নিমখ হাৰাম

©Admin
0
বিকিৰ মাক দেউতাকৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত - সি মামাক -মামীয়েক, মাহীয়েক আৰু মৰমৰ ককাক - আইতাকৰ  মৰমত ডাঙৰ হ'ল । ককাক শিক্ষক আছিল আৰু মােমায়েক প্ৰফেচৰ .
নোৱাৰিলেওঁ তাক আসাম ভেলী  স্কুলত পঢ়োৱাইছিল এতিয়া  ভাল চাকৰি কৰে । বাহিৰৰ পৰা আহি মামাকৰ ঘৰখনৰ কথাবােৰ আউট ডেটেট বুলি ক'বলৈ লাগিল ।
ককাকক তিৰস্কাৰ কৰে - মামীয়েক হঁতক ইতিকিং কৰে ।
যি সকলে তাৰ জীৱনত সংগ দিলে আৰু পালিলে, পঢ়ুৱালে সেইবােৰ  পাহৰি গ'ল ।
মামাকৰ ঘৰখনে অন্তৰত বৰ দুখ পালে - তাৰ বাবে কিমান কষ্ট কৰিলে মামাকে । আনকি নিজৰ ল'ৰা -ছোৱালীকে  ওচৰৰ সাধাৰণ বিদ্যালয়ত পঢ়ুৱাইছিল । বিকিৰ বাবে ইমান চেক্ৰিফাইছ কৰিলে ।
তাক ডাঙৰ কৰাৰ পৰিণাম এয়াই নেকি ।
এতিয়া সি অকল টকা আৰু অত্যাধুনিক সা -সৰঞ্জাম, বিলাসী বস্তুৰ আদি ক্ৰয় কৰাত মচগুল হৈ গ'ল আৰু ককাকৰ বুকুত বন্দুক থৈ কৈছিল  গুৱাহাটীৰ পানবজাৰৰ মাটিখিনি মােৰ নামত লিখি দিবানে 
নিদিবা ?

 📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)