ষ্ট্ৰিট লাইট

©Admin
0
আজিও স্থিৰতাৰ প্ৰতীক হৈ ৰৈ আছোঁ
নিৰ্লজ্জ মুখাৱয়ব মোৰ প্ৰতিবিম্বৰ বেশত;
মানুহ নামেৰে মাংস খাওঁ বুলি হাত মেলে তেওঁলোকে,
ফটফটিয়া আলোকৰ নিমজ আলিঙ্গণত অটুত হৈ জুমি চাওঁ নিৰলে হস্তৰ আঁৰে!
মানুহৰ দৰে আজিকালি মইও অস্কাৰৰ প্ৰবল দাবীদাৰ,
ৰং চাব শিকিলোঁ,
ভণ্ডামিৰ বিকট দৰ্শনো হৈছে অজস্ৰ বাৰ!
মইও হাজাৰ বাৰ অসহায় সাক্ষী।
নেতাবোৰৰ টুপী-পাইজামাৰ আঁৰত বেলেগ এজন তেজাল মানুহ;
চাৱঁনীত তেওঁলোকৰ অকৃত্ৰিমতা,
অন্ধকাৰ চিচাঁখনৰ আঁৰত হাঁহিৰ যি আভৰণ!
মোৰ লাইটৰ ফাঁকেৰে অসহনীয়!
আজি-কালি লক্ষ্য কৰিবলৈ মোৰ ফিলামেন্টৰ তাঁৰ ডালিক কাবৌ কৰিব লাগে;
নাজানো, কোন মুখাপিন্ধাৰ চিকাৰ হ'লো।
কেতিয়াবা মাউথ অৰ্গেনৰ কোন প্ৰেমিকৰ হৃদয় শাঁত পেলোৱা সপ্তসুৰৰ ঝংকাৰ অনুৰণিত হয় মই নাজানো!
কিন্তু মই কংক্ৰিট'ৰ সিপাৰৰ কাৰখানাৰ বিৰাটকায় শব্দৰ বিপৰীতে এই সুৰত নিঁয়ৰৰ জ্বলিত কণিকাবোৰ স্পৰ্শ কৰিবলৈ কিছু সজ প্ৰেমৰ প্ৰেৰণা পাওঁ!
মোৰ বাবে প্ৰেম এক পিয়লা,
তৃষ্ণাৰ হাবিয়াস ভৰা পিয়লা!
মোৰো মন যায়...!
দিনটোৰ নিসঙ্গতা আঁতৰাবলৈ পুনৰ বাৰ তমসাক মষিমূৰ কৰাৰ মানসেৰে মই ৰৈ থাকোঁ!
পুনৰ আন্ধাৰৰ সমাৱেশ,
মোৰ বিপণি আৰম্ভ!
মোৰ গুৰিটোৰ আলম লৈ শুই থকা পাগলী জনীৰ বিদিৰ্ণ কাপোৰৰ সিঁচৰতি হৈ থকাৰ নিকটত যন্ত্ৰণাময় শৱ্দৰ নেপথ্যত কোটৰ আভৰণত ছচমা পিন্ধা ভদ্ৰজনৰ পিপাসু মনৰ তৃপ্তি পূৰোৱা মিচিকিয়া হাঁহি মই অনেক বাৰ দেখিছোঁ!
সেইজনৰ বিশেষণ বোলে "মানুহ"...!
হয়, তেখেত এজন মানুহ...
উচ্চাভিলাষী ভদ্ৰতাৰ কামিজ পিন্ধা তেখেত এজন মানুহ।
চেয়াৰৰ আৰামেৰে ৩৬০° কোণৰ সমষ্টিক তাৎক্ষণিকভাৱে পৰিভ্ৰমণ কৰি টেবুলৰ তলত গণিতৰ কঠিন সুত্ৰৰ প্ৰয়োগেৰে দুহাজাৰ টকীয়া নোটৰ বান্দুলৰ হিচাপ;
হয়, তেখেত এজন মানুহ!
কংক্ৰিট'ৰ গৰাকীৰ বাবে তেখেত এজন সৌষ্ঠৱতাপূৰ্ণ মানুহ!
শুনি যোৱা তুমি মানুহৰ সভ্যতাক গঢ়া দু:সাহসিক বিশেষণৰ গাঁঠা;
মইয়ে ষ্ট্ৰিট লাইট,
ভদ্ৰতাৰ কামিজ পিন্ধা তেওঁলোকক পোহৰ বিলোৱা সভ্যতাৰ সাক্ষীৰ বাবে তেওঁলোকৰ গাইড...!


📝হোমেন গগৈ
সোণাৰি মহাবিদ্যালয়
সাপেখাতী, চৰাইদেউ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)