ৰাভা সকলৰ অনন্য কৃষ্টি দেওধ্বনী - ০৪

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা
মাৰে পূজাত দেওধ্বনী দকঁত পৰাটো এটা বিশেষভাবে মন কৰিবলগীয়া কথা | পূজাৰ দ্বিতীয় নিশা দেওধ্বনীয়ে তিনিবাৰ অচেতন হৈ মৃত সদৃশ অৱস্থাত থাকে | ইয়াকে দকঁত পৰা বুলি কয় | প্রথমতে ফুলদক,দ্বিতীয়তে দুৰ্গাদকঁ,তৃতীয়তে গোসাঁইদকঁ | তথাপি তাৰ সামান্য আভাস আকৌ দাঙিধৰা হ'ল | দুৰ্গাদেৱীয়ে গোসাঁইৰ মালঞ্চত প্রৱেশ কৰি ফুল চিঙি ভাগৰিপৰাত বিশ্রাম লওঁতে কিছুসময়ৰ বাবে অচেতন হৈ পৰে | তাক ফুলদঁক বোলে | পিছত মহাদেৱ আহি দেৱীক টোপনীৰ পৰা জগাই তোলাত দকঁৰ অন্ত পৰে আৰু দেওধ্বনী জাগি উঠে | দ্বিতীয়তে দুৰ্গাই পদ্মাৱতীক অত্যাচাৰ কৰি চকু এটাও কণা কৰাত পদ্মাই ক্ৰোধৰ বশবৰ্তী হৈ সৰ্পৰূপ ধাৰণ কৰি দুৰ্গাক দংশন কৰে | দুৰ্গাৰ প্রাণ বায়ু উৰি যায় | এই দৃশ্যৰ বাস্তব ৰূপত অৱতাৰণা কৰিবলৈ দেওধ্বনীয়ে দুৰ্গাৰ ভূমিকাত দ্বিতীয়বাৰৰ বীবে দকঁত পৰে | ইয়াকে দুৰ্গাদঁক বোলে | ওজাপালিয়ে জীৱদান গীত গাই গাই বিষ নমাই দুৰ্গাক পুনৰ জীয়াই তোলে | ইয়াকে দকঁতোলা বোলে | তৃতীয়বাৰ দেএধ্বনী দকঁত পৰে যেতিয়া সমুদ্র মন্থনত বিষ বাহিৰ হোৱাত মহাদেবে পান কৰি চেতনা হেৰুৱাই মাজ সাগৰত পৰি থাকে | এইবাৰ দেওধ্বনীয়ে মহাদেবৰ ভূমিকা লৈ দকঁত পৰে | ইয়াকে গোসাঁইদ্কঁ বোলে | ওজাপালিয়ে আগৰ দৰেই গীত গাই মহাদেৱক জীয়াই তুলি দকঁৰ অন্ত কৰে |
আগলৈ••••
      
📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)