( যোৱা সংখ্যাৰ পিছৰ পৰা )
ৰজাৰ আমোল যোৱাত আৰু নিমাই সদাগৰৰ আভিজ্যাতৰ পৰিবেশত বিলুপ্ত হোৱা ৰাজাঢোলৰ প্রাধান্য তথা অস্তিত্ব বা স্থায়িত্ব বজাই থাকিল দেৱালয় আৰু গোঁসানী থানত মাটিফুটা দেৱালয়ত দৌল উছবত , তিয়ামাৰী থানত গোঁসানী পূজা আৰু বৰমান্নী পূজাত আৰু মৌজা ভিত্তিত অনুস্থিত ৰাজহুৱা সৱাহ উছব আদিত বৰ্তমানলৈ ৰাজাঢোল অপৰিহাৰ্য হৈ
আছে ৷উক্ত সকলোবোৰ উছব পাৰ্বন কেৱল পাতিৰাভাৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই ৷ সকলো সম্প্রদায়ৰ লোক লগলাগি উছব পাৰ্বনবোৰ পালন কৰে যদিও ৰাজাঢোল বজোৱাত অংশ গ্রহণ কৰি আহিছে ৰাভা সম্প্রদায়ৰ লোকেহে ৷
দৌল যাত্ৰাত গোঁসাই দৌলত তোলোতে নাইবা গোঁসাইক দৌলত পৰিভ্রমন কৰোতে গম্ভীৰ পৰিবেশৰ সৃষ্টি কৰি ৰাজাঢোল বজোৱা হয় ৷ গুৰু গেন গুৰু গেন
খুটু টুং
গুৰু গেন গুৰু গেন
খুটু টুং খুটু টুং আদি
সেইদৰে বৰমান্নী থানতো বৰমান্নী বা মনসা পূজাৰ সময়তো গুৰু গম্ভীৰ তালৰ লহৰ তুলি শক্তি উপাসনাৰ ভক্তি শ্রদ্ধা আৰু গাম্ভীৰ্যৰ পৰিবেশ সৃষ্টি কৰে এই ৰাজাঢোল বাদ্যই
ক্রিম টুক টুক টুক
ক্রিম টুক টুক টুক
ক্রিম ক্রিম ক্রিম টুক টুক টুক
ক্রিম ক্রিম ক্রিম টুক টুক টুক ইত্যাদি
তাহানিৰ ৰাজকীয় মৰ্যাদা পোৱা আৰু থান দেৱালয়ত দেৱবাদ্যৰ স্থান পোৱা ৰাজাঢোল সকলোৰে সন্মানীয় আৰু
আদৰণীয় ৷সৰ্ব্বসাধাৰণে বজোৱা বা স্পৰ্শ কৰা নিষেধ ৷ আইন বিৰোদ্ধ ৷ বজাওতাৰ বাহিৰে আনে স্পৰ্শ কৰিব
নোৱাৰে ৷ভুলবশতঃ শ্পৰ্শ কৰিলেও দণ্ড ভৰিব লাগিব | সেয়েহে পৰ্ব আদি সমাপ্তিৰ পিছত বাদ্যবোৰ কোনোৱে ছুব নোৱাৰোকৈ চাঙৰ ওপৰত তুলি থোৱা হয় |
সমাপ্ত
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ