কেনে লাগিব মা দেউতাক
কোনো এজন /এজনীৰ বাবে
ধবংস কৰিলা তুমি জীৱনটো
নিজেই ভাৱি চোৱাচোন
কি সুন্দৰ আছিল তোমাৰ জীৱন
পঢ়া শুনা কাম বনত সকলোতে
আছিলা পাৰ্গত
এতিয়া কি হৈছে তোমাৰ
খাবলৈ মন নাই কামতো মন নাই
ৰাতি টোপনিও নাহে
ময়ো জানো তুমিও জানা
ইয়াৰ কাৰণ কি ?
তুমি এক জঘন্য জঞ্জালত সোমাই আছা
তোমাৰ অবিহনে কোনেও উলিয়াব নোৱাৰে
তোমাৰ দুখ তোমাৰ বেদনা
তুমিয়ে বুজিব পাৰিবা আন কোনো নুবুজে
গতিকে আনলৈ আশা কৰা বন্ধ কৰা
উঠা জাগা আত্মাবিশ্বাসৰ সৈতে আগবাঢ়া
এনে হাজাৰ জন / ছোৱালী আহিব তোমাৰ জীৱনত
তুমি কি সেই জন / সেইজনীৰ বাবে
নিজৰ জীৱনটো নষ্ট কৰি দিবা
যদি তুমি ভাৱা তোমাৰ দুখ বেদনাৰ
চিকিৎসা দামী ডাক্তৰে ভাল কৰি দিব
তেন্তে এয়া তোমাৰ ভুল ধাৰণা
তোমাৰ দুখ বেদনাৰ অন্ত উপশম হব
সময় চক্ৰৰ সৈতে
গতিকে অতিত কোনে তোমাক ঠগিলে
কোনে তোমাক এৰি গুচি গ'ল কোনে বেয়া পালে তোমাৰ লগত এনে কিয় হ'ল এইবোৰ ভাৱি ভৱিষ্যত ধবংস নকৰি
আগন্তুক জীৱনক সুখময় কৰি তোলা
তোমাৰ জ্ঞান বুদ্ধিৰ দ্বাৰা
মনত আছেনে সি / তাই তোমাক কৈছিল
" জীৱনত একো কৰিব নোৱাৰা "
কি সেই কথাষাৰ সত্যত পৰিণত হবলৈ দিবা নেকি ?
মনত আছেনে? তোমাৰ কিদৰে অপমানিত কৰিছিল তোমাক আনে হাঁহিছিল
ঠাট্টা মস্কৰা কৰিছিল
সেইবোৰক বুকুত বান্ধি থোৱা
আৰু জীৱনৰ সফলতাৰ আকাশত
সাহসৰ ডেউকা মেলি
উৰা মাৰা
ইমান দুৰ উৰা মাৰা যাতে
দেখি পাই তোমাক দুখ দি বেদনা দি ঠাট্টা কৰি অপমান কৰি আৰু এৰি যোৱা জন/ জনীয়ে
তেতিয়া অনুভৱ কৰিব তোমাৰ মূল্য বুজিব
আৰু উভতি আহিব পুনৰ তোমাৰ জীৱনত
তেতিয়া তোমাৰ চয়নৰ ওপৰত
নিৰ্ভৰ কৰিব তুমি আদৰি লবা নে
উভটাই দিবা ৷৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ