নুমলীগড় যোৰা পুখুৰীৰ সৃষ্টিৰ কাহিনী

©Admin
0

 

নুমলীগড় এখন ইতিহাস প্ৰসিদ্ধ ঠাই বুলি কব পাৰি আহোম শাসনকালতে নুমলী কোঁৱৰীৰ নিৰ্দেশ মৰ্মে এটা গড় বন্ধোৱা হৈছিল যাতে শত্ৰুৰ পৰা সুৰক্ষিত থাকিব পাৰি ৷ গতিকে নুমলী কোঁৱৰীৰ নাম আৰু গড়টোৰ নাম লগ লগাই ঠাইখনৰ নাম নুমলীগড় হ'ল ৷ নুমলীগড়ত বহুতো ইতিহাস প্ৰসিদ্ধ কীৰ্তি চিহ্ন মজুত আছে তাৰে ভিতৰত নুমলীগড় চাহবাগিচাত আহোম আৰু কছাৰী সকলৰ দ্বাৰা খন্দোৱা পুখুৰী দুটা এতিয়াও আছে ৷ এই পুখুৰী দুটাৰ আঁৰত ৰহস্যজনক কাহিনী আছে গতিকে আজি মই আপোনাৰ আগত এই কাহিনী ডাঙি ধৰিম ৷


এবাৰ আহোম আৰু কছাৰীৰ মাজত সীমাক লৈ কন্দল সৃষ্টি হ'ল কিন্তু আহোম স্বৰ্গদেউৱে যুদ্ধ নিবিচাৰে গতিকে দুই পক্ষৰ মাজত চুক্তি হ'ল যে একে ৰাতিৰ ভিতৰত দুয়ো পক্ষই পুখুৰী খান্দি পানী উলিয়াব লাগিব ৷ যিয়ে বেছি পানী উলিয়াব সিয়েই এই অঞ্চলৰ প্ৰকৃত শাসক হব ৷ চুক্তি অনুসৰি পুখুৰী খন্দা আৰম্ভ হ'ল কছাৰী সৈনিকে পুখুৰী খান্দি খান্দি কিছু পানী উলিয়াই দিলে দেখিলে যে আহোম সৈনিকে এতিয়ালৈকে পুখুৰী খান্দি পানী উলিয়াব পৰা নাই গতিকে কছাৰী সৈনিক আনন্দিত হৈ শিৱিৰত গৈ আৰামত শুই থাকিল এইফালে আহোম সৈনিকে দেখিলে কছাৰী সৈনিক টোপনি গ'ল ৷ আহোম সৈনিকৰ মনত এটা বুদ্ধি খেলালে সিহঁতে চুঙাই চুঙাই কৰি ধনশ্ৰী নৈৰ পৰা পানী আনি পুখুৰীটো ৰাতিটোৰ ভিতৰত ভৰাই দিলে ৰাতিপুৱা কছাৰী সৈনিক এই দৃশ্য দেখি অবাক হ'ল কিন্তু আহোমৰ এই বুদ্ধিমানীৰ কথাৰ সম্ভেদ নাপালে আৰু চুক্তি অনুসৰি কছাৰী সকল ডিমাপুৰলৈ উভতি গ'ল ৷ এনেকৈ দুই পুখুৰীৰ নিৰ্মাণ হৈছিল ৷ বৰ্তমান কছাৰী পুখুৰীত পানী কম থাকে বাৰিষা হ'লেহে পানী ভৰ্তি হয় আনহাতে আহোম পুখুৰী বাৰমাহে পানীৰে উপচি থাকে ৷ 

এই পুখুৰী পাৰৰ দৃশ্য বৰ মনোৰম জহকালি জিকমিকাই থকা জোনাকী পৰুৱাৰ যেন মেলাহে বহে যোৰা পুখুৰীৰ পাৰত ৷ 

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)