অনাকাংক্ষিত অধ্যায়-০৯

Rinku Rajowar
0
অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈলখাদৰ পৰা তেল -গেছ নিৰ্গমণ আৰু শেহতীয়াকৈ বিস্ফোৰণ তথা ভয়ংকৰ অগ্নিকাণ্ডই নিঃশেষ কৰি আহিছে পৰিৱেশ আৰু জীৱকুল।ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানত অৱস্থান কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ দাঁতিকাষৰীয়া ৰাইজ ।অইল অথবা চৰকাৰে এই ক্ষতিগ্ৰস্ত ৰাইজক পৰৱৰ্তী সময়ত সান্ত্বনা হিচাপে ক্ষতিপূৰণহে প্ৰদান কৰিব পাৰিব।খাটিখোৱা খিলঞ্জীয়া ৰাইজৰ জ্বলি নিঃশেষ হোৱা সপোনবোৰ ঘূৰাই দিব নোৱাৰে।অহৰহ নিৰ্গত হৈ থকা গেছৰ লগতে কনডেনচেট তেলৰ কণিকাই সমগ্ৰ অঞ্চলটোত তেলৰ বৰষুণ সৃষ্টি কৰিছে।কাষৰীয়া ঘৰ-বাৰী,খেতি-পথাৰকে আদি কৰি মাগুৰি-মতাপুং বিল আদিত তেলৰ কণিকাই  আচ্ছাদনৰ সৃষ্টি কৰিছে।নিত্য নতুন অনাকাংক্ষিত প্ৰত্যাহ্বানে যেন চুই গৈছে অসমক।এয়া কেৱল সত্যই নহয়;এয়া বাস্তৱ জীৱনৰ অন্য এক অধ্যায়।
    আজিৰ সন্ধিয়াৰ বাতৰি ইমানতে অন্ত পৰিল আৰু মই গৌৰী প্ৰিয়ম বৰুৱাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো।নমস্কাৰ,শুভৰাত্ৰি"
  সন্ধিয়াৰ বাতৰি সামৰি গৌৰী  ঘৰ সোমালহি।দুয়োজনী ছোৱালী ঘৰ নোসোমোৱাৰ লৈকে মাক মাধুৰী বৰুৱাই চোতালতে ৰৈ অপেক্ষা কৰি থাকে।দুয়োজনী ঘৰ সোমোৱাৰ পাছতহে মাক পাকঘৰত সোমায়।ছোৱালী দুজনীৰ মুখ নেদেখালৈকে মাকে মনত শান্তি নাপায়।অতীতৰ ঘটনাবোৰ মনত পৰিলে এতিয়াও তেওঁ শিহঁৰি উঠে।ছোৱালী দুজনীৰ মুখলৈ চাইহে তেওঁ জীয়াই আছে হয়তো।সময়ৰ কালচক্ৰই তেওঁলোকৰ জীৱনটো ওলট-পালট কৰি পেলালে ।যদিও তেওঁলোকে বৰ্তমানক খামুচি জীয়াই থাকিবলৈ শিকিছে। নিজকে আকৌ প্ৰতিষ্ঠিত কৰিবলৈ শিকিছে সমাজত।
  "মা,চাহ বনাইছা নেকি?"
গৌৰীৰ মাতত মাকে সম্বিৎ ঘূৰাই পালে।
"অ' হ'লেই মোৰ।পৰ্ণাকো মাত ,একেলগতে খাওঁ।"
"ঠিক আছে,মই বাক মাতিছো ৰ'বা।"
   এনেতে গৌৰীৰ ফোনটো বাজি উঠিল।অনুৰাগৰ নামটো স্ক্ৰীণত দেখি তাই ফোনটো ৰিচিভ কৰিল।
"হেল্ল'"
"অ' গৌৰী।ব্যস্ত আছিলা চাগে নহ?"
"নাই নাই,মা আৰু বাৰ লগত চাহকাপ খাবলৈহে লৈছিলো।"
"আচ্ছা...পিছে তোমাক ভাল খবৰ এটাহে দিব আছিল।"
"কি বাৰু অনুৰাগ দা"
"সেই যে মিহিৰপ্ৰাণ গগৈ , তেওঁৰ সন্তানৰ শিক্ষাৰ সমস্ত দায়িত্ব 'খোজ'য়ে ল'বলৈ ওলাইছে।"
"অনুৰাগ দা...সঁচাকৈ!!!ইমান এটা ভাল খবৰ আপুনি মোক দিলে।বুজি পোৱা নাই কেনেকৈ আনন্দ প্ৰকাশ কৰোঁ!"
"হা হা...হয় নেকি!সঁচাকৈয়ে এইটো আমাৰ বাবে অতি ভাল খবৰ।আজি"খোজ" অনুষ্ঠানত এই বিষয়ত সিদ্ধান্ত লোৱা হৈছিল আৰু আজিয়েই সকলো কনফাৰ্ম কৰা হ'ল।আজি মই সঁচাকৈয়ে গৌৰৱান্বিত 'খোজ'ৰ অংশীদাৰ হ'বলৈ পাই।"
"অ' অনুৰাগ দা,পুনৰবাৰ 'খোজ'ৰ তৰফৰ পৰা মহান আদৰ্শ প্ৰতীয়মান কৰিবলৈ সক্ষম হ'ল।"
"তাকেই...এতিয়া চাগে তোমাৰো অলপ চিন্তাতো কমিল।সিহঁতৰ ভৱিষ্যতক লৈ তুমিও কমখন চিন্তা কৰা নাছিলা।"
"আপোনাক পখী বাইদেৱে মোৰ মনৰ চিন্তা ক'লেগৈ তাৰমানে।বাৰু,এতিয়া এই ভাল খবৰটো মা আৰু বাকো দিওঁগৈ।"
"ঠিক আছে...যোৱা।বাই"
"বাই"
   যি সময়ত সমাজত অন্যায় অবিচাৰ,হিংসাৰ দৰে কুকৰ্মবোৰ বাঢ়িবলৈ ধৰিছে ইয়াৰ সমান্তৰালকৈ ভাল কৰ্মৰে সমাজত সুবাৰ্তা কঢ়িয়াবলৈও ভিন্ন লোক,ভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহো সক্ষম হৈছে।ইয়াৰ মাজত 'খোজ'ও অন্যতম। তেওঁলোকে হেৰাই যোৱা জীৱনবোৰক ঘূৰাই দিব নোৱাৰে সঁচা কিন্তু বাকী ৰৈ যোৱা জীৱনৰ অৰ্থ বুজাবলৈ 'খোজ' সদায়ে সংকল্পবদ্ধ।আৰ্থিক ভাৱে দুৰ্বল বহুতো শিক্ষাৰ্থীৰ শিক্ষাৰ দায়িত্বলৈ 'খোজ'য়ে মহানতাৰ পৰিচয় দি থৈছে।যেতিয়া সেই শিক্ষাৰ্থীসকলে নিজৰ সফলতাৰ বাৰ্তা দিবলৈ  আহে তেতিয়া 'খোজ'অৰ পৰিয়ালে আনন্দত বিভোৰ হৈ পৰে,যেন সেয়া তেওঁলোকৰ নিজ সন্তানে উন্নতি কৰিছে।গৌৰীৰ ক্ষেত্ৰতো 'খোজ'ৰ অৱদান লেখত লবলগীয়া।যেতিয়া গৌৰীয়ে উচ্চশিক্ষা ল'বলৈ বিচাৰিছিল তেতিয়া সিহঁতৰ হোৱা আৰ্থিক সংকটৰ বাবে ইচ্ছা কৰিও তাই আগবাঢ়িব পৰা নাছিল। কিন্তু সেইসময়ত আগবাঢ়ি আহিছিল 'খোজ'।তাইৰ সপোনবোৰ পূৰ হৈছিল।যিখন সমাজে এদিন সিহঁতৰ জীৱনটো দুৰ্বিসহ কৰি পেলাইছিল,সিহঁতৰ ওপৰত প্ৰশ্ন কৰিছিল আজি সেইখন সমাজৰ আগত মূৰ দাঙি থিয় হ'ব পৰা হ'ল তাইৰ পৰিয়াল। প্ৰকৃততে, গৌৰী আৰু পৰ্ণাৰ জীৱনত 'খোজ'এ শিক্ষাৰ আদৰ্শৰে এক নতুন গতিৰ সৃষ্টি কৰিলে।জীৱনাদিত্যৰ পৰিয়ালেও তাইক জীৱনত আগবাঢ়ি যাব পৰাকৈ বহুত কিবাকিবি দিছে।নিজৰ জীৱনৰ পুৰণি অভিজ্ঞতাবোৰ সোঁৱৰি গৌৰীয়ে এদিন শিয়ঁৰি উঠিছিল মিহিৰপ্ৰাণ গগৈৰ শিশুটিৰ কথা ভাবিও।কিন্তু 'খোজ'য়ে শিশুটিৰ দায়িত্ব লৈ পুনৰ এক ন দিগন্তৰ সূচনা কৰিলে।ইয়াতকৈ ভাল খবৰ গৌৰীৰ বাবে আন একো হ'ব নোৱাৰে।অন্য এক উল্লাসত গৌৰীৰ মন ভৰি উঠিল।
(আগলৈ....)

🖋️গৌৰাংগিনী নেওগ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)