দক্ষিণ কামৰূপৰ খেল- ধেমালী আৰু অৱসৰ বিনোদনঃ০১

©Admin
0
 সাধাৰনতে মানুহে কোনো কাম কৰাৰ শেষত জিৰণি লয় আৰু এই জিৰণিৰ সময়খিনিয়েই অৱসৰ বিনোদনৰ অমূল্য সময় আৰু এই অমূল্য সময়খিনি কি দৰেনো অতিবাহিত কৰিব পাৰি -ইয়ো এটা ডাঙৰ প্রশ্ন | স্বাভাবিকতে কোনো এটা প্রধান কামৰ পিছত জিৰণিৰ সময়খিনি অবাবতে নকটাই এটি লঘু কামেৰে কটাব পাৰি | তাৰ বাবে সংগীত , খেল-ধেমালী আদি বিষয় আছে যিবোৰৰ জৰিয়তে অতি সুন্দৰ ভাবে অৱসৰ বিনোদন কৰিব পাৰি | ভিতৰৰ খেল ধেমালীকো অৱসৰ বিনোদনৰ আহিলা হিচাবে ব্যৱহাৰ কৰিব পাৰি | এহাতে কামৰ জিৰণি সময়খিনি ভালদৰে কটাব পাৰি আৰু আনহাতে আন আন আনুসংগিক কামতো বুতপত্তি লাভ কৰাৰ সুযোগ সুবিধা পোৱা যায় | এনে কৰিলে মনত উদ্যম বাঢ়় | মনৰ বিষণ্ণতা আতৰি যায় | মনত অৱসাদ নাথাকে | পুৰ্ণ্যোদমে কাম কৰিবলৈ প্রেৰণা লাভ কৰিব পাৰি | স্বাস্থ্যৰক্ষাতো সহায়ক হয় | সেয়েহে খেল-ধেমালী অৱসৰ বিনোদনৰ উত্তম মাধ্যম বুলি ক'ব পাৰি ৷
   
প্রাচীন কালৰে পৰা মানুহে সমাজত খেল-ধেমালিক প্রাধান্য দি আহিছে | শাস্ত্রাদিতো বহুত খেল ধেমালীৰ নাম পোৱা যায় | ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে খেল-ধেমালি মানুহৰ আজিৰ আবিস্কাৰ নাছিল | আবহমান কালৰ বুকুতে খেল-ধেমালিৰো জন্ম হৈছিল আৰু খেল- ধেমালিয়ে মানুহক বিমল আনন্দ প্রদান কৰিছিল | আজিও মানুহ এই আননিদৰ পৰা বঞ্চিত হোৱা নাই আৰু ভৱিষ্যতেও নহয় |
     দক্ষিণ কামৰূপ এখনি ক্রীড়ংগনৰ ঠাই হিচাবে স্বীকৃত | আদিম কালত ইয়াৰ মানুহৰ মাজত বহুতো খেল-ধেমালিৰ প্রচলন হৈছিল | তাৰে ভিতৰত পুৰণি কালৰ হাফালা , হাইমাদে , বাটা বা হাতা বাটা , জলে কড়ি , ঘিলা গাটাঘাই , হুদুগুদু , ইত্যাদি খেলৰ নাম কব পাৰি | হাফালা আজি কালিৰ দীঘল জাপৰ লেখিয়া খেল | 
দূৰৰ পৰা দৌৰি গৈ মাটিৰ ভিঠাৰ ওপৰত ভৰি দি জাঁপ দিব লাগে | হাইমাদে হৈছে এতিয়াৰ কাবাদী খেল সদৃশ খেল | কুট কুট কৰি চিঞৰি চিঞৰি ইপক্ষৰ খেলুৱৈয়ে সিপক্ষৰ খেলিৱৈক চুব লাগে | বাঁহৰ আলুৰ পৰা বাটা সাজি বাঁহৰ হাঠাৰে বাটা বা হাটাবাটা খেল খেলোৱা হয় | কড়ি এবিধ আমোদজনক খেল | কড়ি খেল ছটা কৰিৰে খেলোৱা হয় | কড়ি খেল বৰ্তমানৰ লুডু খেলৰ নিচিনা | মাঘ বা ভোগালী বিহুত এই খেল খেলোৱা হয় | ঘিলা খেল ঘিলাৰে খলোৱা হয় | এসময়ত পাহাৰুৱা গাৰো সম্প্রদায়ৰ তিৰোতা সকলে ভৈয়ামৰ গ্রাম্যাঞ্চলৈ আহি ঘিলা দি ধান সলাই
 নিছিল |                
                 আগলৈ ••••
  
  📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)