অব্যক্ত বেদনা

©Admin
0
নিশাৰ আন্ধাৰত অব্যক্ত বেদনাবোৰ সজীৱ হৈ উঠে--
ভয় আশঙ্কা বোৰে আন্ধাৰতে হেঁচা মাৰি ধৰে--
কেতিয়াবা জোনাক বিচাৰি বাহিৰ হওঁ
আন কেতিয়াবা শেতেলিখনতে পৰি ৰওঁ--
পোহৰবোৰ কেনিবা হেৰাই
ঠন ঠন কৈ ভাগে হৃদয়
প্ৰত্যুষপৰত সূৰুযৰ ৰাঙলী আভাই চুই যায় সন্মুখত দেখোঁ এখন ডাঙৰ যুদ্ধ
হাতত তুলি লওঁ সাহসৰ অস্ত্ৰ
যুজঁৰ বাবে সাজু হওঁ--
দূৰণিৰ আকাশ খনিৰ বুকুলৈ চাই ৰওঁ-
মনৰ অব্যক্ত বেদনাবোৰ সিচি দিওঁ
সূৰুযৰ সন্মুখত--
সূৰুযে এটি মিঠা হাঁহিৰে বেদনাবোৰ আকোঁৱালি লৈ মোক সাহসৰ আস্বাস জগাই--
জীৱন যুজঁত জয়ী হোৱাৰ সপোন দেখুৱাই...।

 🖋️কানন বৰুৱা
   ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)