মোৰ পিতাইৰ
জীৱন জীৱিকা কৃষি।
সৰুৰে পৰাই দেখিছোঁ
সকলো বোৰ আমি।
কেনেকৈ বাৰিষাৰ বানে
পিতাই সেউজীয়া পথাৰ খনিকলৈ দেখা সপোন বোৰ পলকতে থানবান কৰে?
ঘৰৰ জেষ্ঠ পুত্ৰ হোৱাৰ হেতুকে
শিক্ষা জীৱন ত্যাগীলো বুজন হোৱাৰে পৰা।
কান্ধত আৰি ল'লো এটি এটি কৈ কৰ্মৰ বোজাক
যাতে পিতাই কিঞ্চিৎ হ'লেও সকাহ পাই।
আজিও মনলে আহে
আইটিয়ে ইহলোক এৰিবৰ পৰত।
মোৰ কাণত কৈ গৈছিল
"বোপাই পিতায়ৰাক চাবি মই আহিলো" বুলি।
এই কথা ভাৱিলেই
মোৰ চকুলো ভৰি পৰে।
পিতায়ৰ মুখত হাঁহি বিৰিঙাৱলৈ
সেয়েহে অহৰহ প্ৰচেষ্টা কৰিছোঁ।
কৃষকৰ পুত্ৰ যিহেতু
কৃষিয়ে আমাৰ সৰ্বস্ব ও সৰ্বধৰ্মীয় কৰ্ম।
📝কিৰণ জয় চাওদাং
ডিব্ৰুগড়,অসম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ