সংগী

©Admin
0


    ৰাতিপুৱা খিড়ীকি খন খুলিয়েই তাই মানুহহাল দেখে। মানুহজনীয়ে কাপোৰ ধুলে মানুহজনে পানী তুলি দিয়ে,মানুহজনে দীঘল দা এখন লৈ হাবি বনবোৰ গুচালে মানুহজনীয়ে ওচৰতে ৰৈ আঙুলিয়াই থাকে।তাইৰ নিসংগ পুৱাবোৰ এনেকৈয়ে ভৰুণ হৈছিল।
      এমাহৰ  ছুটী শেষ কৰি উভতি আহি খিড়ীকিখন খুলিয়েই হাবি হৈ পৰা ঘৰখনত শুধবগা কাপোৰসাজেৰে মানুহজনী দৰক লাগি ৰৈ থকা দেখি তাই  থমকি ৰৈছিল।এপাকত মানুহজনীয়ে ভিতৰলৈ গৈ দীঘল দা খন লৈ আনিলে আৰু হাতেৰে চুই চাই কিবা এটা ভাবি ওচৰৰ শিলপটাখনত দাখন ধৰাবলৈ লাগিল।

                
  📝জ্যোৎস্না হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)