অন্বেষণ

©Admin
0
বাটে পথে উজুটি খাই 
নখেদি তেজ উলাই,
সুখৰ ঠাই বিচাৰি পাগলিজনীয়ে
অ'ত ত'ত হাবাথুৰি খাই ।
বিলাসী গাড়িয়ে দ্ৰুত বেগে আহি
তাইৰ মুখত বোকা চটিয়াই ,
আবুল তাবুল বলকে 
এনে ঠাই বিচাৰি যাই
য'ত তাই শান্তি পায় ।

খোৱাৰ লালসাত তাই 
ৰাজপথলৈ ওলাই যায় ,
আভিজাত‍্যৰ প্ৰতীকস্বৰূপ
পথভ্ৰষ্ট গাড়ীৰ খুন্দাত 
তাইৰ প্ৰাণ বায়ু  নিমিষতে হেৰাই,
চাৰি কান্ধত উঠাই 
তাইক স্মশান লৈ যায়,
জীৱনৰ সকলো জঞ্জাল মুক্ত 
এটি জীৱন বিচাৰি পায় ।

✍️নবীন চন্দ্ৰ কুৰ্মী
বৰপাম,চতিয়া,বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)