তোমাৰ কবিতাতো মোক দুদিনৰ বাবে ধাৰলৈ দিয়াচােন

©Admin
0
হে বন্ধু
তোমাৰ কবিতাটাে
মােৰ ধাৰলৈ দিয়া চােন ।

তোমাৰ কবিতাৰ
ৰস চুহি খাওঁ
ইমান সুস্বাদু কবিতা 
ইমান মিঠা মিঠা কবিতা
তোমাৰ কবিতা পঢ়িলে
মােৰ হিয়ামন জুৰ পৰি যাব
সমস্ত দেহৰ ভাগৰ আঁতৰি যাব ॥

হে বন্ধু
তোমাৰ কবিতাতো মােক
দুদিনৰ বাবে ধাৰলৈ দিয়া চােন ॥
 
হে বন্ধু
ভয় নকৰিবা
তোমাৰ কবিতা
মই তোমাক ঘূৰাই দিম
চিন্তা নকৰিবা ॥

হে বন্ধু
ইমান সুন্দৰ কবিতা
পান কৰিলো
অমৃত সদৃশ লাগিল
কবিতাৰ ৰস চুহি
তোমাক নীলা আখৰবােৰ ঘূৰাই দিম
কথা দিছো
ঘূৰাই দিয়াৰ ॥

তোমাৰ কবিতাতো
মই আজি 
জোনাক সন্ধিয়াত পঢ়িম ।
তোমাৰ কবিতাৰে
সন্ধিয়াৰ বা ল'ম ।

হে কমৰেড,
চিন্তা নকৰিবা
কাইলৈ দুপৰীয়া কলিং বেল টিপি
তোমাক দুৱাৰ মুখতে
তোমাৰ কবিতা মই
ঘূৰাই দিম ।

আজি সন্ধিয়া
তোমাৰ কবিতাৰ সতে
মােৰ প্ৰেম ।
থাককচােন মােৰ ওচৰতে
আজি নিশাতোত
"কবিতাৰ ভাৱতে"
হাত বুলাম
থাকি যোৱা
মই ভাল পোৱা "কবিতা" তুমি ॥

হে বন্ধু,
তুমি চিন্তা নকৰিবা
তোমাক কাইলৈ ঘূৰাই দিম
তোমাৰ কবিতা ॥

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)