এজাক বৰষুণৰ অপেক্ষাত-০৭

Rinku Rajowar
0
______ হ'ব দে নাকান্দিবি আৰু। চা মানুহে কেনেকৈ চাই আছে। চকুপানী মচি দিলো তাইক। 
বৰ্ষা______ তোক আৰু মই লগ নাপাম চাগৈ।
______ মইতো ফোন কৰিয়েই থাকিম।আৰু পৰীক্ষা কেইদিন টো লগ পামেই।
বৰ্ষা______ নহয় অ"" মই আৰু 1st year ৰ পৰীক্ষা দিবলৈ নাপাওঁ। আজিয়েই মোৰ শেষ দিন হয়তো। 
কথা খিনি কৈ তাই আকৌ কান্দি পেলালে।
______ কিয় কি হৈছে । তই মোক ভাল কৈ নকৱ কিয়? কলে হে কিবা এটা কৰিব পাৰিম।
বৰ্ষা______ মোক ঘৰৰ পৰা বিয়া দি দিব একেবাৰে। মই কি কৰো ক' জীয়া।মোৰ এতিয়াই বিয়া হবলৈ মন নাই। মোৰ আৰু অলপ পঢ়ি কিবা এটা কৰিবলৈ মন। মই suicide কৰি দিম জীয়া।
_______ ধেৎ; পাগলি কি কৈছ" তই এইবোৰ। আৰু এতিয়াই বিয়া.......? কোনে তোক বিয়া দিব খুজিছে এতিয়াই?
বৰ্ষা_______ মায়ে দিব।
______ মায়ে দিব। কিয় দেউতাই কি কয়??? 
বৰ্ষা______ দেউতাই একো কৰিব নোৱাৰে অ' মেট্ৰিক দিয়া পাছতেই মোক বিয়া দিয়া কথা আছিল । দেউতাক যেনে তেনে কৈ মই কলেজত নাম লগাইছিলো। দেউতাৰো মোক পঢ়াবলৈ মন এতিয়াই বিয়া দিব মন নাই। কিন্তু আৰু নহব।দেউতাৰ কথা মায়ে শুনিব নিবিচাৰে । মই মৰি থাকিম জীয়া। মই বিয়া নহওঁ।
_______ দেউতাই কিয় একো কৰিব নোৱাৰে। মায়ে কিয় দেউতাৰ কথা শুনিব নিবিচাৰে? তই মোক কথা বোৰ ভাল কৈ ক" চোন। তই ইমান সহজতে হাৰ মানিলে কেনেকৈ হ'ব।
আজিলৈকে তাইক মই ইমান ভাগি পৰা কেতিয়াও দেখা নাছিলো।
বৰ্ষা______ কথাবোৰ ক'বলৈ হ'লে বহুত দীঘল হব। তই শুনিব পাৰিব জানো। মোৰ একো আশা নাইকিয়া হৈ গৈছে আৰু.....
_______ ক" শুনিম,,, আৰু মায়ে কি নাজানে নেকি ইমান সৰুতে বিয়া দিব লাগে নে নালাগে। নিজৰ মা নহয় নেকি তোৰ?
বহুত খং উঠিছে,,, বেছেৰি ইমান দিনৰ পৰা তাই এইবোৰ সহ্য কৰি আছিল।
বৰ্ষা_______ নিজৰ মায়ে হয় অ মোৰ ।মায়ে এইবোৰ সব জানি বুজি কৰিছে। মায়ে  কৰো কথা নুশুনে। দেউতাক সদাই তলত ৰাখে। তোক আগৰ পৰা কৈছো,,,,, মোৰ মামাই আগতে বেংকত চাকৰি কৰিছিল। মেনেজাৰ। আৰু সেইটো সময়ত মূৰ দেউতা মামাৰ বহুত ভাল বন্ধু আছিল।।    দেউতা বহুত ভাল মানুহ সেইবাবে মামাৰ বহুত বিশ্বাসী আছিল ।দেউতাৰ লগত মামা মোৰ মাক বিয়া নকৰা আগৰ পৰাই চিনাকি। মোৰ দেউতাৰ পৰিয়ালটো বহুত দুখীয়া আছিল। দুখীয়া আছিল বাবেই মোৰ মায়ে দেউতাক একেবাৰেই ভাল পোৱা নাছিল।  আৰু এদিন মামাই মোৰ মাক দেউতাৰলৈ বিয়া দিয়া কথা ভাবিলে লগত তেওঁ নিজৰ অফিচতে কৈ দেউতাক চাকৰি এটা দিম কলে। দেউতাৰ মাক বিয়া কৰিবলৈ মন নাছিল কাৰণ দেউতাই জানিছিল মায়ে দেউতাক পছন্দ নকৰে। কিন্তু মামাৰ কথা ৰাখিবলৈ তেওঁ মাক বিয়া কৰালে আৰু মায়েও মামা আৰু আইতাৰ কথা মতেই বিয়াত বহিবলৈ মান্তি হ'ল।সেইমতে দেউতাই চাকৰি টো পালে আৰু তেতিয়াৰে পৰা দেউতাই মাৰ সব কথা শুনিব লগীয়া হৈছে। মামাহঁতে মনত দুখ পাই বুলি দেউতাই একো নকয়। কেইবছৰ মানৰ পাছত মই জন্ম হ'লো। মই জন্ম হোৱাটো মায়ে অলপো বিচৰা নাছিল। আৰু এইবোৰ কথা এদিন আইতা, মামাই গম পাই মাক কিবা কিবি ক'লত মায়ে মামা হঁতৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিলে। সদাই দেউতাৰ লগত কাজিয়া কৰে। আইতা মামাই মোক স্কুলত লগ কৰিব আহে। মোৰ বহুত বেয়া লাগে মই কেতিয়াও মামা ঘৰলৈ যাবলৈ পোৱা নাই। এনেকৈয়ে মই ঘৰৰ কাজিয়া সকলো খিনি সহ্য কৰি গৈ থাকিলো আৰু এদিন দেউতাৰ অফিচৰ মানুহ এজন দেউতাৰ লগত আমাৰ ঘৰলৈ আহিল। কথাত কথা ওলাই মানুহ জনে বিয়াৰ কথা ক'লে। কথাটো শুনি মায়ে বৰ ভাল পালে মানুহ জনে তাতে চাকৰিও কৰে সেই দেখি মোক মানুহ জনলৈ বিয়া দিয়া কথা ক'লে। দেউতাই নিদিওঁ বুলি কোৱা পাছতো মায়ে মানুহ জনক বিয়াৰ প্ৰস্তাৱ দিলে সেইমতে মানুহ জনেও সন্মতি দিলে। মানুহ জনক বিয়া পাতিবলৈ ছোৱালী লাগে ডাঙৰ সৰু কথা নাই। কথাটো শুনি মই মাক বহুত বুজাবলৈ চেষ্টা কৰিলো কিন্তু লাভ নহ'ল। সদাই মই কান্দো, দেউতাইয়ো মোক দেখি কান্দে।কিন্তু মাৰ অলপো হিয়া নগলে।
_______ তাইৰ কথা খিনি শুনি আছো । একো কৰিব পৰা নাই। বহুত দেৰি হ'ল সেইখিনি তে। কথা বোৰ কৈ কৈ আকৌ কান্দে। আচৰিত মই। কি কৰিম ভাবি পোৱা নাই।
বৰ্ষা_______ তইয়ে ক" জীয়া মই দেউতাৰ বয়সৰ মানুহটোৰ লগত কেনেকৈ বিয়া হওঁ। মানুহ জনৰ প্ৰথমা পত্নী কিবা হৈ ঢুকাল ল'ৰা আছে ৭ বছৰ মান হৈছে।
________ কি........??? পাগল হ'ল নেকি মানুহ বোৰ । (গাটো জ্বলি পুৰি গৈছে)।ইমান ডাঙৰ মানুহ জনে কিয় বিয়া পাতিব বিচাৰিছে আকৌ???  তই চিন্তা নকৰিবি পৰীক্ষাৰ পাছত দুই জনীয়ে মিলি কিবা এটা কৰিম। তই এটা কাম কৰ! পৰীক্ষা লৈকে মাক সময় বিচাৰ।পৰীক্ষাৰ পাছত যি কৰিব লাগে কৰিম। তই যেনে তেনে এইকেইদিনৰ কাৰণে কিবা এটা কৰ।
বৰ্ষা_______ একো নহব অ। মই শেষ already।জান'' মোক মায়ে এতিয়া সেইটো কাৰণে বেলেগ কোনো ল'ৰাৰ লগতো কথা পাতিব নিদিয়ে।
_______ চা সব ঠিক হৈ যাব। মই তোক তেনেকুৱা হবলৈ নিদিওঁ মই কিবা এটা কৰিম নিজেই। যিয়েই নহওঁক লাগিলে। 
_______ কথা খিনি তাইক যেনেকৈ কলো অলপ দেৰি কাৰণে নিজকে বহুত ডাঙৰ হোৱা যেন লাগিল।
_______ তই মাক অলপ সময় বিচাৰ।
বৰ্ষা______ hmm
_______ হ'ব।ব'ল গৈ থাকো এতিয়া। কান্দি নাথাকিবি আৰু। মই ঘৰলৈ গৈ ফোন কৰিম।ভাল কৈ পঢ়িবি। দুই জনী গাড়ী ওচৰ পালো গৈ।
_______ যাওঁ। পৰীক্ষাত লগ পাম। মন মাৰি নাথাকিবি।
বৰ্ষা______ ওম bye
গাড়ীত বহি আছো। তাইৰ কথা শুনি প্ৰান্তিক দাৰ কথা পাহৰিয়েই থাকিলো। আজি লগো নাপালো। ৰহ্!!! ৰাতি মেচেজ কৰিব নহয় reply নকৰো। বহুত বেছি।।।
ঘৰ পালোগৈ।মনটো আজি ভাল লগা নাই । ভাত নাখালো গৈ।তেনেকেই শুই আছো এনেই। বৰ্ষাৰ কথা বোৰ ভাবি চকুপানী ওলাই আহিছে।
_______" জীউ , ভাত নাখাৱ  আজি । আহি পাইয়েই শুই আছ" যে।" মা সোমাই আহিল ৰুমলৈ।
_______ নাখাওঁ এতিয়া মন যোৱা নাই। শুই থাকিয়েই উত্তৰ দিলো।
______ "কিয় গাটো বেয়া নেকি তোৰ? চাওঁ" । এইবাৰ মা ওচৰতে আহি বহি ললেহি।
_____নাই হোৱা অ" একো।
_____ কন্দিছ" কিয় তই।
কান্দি থকা মাত টো মায়ে বুজি পাই সুধিলে।
_____ মা, সকলো মা কিয় একেই নহয়। বৰ্ষাৰ কথা খিনি মাক কলো।
_____ ইমান সৰুতে বিয়া.....?
মা আচৰিত হৈ গ'ল।
_____ সেইজনী মাক নহয় ডাইনী হয়।
______ ধেৎ,জীউ ডাঙৰ মানুহক তেনেকৈ কব নাপাই।
______ উপাই নাই মা তাই কি কৰিব এতিয়া।
______ একো নহয় সব ঠিক হৈ যাব। কিবা এটা কৰিব লাগিব ।মই কথা পাতিম তাইৰ মাকৰ লগত। তই এতিয়া পঢ়াত মন দে।
কথাবোৰ কৈ মা গুছি গল। প্ৰান্তিক দাৰ মেছেজ reply নকৰো বুলি ভাবিছো যদিও ফোন টো ওচৰতে থৈ দিছো। 
সন্ধিয়া ৮ তা বাজিল এতিয়া লৈকে তেওঁৰ মেচেজ নাই। 
_____কিবা হল।আগতে টো ইমান সময়ত মেচেজ কৰে। ময়েই মেচেজ এটা কৰি চাওঁ নেকি।
______ নাই নকৰো।কি কম সুধিলে? থাকক । নকৰিলে নাই। ......
গোটেই ৰাতি পাৰ হৈ গল এটাও মেচেজ নাহিল তেওঁৰ। 

______ বাদ দে জীয়া। পঢ়াত মন দে। আৰু তিনি দিনৰ পাছত পৰীক্ষা।নিজকে নিজেই বুজালো। পৰীক্ষাৰ কাৰণে দিনে ৰাতিয়ে লাগিলো। মাজে মাজে বৰ্ষালৈ ফোন কৰো যদিও বেছি দেৰি কথা পাতি নাথাকো। কাৰণ সেইদিনা ফোন কৰোতে তাই কোনোবা লৰাৰ লগত কথা পাতি আছে বুলি মাকে খুব গালি পাৰিছিল। মই কথা বোৰ শুনি আছিলো। তাই মাকক পৰীক্ষাৰ কাৰণে কেইদিন মন সময় বিচৰাত মাকে প্ৰথমতে নিদিওঁ কৈছিল যদিও পাছত মান্তি হল।
______ তাইক মই কথা দিলো কিবা এটা কৰিম বুলি এতিয়া মই কৰিম নো কি ? কথা বোৰ ভাবি ভাবি একো পোৱা নাই।
কাইলৈৰ পৰা পৰীক্ষা।কি যে হব নহয়। এইকেইদিন প্ৰান্তিক দাৰ এটা মেছেজো নাই।
______ নামাতো লগ পালে কলেজত।আজিৰ পৰা পৰীক্ষা। আগবেলা আছে। ৰাতিপুৱা সোনকালে শুই উঠি ভগবানৰ ওচৰত চাকি এগছি জ্বলাই কলেজলৈ গ'লো।কলেজত প্ৰান্তিক দাক দেখিলে নামাটো বুলি ভাবি থৈছোঁ যদিও কলেজ সোমোৱা লগে লগে তেওঁলৈ মনত পৰি গৈছে।
ৱাৰনিং বেল দিবই হল। লৰা লৰি কৈ নিজৰ চিত টো বিচাৰি ললো। দেখিছো বৰ্ষা আৰু মই একেটা ৰোমতে পৰিছো।তাইক মাতিলো কিন্তু সেইবোৰ কথা সুধা নাই এতিয়া আকৌ এনেই তাইৰ মনটো বেয়া হৈ আছে। 
পৰীক্ষা আৰম্ভ হল। পেপাৰ খন ভালেই আহিছে। ৩ ঘণ্টাৰ মূৰত পৰীক্ষা দি  ওলাই আহিছো।ওলাইয়েই বর্ষাক লগ ধৰিলো। দুই জনী কলেজৰ পৰা কথা পাতি পাতি ওলাই আহিছো। তাইৰ মনটো বেয়া দেখি মই নিজেই যি টি কথা সুধি আছো।
_______ পৰীক্ষা কেনেকুৱা হ'ল?
বৰ্ষা______ ভালেই হ'ল । তোৰ?
_______ ভালেই।পৰীক্ষাৰ পাছত তহঁতৰ ঘৰলৈ যায় মই।
বৰ্ষা______ haa পটককৈ আমাৰ ঘৰলৈ যাম ক'লি যে। 
তাই অবাক হৈ গল।
_______ অ তইহে নামাত' মই নিজেই যাম সেইকাৰণে।
বৰ্ষা'______ হ'ব দে যাবি।হাঁহি দিলে তাই।
মোৰো মনতে ভাল লাগিল তাইক হঁহুৱাবলৈকে  অথনিৰ পৰা চেষ্টা কৰি আছিলো। কলেজৰ দোকান খনলৈ চালো। কোনো নাই। আগতে ইয়াতে কেতিয়াবা প্ৰান্তিক দাক  দেখো। ক'তনো গ'ল। কথা পাতি পাতি গাড়ী ওচৰ পালোগৈ । বৰ্ষাক bye কৈ গাড়ীত বহিলো। কাইলৈও পৰীক্ষা আছে। ঘৰ গৈয়েই পঢ়াত বহিলো।।,,,,,

এনেকৈয়ে পৰীক্ষা বোৰ গৈ আছে । কিন্তু প্ৰান্তিক দাক এদিনো নেদেখিলো। লাষ্ট এটা পৰীক্ষা আছে। history। একো নোৱাৰো। হে প্ৰভু বচাবা আৰু ,যেনে তেনে পাছ কৰাই দিলেই হব। বৰ্ষা লৈ ফোন এটা কৰি দুই জনীয়ে chapter কেতিয়া ভাগ কৰি ললো। বৰ্ষা মই একেটা ৰোম তে পৰিছো সেইকাৰণে ইমান অসুবিধা নহব। অন্ততঃ নোৱাৰা টো সুধিব পাৰিম। আৰু তাতে  কাইলৈ শেষৰটো পৰীক্ষা। 
ৰাতিপুৱা কলেজ পালোঁগৈ। গৈয়েই বৰ্ষাক বিচাৰিছোঁ। তেনেকৈ সময় বোৰ পাৰ হল। পৰীক্ষা শেষ হল। মনটো আজি খুব ভাল লাগি আছে।
________ ওফ,,, ৰক্ষা। গ'ল আৰু দেই পৰীক্ষা। বৰ্ষাক কৈ কৈ আহি আছো।
বৰ্ষা________ hm।।মোৰ যে এতিয়া কি হব?
_________ কি কি হব ?
_________ একো নহয় অ"""" মই যাম নহয় তহঁতৰ ঘৰলৈ।
তাইৰ ঘৰলৈ যাম কলোঁ হয় কিন্তু এতিয়া লৈকে মাক সুধাই নাই মই। গৈ আৰু দুই জনী।তেনেতে,,,,
_______ hii,,,, পোৱালি দুজনী। Exam কেনেকুৱা হ'ল।
মাতটো চিনাকি চিনাকি লাগিছে। দেখিছোঁ দোকান খনৰ পৰা প্ৰান্তিক দা আৰু স্বাগত দা ওলাই আহিছে। মই দেখি নেদেখাৰ ভাওঁ জুৰিলো।মুখখন ঘূৰাই দিলো।
প্ৰান্তিক_______হ'ব নেদেখাৰ ভাওঁ জুৰিব নালাগে। তোমালোককে মাতিছো।
_______ ইহঃ বৰ একেবাৰে।
 বৰ্ষাই মাতিছে্,,,,,, তেওঁকে দেখুৱাই মই স্বাগত দাক মাতিছো।
________ স্বাগত দা,,,, ইমান দিন দেখাই নাই যে কত গৈছিলা।ডাঙৰ যদিও স্বাগত দাক তুমি বুলিয়েই সম্বন্ধ ধৰো।
স্বাগত________ আমাৰ department ৰ ফালৰ পৰা কাম অলপ আছিল তাতে লাগি আছিলো।কালি সেইখিনি শেষ হৈছে। By the way exam কেনেকুৱা হল?
________ গ'ল আৰু যেনে তেনে?
প্ৰান্তিক________ যাওঁ যাওঁ বল স্বাগত। মোক কোনেও পাত্তাই  দিয়া নাই। স্বাগত দাৰ কথা পাতি থকা দেখি তেওঁ কলে। হাঁহি উঠি গ'ল বৰ্ষা আৰু মোৰ।
প্ৰান্তিক_______ সেইয়া চা হাঁহিছে।
আকৌ কৈছে তেওঁ।
________ স্বাগত দা নাযাবা চোন । বৰ্ষা কোনোবা জ্বলিছে গম পাৱনে?
ওপৰলৈ চাই  চাই কথাটো কৈছোঁ।
________ মই আকৌ ভাবিছিলো কোনোবাই আমাক পাহৰিলেই গ'ল।
স্বাগত দালৈ চাই কলো।
প্ৰান্তিক________ হব পোৱালি বেছি হৈছে তোমাৰ।ঘৰ গৈ লোৱা দি আছো তোমাক। কান্দুৰী।
________ huh,,,, স্বাগত দা থাকা তোমালোক আমি যাওঁ এতিয়া bye।
স্বাগত______ উম যোৱা bye।
Bye বৰ্ষা।.....

আগলৈ.....

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)