দক্ষিণ কামৰূপৰ খেল ধেমালি আৰু অৱসৰ বিনোদন-০৩

©Admin
0
  যোৱা সংখ্যাৰ পিছৰ পৰা 
এনেদৰে দক্ষিণ কামৰূপত বহুধৰণৰ খেলধেমালি আছে আৰু সেইমতে প্রত্যেকবিধ খেলৰে সুকিয়া সুকিয়া খেল পদ্ধতি আছে | খেল-ধেমালিবোৰ আনন্দদায়ক আৰু এইবোৰৰ অন্তৰালত কিছুমান মনস্তাত্বিক কথাৰো উমান পোৱা যায় | তদুপৰি খেলত জিকিলে চাম খালো আৰু হাৰিলে মৰা বুলি কয় | 
      সাধাৰণতে এনেবোৰ খেল ধেমালি সৰু সৰু লৰা ছোৱালীৰ মাজত প্রচলিত আছিল | অবশ্যে ডাঙৰ মানুহেও এনেবোৰ খেল ধেমালিত অংশ লৈছিল | একালত এনুৱা খেলবোৰ বৰ জনপ্রিয় আছিল | কালক্রমত এনেবোৰ খেলৰ প্রভাব কমিল
     এনেদৰে আগৰ কালত মানুহৰ মাজত বিভিন্ন খেল ধেমালিৰ অনুশীলন হৈছিল আৰু সেইমতে মানুহে খেলক অৱসৰ বিনোদনৰ আহিলা কৰি জীৱন যাপন কৰিছিল |
       সময় সলনি হ'ল | আগৰ কালৰ প্রায়ভাগ খেল ধেমালিৰে বিলুপ্তি ঘটিল আৰু সেইবোৰৰ ঠাইত আন আন আধুনিক খেল ধেমালিয়ে দখল কৰিলে | আনকি খেল ধেমালিত বিদেশী প্রভাৱ পৰিল | এইক্ষেত্রত ভাৰতবৰ্ষৰ বৃটিছ আমোলৰ প্রভাৱৰ কথা কব পাৰি | ভাৰতবৰ্ষত সুদীৰ্ঘ কালৰ বৃটিছ শাষনৰ ফলস্বৰূপে প্রধানতঃ দেশৰ সকলো দিশতে প্রভাৱ পৰাটো স্বাভাবিক | সেইফালৰ পৰা খেল ধেমালিতো ইংৰাজ সকলৰ প্রভাৱ পৰিল | ফলত বহুতো নতুন নতুন খেলৰ উদ্ভব হ'ল | আনহাতে মানুহৰ ৰুচি অভিৰুচিৰ পৰিবৰ্তন ঘটিল | সেইমতে খেল ধেমালিয়ে গতি কৰিলে |
সাম্প্রতিক কাল বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰে পৰিপূৰ্ণ | এই যুগত খেল ধেমালিৰ আগৰ প্রাকৃতিক পৰিবেশৰ সাল সলনি ঘটিল | আজিকালি খেল ধেমালিৰ বাবে ষ্টেডিয়াম গঢ়ি উঠিল | খেলত বিজ্ঞানৰ নতুন নতুন ক্ৰীড়া কৌশল আবিস্কৃত হ'ল | আনহাতে প্রযুক্তি বিদ্যা খেল ধেমালিৰ আহিলা হ'ল | এনেদৰে সময় আগবাঢ়িল | আগতকৈ খেল আৰু খেলুৱৈৰ মান বৃদ্ধি পাইছে | বিভিন্ন সংগঠন গঢ়ি উঠিছে | দেশে দেশে প্রতিযোগিতা চলিছে | এতিয়া খেল ধেমালি অৱসৰ বিনোদনৰ একমাত্র আহিলা হৈ থকা নাই | খেল ধেমালিয়ে উন্নত স্তৰত গতি কৰিছে | তথাপি এইটো স্বীকাৰ্য যে খেল ধেমালি অৱসৰ বিনেদনৰ বাবে অপৰিহাৰ্য হৈ পৰিছে | পৃথিবীৰ দ্রুত পৰিবৰ্তনৰ ফলত বাৰুকৈয়ে অৱসৰ বিনোদনৰ প্রশ্ন আহি পৰিছে আৰু ক্ষেত্ৰত খেল ধেমালি হৈছে উচ্চমান বিশিষ্ট এক সাংস্কৃতিক মাধ্যম  |
         সমাপ্ত
     
📝হেমেন হাজৰিকা
             মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)