ভাহিছে বানত ঘৰ-দুৱাৰ
জীৱ-জন্তুৱেও কৰিছে হাহাকাৰ।
দেখিছো মাথো চাৰিওফালে বানৰ বিভীষিকা।
মই শুনিছো আপুনি বাৰু শুনিছেনে
আপোন জনক হেৰুৱাই কৰা আৰ্তনাদৰ কৰুণ চিত্কাৰ।
ৰজা ঘৰীয়াৰ চকুত ভাহিবনে সেই আৰ্তনাদৰ কৰুণ বিননি?
নিৰ্বাচনৰ আগত সকলো বনাই
ৰাস্তা-ঘাট দলং নিৰ্মানৰ পকী কৰণৰ আশ্বাস দি যায়।
আৰু নিৰ্বাচন যোৱাৰ পাছত পাঁচটা আঙুলি সকলোকে বাই বাই।
হেৰৌ ৰজা ঘৰীয়া এবাৰ চকু মেলি চোৱা।
সময় পালে এবাৰ ৰাইজৰ সন্মুখলৈ আহিবা।
তোমালোকৰ জয় গান গোৱা আপোন মানুহবোৰৰ দুখৰ বোজ ল'বা।
সুধিবা এবাৰ মৰমত কেনে আছা তোমালোক,কুশলে আছা নহয়?
নে মৃত্যুৰ দাবানলে কৰিছে হাহাকাৰ
নে মৃত্যুয়ে চলাইছে তাণ্ডব?
সময় পালে এবাৰ আহিবা
আপোন মানুহ বোৰৰ লগত এশাৰী মৰমৰ কথা পাতিবা।
📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ