স্বদেশ

©Admin
0

জয় জয়তে শ্বহীদ প্ৰণামো তোমাক।
সিমান্তৰ সিপাৰে থকা আমাৰ সাহসী সৈন্য।
তোমালোকৰ বৰ কষ্ট হৈছে নহয়?
কি কৰিবা উপায় নাই।
তোমালোকৰ কাৰণেইটো আমি বোৰে
শান্তিৰে শুব পাৰিছো ওৰেনিশা।

এটা কথা সোধো বেয়া নাপাবা
বহা'গৰ সেই কুলিৰ মিঠা মাতে 
তোমালোকক ছাগে বৰ আমনি কৰে নহয় জানো।
আৰু ভোগৰ ভোগালীয়েও ছাগে তোমালোকক হাত বাউলী মাতে।
দেশ ৰক্ষাৰ হেতু তোমালোকৰ বলিদানেই যথেষ্ট দেশৰ কাৰণে।

কিন্তু কি জানা আজি কালি এচাম মুখা পিন্ধা ভদ্ৰ সমাজে তোমালোকৰ বদনাম দিয়ে।
তেতিয়া নিজকে বৰ অপৰাধী যেন অনুভৱ হয়।
আ-ৰে যাৰ বাবে শান্তিত শুব পাৰিছো,শান্তিত খাব পাৰিছো।
তেওঁৱেই নহয় জানো ভাৰত মাতাৰ সুয্যেৰ্গ সন্তান বীৰ শ্বহীদ।
তাতকৈ গৌৰৱৰ কথা হ'ল
দহমাহ,দহদিন গৰ্ভত ৰাখি ১৯টা বছৰ লালন-পালন নিজেই লঘোনত থাকি হ'লেও নিজ সন্তানক খোৱাই পিন্ধাই ডাঙৰ দীঘল কৰি দেশ মাতৃৰ ৰক্ষা হেতু ঠেলি দিয়ে দুচকুত অশ্ৰুলৈ মাতৃয়ে।
তাতকৈ আৰু ডাঙৰ কথা কিবা হ'ব পাৰে জানো?
আই মাতৃৰ ৰক্ষাৰ হেতু শপি দিলে কলিজাৰ টুকুৰাটো।
স্বদেশৰ ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি আগুৱাই যায় আমাৰ বীৰ সেনানী।
ভাৰত মাতাৰ জয় গান গাবলৈ।
বুকু দাঠি কয় বন্দেমাতৰ্‌ম।


দ্বীপ দীপাংকৰ লাহন।
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)