পাগলী

©Admin
0
মই পাগলী নহয় অ'।
মিছাতে মোক পাগলী নসজাবা।
ফুটপাথৰ কাষত ৰাতি কটালো বুলিয়েই 
মই কি পাগলী?
ডাষ্টবিনৰ পৰা নিজৰ পেটৰ ভোক গুছাবলৈ লোকে পেলাই থৈ যোৱা খাদ্য বুটলি খাওঁ সেই বাবেই মই পাগলী?

যদি মই পাগলী তেনেহ'লে
ক্ষন্তেক সময়ৰ বাবে
ৰাতি আন্ধাৰৰ সুযোগ লৈ কিয় সাজিলিহি মোক ফুলশয্যাৰ ৰুপৱতী।
যদি মই পাগলী কোনে আহি পূৰাই যায় মনৰ বাসনা?

দিনত হ'লে মই পাগলী আৰু ৰাতি হ'লে বেশ্যা-বদনামী।
মই যে পাগলী সকলোৱে তাৰ সুযোগ লয়।
ভদ্ৰতা মুখা পিন্ধা এচামে আমাৰ দৰে মানুহক ঘ্ৰিণাৰ চকুৰে চাই।
যেন আমি অজান দেশৰ পৰা অহা জংঘলী জানোৱাৰ

মিছাতেই মোক পাগলী সজাই নগ্ন নকৰিবি
তহঁত বোৰ যদি ইমানেই ভদ্ৰ
তেনেহ'লে সেই নগ্নতাত কিয় মগ্ন হ'বলৈ আহ?

যদি মই পাগলী তেনেহ'লে কিয় জাপি দিলি
মোৰ গৰ্ভত তহঁতৰ পাপৰ বোজা!
মোক পাপী সজাবলৈ?
নে তাচ্ছিল্যৰ হাঁহি মাৰি 
অবৈধ্য সন্তানৰ পাগলী মাতৃ বুলি চিঞৰি চিঞৰি ক'বলৈ।

অ' অ' মই পাগলী(হা হা হা)
আজি মই সঁচাকৈয়ে পাগলী
পাগলী মই।
মই মৰিব নোৱাৰো
মই জীয়াই থাকিম 
মোৰ বাবে নহ'লেও,মোৰ হ'ব লগীয়া সন্তানটোৰ বাবে।

তহঁত মুখা পিন্ধা ভদ্ৰ বোৰে কিয় জাপি দিলি মোৰ পেটত পাপ নামৰ মিছা অপবাদ, কিয়?
মই পাগলী সেই বাবেই নহয় জানো।
মই পাগলী নাছিলো
তহঁতে মোক মিছাতেই পাগলী সজালি 
মাথো এটা ৰাতি ভোকৰ তাড়নাত থাকিব নোৱাৰি সৌ ৰাস্তাৰ কাষৰ ডাষ্টবিনটোৰ পৰা এসাঁজ খাদ্য খোৱাৰ বাবে।

এদিন তহঁতে মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব
মই পাগলী নে তহঁত বোৰ পাগল?
সাজো হৈ থাক মা কালীৰ ৰণচণ্ডী ৰূপ চাবলৈ।
সাজু হ' মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ।

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)