ৰহস্য সাহিত্যিক লীলাকান্ত হাজৰিকালৈ "মঙ্গলময় সাহিত্য বঁটা ২০২০" প্ৰদান
July 08, 2020
0
আজি ৭ জুলাইৰ বিয়লি, লখিমপুৰ পহুমৰা মাজ গাওঁ নিবাসী সত্তৰোৰ্ধ সাহিত্যিক শ্ৰীযুত লীলাকান্ত হাজৰিকাক "মঙ্গলময় সাহিত্য বঁটা,২০২০" তেখেতৰ বাসভৱনত মঙ্গলময় পত্ৰিকাৰ সদস্য বৃন্দ উপস্থিত হৈ প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত সহযোগ কৰে মঙ্গলময় পত্ৰিকাৰ হৈ জীতেন বৰুৱা, পঙ্কজ সভাপণ্ডিত, ডা: সৌৰভ বৰুৱা, দীপক বৰদলৈ আৰু প্ৰশান্ত বৰাই। উল্লেখযোগ্য যে শ্ৰীযুত লীলাকান্ত হাজৰিকা উত্তৰ লখিমপুৰৰ ৰহস্যধৰ্মী সাহিত্যৰ এজন বাটকটীয়া। অসমৰ ৰহস্য সাহিত্যৰ পথাৰখনত তেখেতৰ অৱদান অনস্বীকাৰ্য । এসময়ত তেখেতৰ সৃষ্টিৰাজি "বিস্ময়" আলোচনীত প্ৰকাশ পাইছিল । আজিৰ বঁটা প্ৰদান অনুষ্ঠানত এখনি ফুলাম গামোচা, চেলেং চাদৰ, কিতাপৰ টোপোলা আৰু এখনি মানপত্ৰৰে সন্মান যচা হয় ।তেখেতে আজিৰ অনুষ্ঠানত মঙ্গময়পত্ৰিকা সপ্তম বৰ্ষৰ দ্বিতীয় সংখ্যাটি উন্মোচন কৰি কৃতাৰ্থ কৰে ।
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ