ৰাভা সকলৰ অনন্য সংস্কৃতি জাৰীঘোঁৰা -০৫

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা
দক্ষিণ কামৰূপৰ পাতিৰাভা সম্প্রদায়ৰ মাজত অঞ্চল বিশেষত থকা আন এটি আকৰ্ষণীয় কৃষ্টি হৈছে পাৰনৃত্য | আদিম কালৰে পৰা জনজাতীয় লোকসকলৰ মাজত প্রচলিত বৃক্ষপূজা এটি নিৰ্দশন | পাৰদেৱ ৰাভাসকলৰ অন্যতম ইষ্ট দেৱতা | পাৰদেৱক পূজা কৰি পাৰনৃত্য কৰা হয় | এই নৃত্য উচব ৰাজহুৱা ভাবে উদযাপন কৰা হয় যদিও কবলৈ গলে নৃত্য কাৰ্য একক | দক্ষিণ কামৰূপৰ বকো অঞ্চলৰ বিশেষকৈ দেলিয়াপাৰাত এই কৃষ্টি এতিয়াও এক ধৰ্মীয় জনবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে | আগতে ব'হাগ বিহুত পাৰদেবক পূজা কৰি সাত বিহুত এই নৃত্য প্রদৰ্শন কৰা হৈছিল | বাৰ্ষিক কৰ্ম হিচাপে মানি লৈ চিৰা-চৰিত ৰীতিমতে এই কাৰ্য চলাই থকা হৈছিল | কিন্তু বৰ্তমানে সমাজত আধুনিকতাৰ প্রভাব পৰাত পূৰ্বৰ দৰে বছৰেকীয়া অনিবাৰ্য পূজা হিচাবে উদযাপিত নহয় | কোনো বিশেষ পৰ্ব উপলক্ষে প্রদৰ্শন কৰিবলৈ আমন্ত্রণ কৰিলে লঙা গোঁসাইঘৰত যথাবিহিত পূজা কৰি নিমন্ত্রণ কৰা স্থানলৈ গৈ পাৰনৃত্য প্রদৰ্শন কৰে | বকো অঞ্চলত বহাগৰ ছয় তাৰিখে প্রচলিত সুঁৱৰী পৰ্বত পাৰনৃত্য প্রদৰ্শন কৰা হয় | আগতে মিৰ্জাৰ ওচৰৰ গোসাঁইহাট গাঁৱতো বড়ো গোষ্ঠীৰ লোকসকলে ৰঙালী বিহুৰ মাজতে সুৱৰী পৰ্বত পাৰনৃত্য অথবা পাউৰাঘুৰুৱা উচব পালন কৰিছিল | 
       পাৰনৃত্যৰ প্রধান সজুলী হৈছে এডাল ২৫/২৭ হাত দীঘল জাতি বাঁহ | পোন জাতিবাঁহ এদাল কাতি অনা হয় | আৱশ্যক অনুসৰি জুইত সেকি , ভাজ থাকিলে পোন কৰি লোৱা হয় | চাৰিদাল নহলীয়া টমালেৰে ঝিলু তৈয়াৰ কৰি মৰাপাটেৰে গুৰিৰ পৰা আগলৈকে গুঠী বাঁহটো শুৱনী দেখিবৰ বাবে চাৰি-সিৰিয়া কৰা হয় | তাৰ পিছত গোটেইটো বাঁহত নতুন বগা কাপোৰেৰে মেৰিয়াই দিয়া হয় | তাৰ ওপৰত ৰঙা কাপোৰ মেৰিয়াই মাজে মাজে তলত বগা কাপোৰ দেখাকৈ ৰঙা বগাৰে পখৰা কৰি গুৰিৰ পৰা আগলৈকে মেৰিয়ায় | ৰঙা, কলা আৰু সেঊজীয়া তিনি ৰঙৰ প্রায় এবেগেত ডেৰবেগেত বহল কাপোৰেৰে সম্পুৰ্ণ বাঁহৰ তিনি ঠাইত কুচুনী বন্ধা হয় | মানে সজ্জিত বাঁহটো দেখিবলৈ ধুনিয়া হোৱাকৈ তিনিবৰণীয়া কাপোৰেৰে কোচ খুৱাই মেৰিয়াই বন্ধা হয় | প্রত্যেক কুচনিতে গোন্ধ চোৱৰ দিব লাগে | তাৰোপৰি বাঁহৰ আগৰফালে ওপৰত গোন্ধচোৱৰ আৰু গুৰিৰ ফালে ঘুগুৰা (জুনুকা) পিন্ধাই দিব লাগে | মাজে মাজে তেল সেন্দুৰ দিব লাগে | এইদৰে পাৰবাঁহ তৈয়াৰ কৰা হয়  |
   আগলৈ ....

    🖋️ হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)