সিহঁতে ঘাঁবোৰ
লিৰিকি ভাল পায় ।
সেইবাবেইতো,
দুখবোৰ টোপোলাত বেচে ।
দুখবোৰ সিহঁতৰ বাবে শতাংশৰ ব্যৱসায়।
কিয় জানো খহি পৰে সিহঁত ,
বানে গৰকা বালি-চাপৰিৰ দৰে?
পাৰ ভাঙি ধল কিয় বৈ আহে লালসাৰ
বাৰে বাৰে মোৰ,পজাৰ অভিমুখে?
আচলতে সিহঁতবোৰে জানে
মই কাহানিও কাকো বিমুখ কৰা নাই--
নিগনিৰ দৰে কুটি নিয়াৰ পৰা••••
অজগৰ হৈ গিলালৈকে।
সিহঁতে এইটোও জানে,
সিহঁতৰ মাজতে,
এই কঢ়া- কঢ়ি খেলখন চলিব নোৱাৰে।
সেইবাবেই, সিহঁতে,
সৰু-বৰ আকাৰৰ অজগৰ হৈ
মুখ মেলি আগবাঢ়ে
মোৰ পজাৰ অভিমুখে-
চিৰ-বিকশিত লালসাৰ
(আৰু, গোপনে বিকাশ ঘটা
বৌদ্ধিক জিঘাংসাৰ)-
তৃষা পুৰাবলৈ।
📝আত্মাৰাম কুমাৰ
সহকাৰী অধ্যাপক
ইংৰাজী বিভাগ
মৰাণ মহাবিদ্যালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ