মৰমৰ কুলি

©Admin
0
বুকুত উতলা যৌৱন লৈ
আকৌ আহিল এইবাৰ বহাগত
অফুৰন্ত মৰম বিচাৰি
কুলি জনী আমাৰ মাজলৈ ।
চিঞঁৰি চিঞঁৰি ভাগৰি পৰিল
নাপালে তাই আমাৰ পৰা
একো সহাঁৰি ।
নুশুনিলে তাই আগৰ দৰে
এইবাৰ বিহুত 
ঢোল, পেপাঁ,গগনাৰ মাত;
দেখিলে তাই;
ডালৰ কঁপৌ ডালতে শুকাল ।
নাপালে তাই 
এইবাৰ আমাৰ মাজত
আগৰ দৰে অনাবিল আনন্দ ।
প্ৰকৃতিয়েও ন সাঁজ সলালে
যদিও এইবাৰ মৌন ।
উতলা যৌৱন বুকুত লৈ
গুছি গ'ল তাই বিষাদ মনেৰে
আমাৰ মাজৰ পৰা বহু দূৰলৈ ।
অহাবাৰ আকৌ আহিবি কুলি
এইবাৰ বুকুত জ্বলিছে আমাৰ 
বিষাদৰ জুই ।
অহাবাৰ  আঁদৰি আনিম তোক
ঢোল পেপাঁ গগনাৰ মাতেৰে 
বাঞ্ছিত বোৰ-------- 
দিম তোক কোচ ভৰাই ।
বঞ্চনা নকৰিবি কুলি
অহাবাৰ বহাগত আমাৰ মাজলৈ
তই আকৌ আহিবি কুলি
তই আকৌ আহিবি ।।

📝বিনিতা বৰা 
হোজাই জিলা
লংকা কাকী-৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)