ভোকাতুৰ হৃদয় খনৰ
ভোক মাৰিবলৈ তেওঁ
কিমান মানুহৰ আখলৰ
দুৱাৰত টোকৰ মাৰিছিল?
হয়তো তেওঁৰো হিচাপ নাই।
কাৰোবাৰ ঘৰত খুদক'ণ নাছিল।
আৰু কোনোৱে ভিক্ষা দিয়া নাছিল।
আৰু কোনোবাই একো
নভৱাকৈ তেওঁৰ জোলোঙাত
এটুকুৰা ৰুটি দলিয়াই দিছিল।
দ্বিতীয় দিনা হয়তো আকৌ
গৈছিল এটুকুৰা শুকান ৰুটিৰ বাবে।
অথচ মানুহজনৰ ঘৰত আছিল সকলো
কিন্তু তেওঁ ঘৰৰ খাদ্য বোৰত শেলাই পৰিছিল নেকি?
অনাই বনাই দিহিঙে দিপাঙে ঘূৰিছিল যদিও
তেওঁ নিজৰ কৰ্তব্য বৰ ভালকৈ কৰিছিল।
দিনতো কামৰ লগতে ঘৰলৈ উভতি আহিছিল নিতৌ।
কাৰণ ঘৰখনো বৰ হেঁপাহেৰে
সাজিছিল তেওঁ।
তেওঁৰ পত্নীয়ে নাজানিছিল
তেওঁৰ মানুহজনৰ
পেটত বহু ভোক আছিল।
হয়তো তেওঁ উদাসীন আছিল
তথাপি তেওঁ পত্নীক বহু মৰম কৰিছিল।
ভোকবোৰে তেওঁৰ ওপৰত
অত্যাচাৰ কৰিছিল।
এদিন এঘৰ মানুহৰ পৰা আনিছিল এটা হাঁহি আৰু
এটা সঁচা আৰ্শীবাদ।
তেওঁৰ অবিচলিত মনত
অনেক জোৱাৰ ভাটাই
ক্ৰিয়া কৰিছিল।
তেওঁ লাহে লাহে ইঘৰ সিঘৰৰ
খাদ্য কেনে তাকে পৰীক্ষা কৰিছিল ।
বিনিময়ত তেওঁ কিছু দান
তেওঁলোককো দিছিল।
মানুহজন প্ৰকৃততে কেনে
আছিল কোনেও নাজানে।
ময়ো নাজানো।
📝ৰিজু মণি দেৱী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ