সদ্যোজাত তোমাৰ
হেঙুন লগা শব্দবোৰ ঘেৰ্ঘেৰি বাচত উঠি
সিহঁত এতিয়া মৈথুনাগাৰত ।
মণি-মুকুতা বিচাৰি
সমুদ্ৰত ডুব মাৰিবলৈ
তোমাৰ আজি স্মৃতি হেৰাল !
নে পিঠিত অম্লজানৰ অভাৱ ?
শব্দবোৰ কুণ্ডত কাটিবলৈ
তোমাৰ ধাৰাল অস্ত্ৰ
আজি বদুৱা ?
নে তুমি একাংগী ৰোগত আক্ৰান্ত !
হে মহান কবি !
সমস্ত ঘৃণা আৰু অহংকাৰ আঁতৰাই থোৱা
মনৰ সিপাৰে আৰু হদয়ৰ
নীলিম সাগৰত সাঁতুৰি
দ্ৰষ্টা আৰু প্ৰবুদ্ধ হোৱা ।
অন্যথা পাঠকৰ সোঁৱৰণিত
তুমি নিৰুদ্দেশ হৈ পৰিবা ।
📝সৌৰভ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ