সত্যমে ক'লে
" আৰে তোমাৰ লগত সত্যম ৰবিদাস আছে টেনচন কিয় লৈছা এক মিনিট ৰবা "
এইবুলি কৈ সত্যমে মবাইলত নম্বৰ এটা ডায়েল কৰিলে ট্ৰিং ট্ৰিং ট্ৰিং ফ'ন ৰিচিভ হ'লত এটা পুৰুষ স্বৰ ভাহি উঠিল
" অ হেল্প সত্যম ইমান ৰাতি বাৰু মনত যে পৰিল ভাই কিবা সহায় ? "
সত্যমে ক'লে
" হয় এই মই বোকাখাট চিভিলতে আছো …. সত্যমে কৈ থকাৰ মাজতে পুৰুষ স্বৰটো চিঞৰি উঠিল
" কি মেডিকেলত তাৰমানে তোৰো গাত কৰ'না ভাইৰাছে এটেক কৰিলে "
সত্যমে উধাতু খাই ক'লে
ধেৎ কি যে আবুল তাবুল বলকিছা সম্পূৰ্ণ কথাটো শুনি ল' "
পুৰুষ স্বৰটোৱে হাঁহি মাৰি ক'লে
" অক্কে কহো ক্যা বাত হ্যে "
সত্যমে ক'লে
" মই আৰু নিতু নামৰ ছোৱালী এজনী মেডিকেলত ফঁচি আছো … পুৰুষ স্বৰটোৱে আকৌ উৎসাহী হৈ কৈ উঠিল
" বাঃ মানুহে ছোৱালীন লৈ কোনোবা সুন্দৰ ঠাইলৈ যায় আমাৰ ৰাইটাৰ মহোদয় হেনো মেডিকেললৈ যায় বাঃ ক্যা বাত হ্যঃ "
সত্যমে চিঞৰি ক'লে
" চোৱা সুধীৰ তোৰ এই চৰিত্ৰই তোক এদিন বিপদত পেলাব এতিয়া মৌন থাকি মোৰ সম্পূৰ্ণ কথাটো শুনা ৷ বাইকত একচিডেণ্ট হোৱা মানুহ এজনৰ সৈতে আমি আহিছো মানুহজন সুস্থ হ'ল কিন্তু আমাৰ উভতি যোৱাৰ সমস্যা আহি পৰিল গতিকে এতিয়া তই আমাক ঘৰত থৈ আহিব লাগিব পাৰিবি নে ?
" সুধীৰে উৎসাহী হৈ ক'লে
" কি কি কোৱাহে ডিয়েৰ তোৰ কাৰণে তো মেৰা জৰন ভী হাজিৰ হ্যে ৰ' ফিফটিন মিনিটছ ৱেট আই উইল জ্যাস্ট কাম "
" সত্যমে ফ'ন কাটি দীঘলীয়া উশাহ এৰি নিতুলৈ চাই ক'লে
" ৰবা ঘৰলৈ যোৱাৰ ব্যৱস্থা হৈ গ'ল "
এনেতে আঘাতপ্ৰাপ্ত মানুহজনৰ ঘৈণীয়েকে আহি সত্যমৰ ভৰি চুই সেৱা কৰিবলৈ লওঁতে সত্যমে হাত দুখনত ধৰি ৰখাই দি ক'লে
" কি কৰিছে আপুনি ডাঙৰে সৰুক সেৱা কৰাটো শুভা নাপাই "
মহিলাগৰাকীয়ে হাত যোৰ কৰি ক'লে
" আপোনাক কিদৰে ধন্যবাদ জনাও ৷ আপোনাৰ কাৰণে আজি মই বিধৱা হোৱাৰ পৰা ৰক্ষা পৰিলোঁ অৰ্থাৎ মোৰ স্বামী আপোনাৰ একমাত্ৰ কাৰণেহে জীৱিত আছে "
মহিলা গৰাকীৰ মহানুভৱতাৰ প্ৰতি সন্মান জনাই সত্যমে ক'লে
" ইয়াত ধন্যবাদৰ প্ৰয়োজন নাই আমাৰ যি দায়িত্ব সেইয়াহে আমি পালন কৰিলো "
এনেতে পাছফালৰপৰা সুধীৰে মাত লগালে " হে ব্ৰু ম্যেই আ গয়া "
সত্যমে সুধীৰৰ ফালে ঘূৰি চাই উৎসাহী মনেৰে সম্ভাষণ জনাই ক'লে
অ য়ুৰ আৰ কামিং শ্ব আইম ভেৰী হেপ্পী কোৱা কৰ'না আৰু লকডাউন তোৰ জীৱনত কি প্ৰভাৱ পেলাইছে ? "
সত্যমৰ প্ৰশ্নৰ উত্তৰত সুধীৰে অলপ সেমেকা স্বৰেৰে ক'লে
" ক্যা ব্যাঁ কৰো দোস্ত কিছি মে ইতনা কঁহা দম থা জ্যো হমেই ৰ'ক সকে ৷ য়হ তো কৰ'না ভাইৰাছ নে মেৰে জীন্দগী কা ৰঙ হী উতাৰ ডালা ৷ ন জানে কব খতম হোগা য়হ মৌত কা ছিলশিলা এনিৱে লেটছ গ' গাড়ী বাহিৰত আছে "
সত্যমে নিতুৰ পিনে চাই ক'লে
" নিতু বলা "
তিনিও গৈ গাড়ীত বহিল ৷ যাত্ৰা আৰম্ভ
হ"ল ৷ সুধীৰে গাড়ীখন ড্ৰাইভ কৰি কৰি ক'লে
৪ ঠিক আছে বাৰু কিন্তু এই ধুনীয়া গাভৰু জনীক তোৰ লগত প্ৰথম বাৰৰ বাবে দেখিছো কোন ? "
সত্যমে মূৰ খজুৱাই ক'লে
" ধেৎ তেৰী নিতুৰ লগত তোৰ ইণ্টাৰডিউচ কৰাবলৈ পাহৰিয়েই গ'লো ৷ এনিৱে এইজনীৰ নাম নিতু এওঁলোকৰ গাঁৱতে মই লকডাউনৰ সময় অতিবাহিত কৰি আছোঁ শ্বটিং কৰিবলৈ আহি ফঁচিয়ে থাকিলো "
সত্যমে দীঘলীয়া উশাহ লৈ ইফালে সিফালে চাই চিঞৰি উঠিল
" আৰে এয়া কলৈ নি আছা গাড়ী ঘূৰা "
সুধীৰে মিচিকিয়া হাঁহি মাৰি ক'লে
উম হুঁ নহব ইমান দিনৰ মূৰত আহিছ কমছে কম আমাৰ ঘৰৰপৰা এপাক মাৰি দুখীয়া মানুহৰ ঘৰটো চাই অহাটো ভাল "
সত্যমে বিচলিত হৈ ক'লে
" নাই নাই নহব লোকৰ ছোৱালী লগত আছে ৷ আধা ৰাতিলৈকে এনেকৈ বাহিৰত ৰখাই ৰখৰটো উচিত নহয় গতিকে প্লিজ বুজিবলৈ চেষ্টা কৰা মই প্ৰমিজ কৰিছো তোৰ ঘৰত থকাকৈ মই আহিম কিন্তু আজি যাবলৈ দিয়া "
সুধীৰে গাড়ীখন ঘূৰাই ক'লে
" কুলডাউন কুলডাউন ইমানকৈ বিচলিত হোৱাৰ দৰকাৰ নাই আজি তোৰে কথা
হব "
এইবুলি কৈ সুধীৰে গাড়ীৰ গতি বঢ়াই দি ক'লে
" বাৰু চিনেমাখনৰ কাম কিমান দুৰ আগবাঢ়িছে ? "
সত্যমে ক'লে
" কাদ তো বিশেষ আগবঢ়া নাই ৷ যিহেতু লকডাউন হোৱাত অলপ পলমকৈ মুক্তি দিয়া হব "
সুধীৰে হুমুনিয়াহ কাঢ়ি ক'লে
" ডণ্ট ৱৰী অতি শীঘ্ৰে মুভিখন ৰিলিজ হব বুলি সৌ নেদেখাজনক মিনতি কৰিছোঁ "
সত্যমে ক'লে
" তোক তো কৈছিলো চৰিত্ৰ এটা লৈ ল' কিন্তু তোৰ কোনো আগ্ৰহে নাই "
সুধীৰে গাড়ীখন ৰখাই ক'লে
" এক্টিং আৰু মই নেভাৰ ৷ তহঁতৰ মঞ্জুিল আগয়া উতৰ’ "
সত্যম আৰু নিতু নামি সুধীৰক ধন্যবাদ দি বিদায় দিলে ৷ সত্যমে নিতুক তাৰ ঘৰৰ পদূলি মুখলৈকে আগবঢ়াই থৈ আহিল ৷
নিতুৱে দৰজাখন টুকুৰীয়াই মাত লগালে
" মা গ’ মা মুই আয়লি দুৰাণ খৈল দে "
এনেতে বাপেকেও মদৰ নিচাত জলৌজপৌং কৈ নঙলা খুলি সোমাই আহি নিতুলৈ চাই ক'লে
" আৰে বেটী এতনা ৰাইতে কাঁহাছে আয়লি ৷ অ আলহী ছকড়া সংগে লিলিমাই কৰেক আধা ৰাইতে ঘৰ আয়েছী নাই নাই এৰকম নাই হবেক ৷ এই পৰমেশ্বৰ ঘাটৱাৰ জীন্দা থাকালেইকে মৰ ঘৰে এই চব নিয়ম নাই চলবেক ৷ ঘৰেৰ বহো বেটীৰ নিয়ম পহিলা সাঁঝে ঘৰে আয়ে ধূপ ধুনা কৰা ৷ নাইকী দুসৰা ছকড়া সংগে প্ৰেম প্ৰীতি কৰা উম হঁ এৰকম হবেক নাই "
বুলি কৈ দৰজাখন ধকিয়াবলৈ ধকিয়াবলৈ চিঞৰিবলৈ ধৰিলে
" নিতুৰ মা এ গ’ নিতুৰ মা দৰজা খৈল দে ৷ তুই ঘৰেৰ ভিতৰে আৰামে ঘূমাই আছি আৰ তৰ বেটী কাঁহা আছে কি কৰছে সেইটাৰ খবৰেই নাই "
নিতুৰ মাকে দৰজাখন খুলি খঙত ক"লে
" কি হই'লেক আধা ৰাইতে মুতনী চব পিয়ে ঘৰ আহি হাল্লা কৰে আছি "
মাকে নিতুলৈ চাই ক'লে
" অ বেটী আয়লি আয় ভিতৰে আয় "
তাকে দেখি গিৰিয়েক ক'লে
" বাঃ বেটীকে আয় আৰু পতীকে বাই ৷ ভেৰী গুড ভেৰী গুড যিৰকম মা সেইৰকম বেটী তালিয়া "
এইবাৰ নিতুৰ সহ্য সীমা চেৰাই গ'ল ৷ খঙৰ ভমকত বাপেকৰ পিনে চাই ক'লে
" দেখছি মা এই মানুষটাৰ কেৰেক্টাৰ লুজাৰ কথা মৰ সহ্য নাই হৈ "
কথাষাৰ কৈ নিতু ভিতৰলৈ সোমাই যায় ৷ বাপেকে নিতুৰ মাকৰ পিনে একেৰাহে চাই ৰ'ল ৷ এইফালে সত্যমও মিঃ ৰাজুক গোটেইকেইটা কথা বিৱৰি ক'লে ৷
মিঃ ৰাজৱে ক'লে
" ভাল কাম কৰিলা কিন্তু বাৰু যোৱা ভাগৰ লাগিছে চাগৈ টেবুলত ভাত ঢাকি থোৱা আছ খায় বই শুই থাকা ৷ সত্যম লৰালৰিকৈ হাত মুখ ধুই ভাত খাই বিচনাত পৰিল ৷
আগলৈ
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ