হে কবি,
দোভাগ ৰাতিও
শব্দবোৰ বুকুত লৈ
আছানে সাৰে ?
যি শব্দই
কঢ়িয়াব পাৰে
জীৱনৰ মেঁটমৰা
দুখৰ বোজা...
যি শব্দই
সী যাব পাৰে
কবিৰ উৱঁলি
যোৱা বিবৰ্ণ চোলা...
যি শব্দত
অহৰ্নিশে বগাই
ফুৰে জাকপাতি
সুগন্ধি পখিলা ...
হে কবি,
দুটিমান ৰ'দৰ শব্দ
মোকো দিয়া
চুই চাওঁ...
মন -মগজু
আচ্ছন্ন কৰক
ভগ্ন হৃদয়
চেঁচা পৰক...
বিষাদ সামৰি
বুকুৰ মাজত
বৈ থাকক
এজাক সৃষ্টিৰ ধুমুহা...
শব্দৰে গঢ়ি তোলো
প্ৰণয়ৰ মেলা
মোকো কেইটিমান
ৰ'দৰ শব্দ দিয়া...
📝মৰমী মুদৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ