উচন ( চুটিগল্প )

Rinku Rajowar
0
পথাৰৰ আলি, বোকা দি অহাৰ পাছত যি দিনা খগেনৰ মনটো গোমোঠা হৈ থাকে সেই দিনা বকুলৰ বুজিবলৈ বাকী নাথাকে যে আজি মানুহজনৰ লগত কাষৰ মাটি ডৰাৰ জীৱনে, আলি দিয়াক লৈ কথাৰ কটাকটি হ'ল। প্ৰতিবছৰে আলি বেকা কৰি অনাৰ ফলত  খগেন হতঁৰ প্ৰায় একঠা মটিৰ ধান কমকৈ পোৱা হ'ল। জীৱনহঁতৰ তিনিটা ককাই ভাইৰ লগত খগেনে নো ক'ত জোৰ পায়। বলে নোঁৱাৰা শিলক পৰি নমস্কাৰ দিয়ে খগেনে। সকলো বিচাৰ ওপৰৱালাৰ ওচৰত দি থৈছে। এইবাৰ বানৰ তাণ্ডৱত খগেন হতঁৰ গাঁও খন উচন হ'ল। গাওঁবাসী সকলে লাম লাকুট কেইটা লৈ কোনোমতে প্ৰান বচালে। খগেন,অপাৰ কষ্ট কৰিব পৰা ব্যক্তি, নিজৰ এখন নাওঁ আছিল খগেনৰ, এই নাওখনত প্ৰয়োজনীয় সা - সামগ্ৰী লৈ চৰকাৰী আশ্ৰয় শিবিৰত পৰিয়াল সহিতে বসবাস কৰিলে। বান পানী ৰ পকোপ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে। খগেন হতঁৰ গাঁও ৰ কাষেদি বৈ যোৱা ৰঙানদীয়ে গতি পথ সলনি কৰিলে। খগেন হতঁৰ গাঁও খন ইতিহাস হ'ল। দুমাহ আশ্ৰয় শিবিৰত কটোৱাৰ পাছত চৰকাৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে। যি সকল লোকে মাটিৰ কাগজ পত্ৰ দেখুৱাব পাৰিলে তেওঁলোকক সৰ্বাধিক দু বিঘা মাটি আৰু যি সকলে মাটিৰ একো কাগজ দেখুৱাব নোঁৱাৰিলে তেওঁলোকক  সৰ্বাধিক দুকঠা মাটি চৰকাৰে প্ৰদান কৰিলে। সৌভাগ্য ক্ৰমে খগেনে নাওঁত আহোঁতে নিজৰ প্ৰয়োজনীয় সামগ্ৰী ৰ লগত মাটিৰ কাগজ পত্ৰ লৈ আনিছিল। উপযুক্তভাৱে মাটিৰ কাগজ পত্ৰ দেখুৱাব পৰাৰ কাৰণে খগেনক দুবিঘা মাটি আৰু মাটিৰ কাগজৰ নামত এখন কাগজো দেখুৱাব নোৱাৰাৰ বাবে জীৱন হঁতক, ৰাজহ চক্ৰ বিষয়াই মাত্ৰ দুকঠা মাটি প্ৰদান কৰিলে। খগেনে নেদেখা জনৰ এই বিচাৰত বৰ সুখি হ'ল। এটা সময়ত মাটি ঠেলি,ঠেলি ব্যতিব্যস্ত কৰাৰ জীৱনৰ কৰ্মৰ ফল যেন হাতে হাতে পালে। নেদেখা জনৰ এই বিচাৰত খগেন কৰযোৰে নমস্কাৰ কৰিলে।  "ঈশ্বৰে সত্য টো দেখে মাথো অপেক্ষা কৰে "এই আপ্ত বাক্য শাৰীৰ সত্যতা আজি প্ৰতিপন্ন হ'ল। ( God See the Truth but Wait.)

🖊️পঙ্কজ সভাপণ্ডিত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)