আকাশ

Rinku Rajowar
0
আকাশ তুমি ইমান বিশাল,
ইমান শান্ত,  নীৰৱ, আৰু  সমাহিত 
উদাৰ তোমাৰ বক্ষ ।
কিন্তু---------
তোমাৰ তলতে বাস কৰা
আজিৰ মানৱ সমাজ
ইমানযে সংকীৰ্ণ--
কলুষিত, দানৱীয় ।
কেনেকৈ আনক মাৰো,
বঞ্চিত কৰোঁ, প্ৰলোভিত কৰোঁ,
কেনেকৈ পিছ পেলাওঁ,
চাতুৰীৰে আগবাঢ়ি যাওঁ,
সকলো নিজৰ কৰোঁ--
নিতে তাৰেই চিন্তাত নিমগ্ন ।
তোমাৰ শূন্যতাই আনি দিয়ে মনলৈ
এক গভীৰ  প্ৰশান্তি--
মৃত্যুৰ পিছতো হয়তো অনুভূত হয়
ঠিক একেই এক চিৰ শান্তি ।
তুমি আঁকোৱালি লোৱা সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড,
কোটি কোটি গ্ৰহ, উপগ্ৰহ আৰু নক্ষত্ৰ ।
তুমি তোমাতেই আৰম্ভ 
আৰু তোমাতেই শেষ
নাই তোমাৰ কোনো পৰিসীমা 
আৰু ভৌগোলিক মানচিত্ৰ ।
চীন দেশৰ পৰা যিখন আকাশ
মোৰ দেশৰ পৰাও সেইখনেই
আমেৰিকা নাইবা জাপানেও পায়
তোমাৰ সেই একেই পৰিবেশ ।
তুমিতো সমান সকলোৰে বাবে
কিন্তু আমিবোৰে কিয় কাজিয়া কৰোঁ
অৰিয়া অৰি কৰোঁ
যুদ্ধ কৰি মৰো অসময় মৃত্যু ??
মই কি ভাবোঁ জানা আকাশ--
তুমিয়েই যেন সেই অমোঘ শক্তি
যি দিব পাৰে আমাৰ অশান্ত, অস্থিৰ মনবোৰক
আত্ম জ্ঞান আৰু প্ৰশান্তি
যদিহে আমি বুজি উঠোঁ তোমাক,
অনুভৱ কৰোঁ তোমাৰ বিশালতাক
আৰু দিওঁ তোমালৈ প্ৰতিদিনেই
এপলক হলেও দৃষ্টি ।।

🖊️ডঃ কুঞ্জলতা গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)