লুইত
তই যে আমাৰ বুকুৰ আপোন
তোৰ মৰমতে তোৰ পাৰতে
সজাইছিলো পজাটি
চকুত আঁকিলৈ অযুত সপোন।
কিন্তু ! কিয়নো আহিলি তই
তোৰ দুবাহু ভৰাই
হৈ বলিয়া বান।
মোৰ সোণোৱালী গাঁও খনক
নিমিষতে ভাঙি
কৰিদিলি ঠান-বান।
উটি গ'ল গোহালিৰ গৰু
মোৰ ভঁৰালৰ ধান।
এতিয়া
দুবেলা দুমুঠি ভাতৰ নাটনি
শুনিছ জানো তই ?
কঙাল গাঁওত উঠিছে কৰুন বিননি ।
তোৰ আঘাততে শেষ হ'ল
আজি সেউজীয়া ৰং
নাপাওঁ একোকে চিনি
শষ্য শ্যামল বসুন্ধৰাত
বালিয়ে পেলালে চানি।
লুইত ,
তোক কাবৌ কৰিছো
তোৰ দুবাহু ভৰাই
আৰু তই বলিয়া বান হৈ নাহিবি।।
📝বিমল কুমাৰ দাস
বোকাখাত কুৰুৱাবাহী (নিকৰিঘাট)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ