জীৱন ৰিজাল্টতকৈ ডাঙৰ নহয়

©Admin
0

  এজন বিদ্যাৰ্থীয়ে নিজৰ ৰিজাল্ট উত্তম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে কিন্তু যেতিয়া ৰিজাল্ট পাই তেতিয়া সেই বিদ্যাৰ্থীয়ে সন্তুষ্টি লাভ নকৰে হয়তো চাগে তাৰ ভৱা মতে ৰিজাল্ট পোৱা নহল ৷ সেই সময়ত বিদ্যাৰ্থীজন কিছু হীনমন্যতাৰ স্বীকাৰ হয় ৷ বেছি ভাগ বিদ্যাৰ্থীৰ মাজতে এই ঘটনা পৰিলক্ষিত হয় ৷ কিন্তু এনে কিছুমান বিদ্যাৰ্থী আছে যিয়ে ভাৱে জীৱন ৰিজাল্টতকৈ ডাঙৰ নহয় ৷ 
যিয়ে নহওক কিয় পৰিশ্ৰমৰ মানদণ্ডই নিৰ্ণয় কৰে বিদ্যাৰ্থীৰ ৰিজাল্টৰ মানদণ্ড ৷ গতিকে আজি মই কোনো টপাৰ বিদ্যাৰ্থীৰ ৰিজাল্টৰ কথা নকওঁ ৷ হয় আচৰিত নহব আজি মই আপোনাক শুনাম এজন  তেনেকুৱা বিদ্যাৰ্থীৰ কাহিনী  যাৰ দৃষ্টিত জীৱন ৰিজাল্টতকৈ ডাঙৰ নহয় ৷ এনেধৰণৰ উচ্চ স্তৰৰ চিন্তাধাৰাৰ গৰাকী ৷
 এই কেইদিনত ছ’চিয়েল মিডিয়াত এখন মাৰ্কশ্বিট বৰ বেছি চৰ্চিত হৈ আছে  দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰসায়ন বিজ্ঞানত ২৪ নম্বৰ লাভ কৰা এগৰাকী IAS বিষয়াৰ। নিজে টুইটাৰত এই মাৰ্কশ্বিটখন আপলোড কৰি বিষয়াগৰাকীয়ে লিখিছে - 
 
" দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰসায়ন বিজ্ঞানত মই ২৪ নম্বৰ লাভ কৰিছিলোঁ ৷ পাছ কৰা নম্বৰতকৈ কেৱল ১ নম্বৰ বেছি। কিন্তু মই জীৱনত কি বিচাৰো, সেই কথা তাৰ পৰা প্ৰতিফলিত নহয়। নম্বৰৰ হেঁচাত তললৈ ডুবি নাযাবা। জীৱন, ব’র্ডৰ ৰিজাল্টতকৈ বহুত ডাঙৰ "

এনেদৰে মাৰ্কশ্বিট ৰাজহুৱা কৰি C B S E ৰ পৰীক্ষাত ৰিজাল্ট ভৱামতে নোহোৱা শিক্ষাৰ্থীসকলক উৎসাহিত কৰা বিষয়াগৰাকী হৈছে নিটিন সাংগৱান। এই বিষয়াগৰাকী ২০১৬ বৰ্ষৰ I A S ৷ ইতিমধ্যে এই IAS বিষয়াজনক ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁৰ নেতৃত্ব ক্ষমতা, দলৰ লগত একেলগ হৈ কাম কৰাত নিপুণতা আৰু সহযোগৰ বাবে গ’ল্ড মেডেলেৰে সন্মানিত কৰিছিল।

প্ৰাপ্ত খবৰ অনুসৰি, নিটিন সাংগৱানে প্ৰথম বাৰতে UPSCৰ পৰীক্ষাত সফল হোৱা নাছিল। দ্বিতীয়বাৰ সফল হৈছিল যদিও মনে বিচৰা ধৰণে ফলাফল লাভ কৰা নাছিল, কিন্তু তৃতীয়বাৰত তেওঁ মনে বিচৰা ধৰণে ফলাফল লাভ কৰিছিল।
গতিকে ইয়াৰ দ্বাৰা ময়ো এটা কথা শিকিলোঁ যে প্ৰতিভা আৰু কৰ্মপটুতাক মাৰ্কশ্বিটৰ নম্বৰে জুখিব নোৱাৰে ৷ গতিকে মোৰ তৰফৰপৰা এটাই বাৰ্তা যে পাছ ৰিজাল্ট ভাল কৰিবলৈ নপঢ়ি , জ্ঞান বৃদ্ধি কৰিবলৈ পঢ়াটোৱে ভাল ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)