱাৰে।ইমান সাহস গোটাব তাই আজিও পৰা নাই যে,মিহিৰপ্ৰান গগৈৰ হত্যাকাণ্ডৰ বাতৰি ব্ৰেকিং নিউজ হিচাপে অনায়াসে পঢ়ি যাব।বাতৰি পঢ়িবলৈ বেলেগক দিয়ক,কিন্তু তাইৰ দ্বাৰা হত্যাকাণ্ডৰ বাতৰি পঢ়াটো সহজ নহ'ব।এখন অচিনা  অন্তৰৰ দুখত তাই উচুপি উঠিল।
"গৌৰী ,তই ইয়াত অকলে বহি কি কৰি আছ'?"
  গৌৰীয়ে দৌৰি গৈ পখীক সাবটি কান্দি কান্দি কৈ থাকিল
" পখী বা,নোৱাৰো মই আজিৰ বাতৰি পঢ়িব।বা, আপুনিতো জানেই মোৰ জীৱনৰ কথা।কিয় মোক ইয়ালৈ মাতি পঠাইছিল?কিয় আগবাঢ়িবলৈ শিকাইছিল?"
"গৌৰী,কি হ'ল? ইমানকৈ কিয় কান্দিছ'?আচলতে হৈছে কি? কি কৈ আছ' এইবোৰ?"
"পখী বা,সেই দহমহীয়া কেঁচুৱাটি বুকুত সাবটি এগৰাকী মাতৃয়ে কান্দিছে,ঠিক যেনেকৈ বাইছ বছৰ আগতে মোৰ মাই এদিন এনেকৈ ৰাজপথত কান্দিছিল।কেনেকৈ পাহৰো সেই স্মৃতি পখী বা?"
"কিয় এনেকৈ কৈছ' গৌৰী।এই পৃথিৱীত তোক যুঁজিবলৈ শিকাইছিলো,তোৰ দৰে আন দহজনৰ সাৰথি হ'বলৈ শিকাইছিলো,আৰু তই আজি অতীতৰ কথা ভাবি পিছ হুহকিছ'?"
"যি দুখৰ গৰাহত মই খোজ দি আহিছো সেই গৰাহত আন এজনৰ ভৱিষ্যতৰ স্বপ্নৰ সমাধি মই কেনেকৈ চাম পখী বা?পাৰিম নে ক'ব এই জীৱনত ৰং নাই,ন্যায় নাই।সন্তানৰ সুখত সুখী হ'বলৈ,মুখত হাঁহি বিৰিঙাবলৈ,আঙুলিত ধৰি মানৱতা শিকাবলৈ এজন পিতৃ নাই।"
"গৌৰী,পিতৃ নাই সঁচা কিন্তু মানৱতা শিকাবলৈ মাতৃ আৰু আমাৰ দৰে এজাক মানুহ নাই জানো?"
"কিহৰ মানৱতা পখী বা!যি মানৱতাৰ কোনো অৰ্থ নাই।"
"মানৱতা আজি কালি নোহোৱা হৈছে সচা, কিন্তু সেইবুলি আমি যুঁজিবলৈ এৰি দিম নে?এবাৰ ভাবি চোৱা গৌৰী,আজি তুমি এই ঠাইৰ পৰা কেঁচুৱাটিক  সমুখ সমৰলৈ আগবঢ়াই লৈ যোৱাটো বিচাৰিবা নে তাক এলাগী কৰি আলৈ আথানি হোৱাটো বিচাৰিবা?"
  গৌৰী নিৰুত্তৰ।আজি তাইৰ হাতত কোনো প্ৰশ্ন ৰে উত্তৰ নাই।পখীয়ে জানে গৌৰীৰ জীৱনৰ বাস্তৱতাৰ কথা।জনসমুদ্ৰৰ ভীৰৰ মাজত থাকিও অকলশৰে যুঁজি থকা গৌৰীক তাই চিনি পাই।দুখত ভাগি পৰা ছোৱালী নহয় তাই। কিন্তু আজি তাই বাইছ বছৰৰ আগৰ গৌৰী জনী হৈ পৰিছে। সেই দহমহীয়া কেঁচুৱাটিৰ মাজত যেন আজি গৌৰীয়ে নিজকে দেখা পাইছে।সেইজনী গৌৰী যি অবোধ,অবুজ আৰু ৰাজপথৰ একোণত পৰি ৰোৱা এটি ৰক্তাক্ত নিথৰ শৰীৰৰ চাক্ষুস সাক্ষী আছিল।পাৰিবনে আগৰ গৌৰীজনী হৈ ঘূৰি আহিব,সেই কথা পখীয়েও নাজানে। ইমান দিনে পখীয়ে গৌৰীৰ জীৱন যাত্ৰা দেখিছে,সাহস দেখিছে,ভয় দেখিছে,কান্দোন দেখিছে কিন্তু আজিৰ দৰে কেতিয়াও ভাগি পৰা দেখা নাই।পাৰিবনে গৌৰীয়ে জীৱনৰ প্ৰথমটো বাতৰি পঢ়িবলৈ?
(আগলৈ.....) 

📝গৌৰাংগিনী নেওগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)