ৰাভা সকলৰ অনন্য সংস্কৃতি জাৰীঘোঁৰা-০২

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা...
     সমগ্র দক্ষিণ কামৰূপ অঞ্চল পাতিৰাভা অধ্যুষিত ঠাই | এই অঞ্চলৰ মাজতো ভালেমান জাতীয় সংস্কৃতি , কৃষ্টি, বিদ্যমান | যথাস্থানত তেওঁলোকৰ গাৰ্হস্থ্য জীৱন ,সামাজিক ৰীতি-নীতি , কৰ্ম জনবিশ্বাস আৰু কৃষ্টিৰ ক্ষেত্রত , হানা ঘোৰা , বগেজাৰি , টুকুৰিয়া গীত ,প্রভৃতি | 
    পাতিৰাভা সকলৰ মাজত শৈব আৰু শাক্ত ধৰ্মৰ দুয়োটাৰে সমানে প্রভাৱ আছে | শক্তি পূজাৰ উপলক্ষে আই, কামাখ্যা, মনসা , বুঢ়াগোসাঁনী ,কেচাইখাইতীৰ পূজা কৰে | শিৱস্তুতিৰ বাবে লাঙা পূজা প্রধান | শক্তি আৰু শিব উভয়ৰ পূজাৰ সমন্বয়তেই দক্ষিণ কামৰূপৰ বকো অঞ্চলৰ দেলিয়াপাৰাত জাৰীঘোঁৰা নচুওৱা এটি আকৰ্ষণীয় কৃষ্টি আছে  |
      বকোৰ পৰা প্রায় চাৰি কিলমিটাৰ পূবত দুধকুঁৱৰী নামৰ এখন শিলাময় পাহাৰ অৱস্থিত | পাহাৰৰ উত্তৰ দক্ষিণ আৰু পশ্চিম ফালে দেলিয়াপাৰা গাঁও | ইয়াৰ অধিবাসী সকল পাতি ৰাভা জনজাতীয় লোক | দুধকুঁৱৰী পাহাৰৰ ওপৰত দুধকুঁৱৰী থান বা আইৰ থান আৰু কামাখ্যা থান আছে | অতি পুৰণি কালৰে পৰা তাত ভগৱতীৰ পূজা প্রচলিত | একেদিনাই প্রথমে আই থানৰ পূজা আৰু আই পূদাৰ শেষত কামাখ্যাৰ পূজা কৰিব লাগে | আগতে গাঁৱৰ সমূহ ৰাইজে লগ লাগি পাহাৰৰ ওপৰত আই কামাখ্যাৰ পূজা ৰাজহুৱা ভাবে কৰিছিল | ন-খোৱা বা কোনো বিশেষ কাৰণত ব্যক্তিগত ভাবেও তাত পূজা কৰিছিল | কিন্তু বৰ্তমানে ৰাইজৰ জনসংখ্যা বৃদ্ধি আৰু বিভাজনৰ বাবে পাহাৰৰ নামনিত সুকীয়াকৈ লাঙা পূজা আৰু শ্মশানকালীৰ পূজা প্রচলিত হৈ আছে |
       বৰ্তমানে দুধকুঁৱৰী পাহাৰৰ উত্তৰ দিশৰ নামনিত অৱস্থিত দেলিয়াপাৰাৰ বুঢ়া লাঙা গোঁসাই ঘৰত ব'হাগ বা জেঠ মাহৰ কোনো এটি সুবিধাজনক মঙ্গল বাৰত লাঙা পূজা কৰা হয় | সেই ঠাইতেই পূৰ্বতে পাহাৰৰ ওপৰত কৰা পূজাৰ লেখিয়াকৈ আই কামাখ্যাৰ নামত সুকীয়া সুকীয়াকৈ পূজা ভাগ আগবঢ়োৱা হয় | ৰাইজৰ সুখ সমৃদ্ধিৰ বাবে আৰু মাৰি-মৰক , অপায়- অমঙ্গল প্রভৃতিৰ পৰাৱপৰিত্রাণ পোৱাৰ মানসেৰে এই পূজা কৰা হয় |

    📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)