নগ্ন

Rinku Rajowar
0
সাজ-পাৰ পিন্ধা নাই
সেইয়ে মই নগ্ন
চকুত ক'লা চান্‌ গ্লাছৰ সৈতে
সুন্দৰ পোছাক পিন্ধিছা তুমি
তথাপিও নগ্নতাত মগ্ন।

তোমাক নগ্ন ক'লে
আঙুলি টোঁৱাবা মোলৈ
তোমাৰ শালীনতা বিঘ্ন হয় বুলি
হিচাপ কৰিছানে কেতিয়াবা,
কিমান গৰাকী মাতৃ-ভগ্নীক 
নগ্ন কৰিছা 
ভদ্ৰতাৰ সাজ পিন্ধি?

শিশু কন্যা ধৰ্ষিতা হয় 
বিলাসিতাৰ সাজ পৰিধান কৰা
সিহঁতৰ হাতত
মন্যুষ্যত্ব নগ্ন আজি য'ত
লজ্জা ঢকাৰ মূল্যই বা ক'ত

সেইয়ে.........,

মই নগ্ন হৈ থাকিব বিচাৰো
নিপিন্ধাবা মোক সাতোৰঙৰ ৰঙীন সাজ-পাৰ 
তেতিয়ালৈকে
যেতিয়ালৈকে
ভদ্ৰ পোছাকৰ আঁৰত 
নগ্নতাৰ বেচা-কিনা চলিব

আছে যদি উত্তৰ দিয়া 
নগ্ন কোন 
মই
নে ভদ্ৰতাৰ পোছাক পৰিধান কৰা 
পোছাকী সমাজ?

🖋️দ্বীপ দীপাংকৰ লাহন
     বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)